বিষ্ণুপ্ৰসাদ ৰাভা
ৰাভা সৌৱা সুবিধাবাদীৰ সমদল।সুবিধাবাদৰ ৰমৰমীয়া বজাৰত আমি কোনোজন ক্ৰেতা,কোনোবাজন আকৌ বিক্ৰেতা।প্ৰতক্ষ্য অথবা পৰোক্ষ্যভাৱে আমি সকলোৱেই এই বজাৰৰ লগত জড়িত।ৰাজপথত কৃষকৰ বিদ্ৰোহ।চিপ্জৰীত কৃষকৰ লানি।ক'তো একো হেৰফেৰ্ হোৱা নাই!কেৱল টি.আৰ্.পি. বাঢ়িছে।মাছৰ তেলেৰে মাছ ভাজি সৰ্বহাৰা জনগনৰ মুকুতিৰ কথা কৈ নিজৰ পকেট গৰম হ'লেই পাভলূটি মৰা একাংশ সমাজসেৱীয়ে আমাক চৰম নিৰাশাবাদত ভোগায়।বিপ্লৱ অথবা নিঃস্বজনলৈ সহায়ৰ হাত এখন আগবঢ়াই দিয়াৰ নেপথ্যত লুকাই থাকে পাব্লিচিটি ষ্টান্ট,ফেচবুকৰ লাইক,কমেন্ট,শ্বেয়াৰ ইত্যাদি ইত্যাদি অলেখ অজানা কথা।টি.আৰ্.পি অহিবনে কিবা ঘটিব পাৰেনে আজিৰ ৰেচমী সমাজত?দৰিদ্ৰ শ্ৰেণীৰ মুকুতিৰ বাট নাই! "দিন হলেও শ্ৰমিক মৰে ৰাতি হলেও শ্ৰমিক মৰে মহামাৰী হৈছেঃশ্ৰমিকৰ কামি হাড়ত কাঠফুলা গজিছে আকাল লাগিছেঃশ্ৰমিকৰ চাল টানি ভোক গুচাইছে ৰাস্তাৰ কুকুৰে।" ...