নিবন্ধ
লুইত কোঁৱৰৰ গীতেৰে জেতুকী বাই, নাঙঠ শিশুহঁত আৰু কিছু চহা চৰিত্ৰ ***************************************** অসমীয়া চহা সমাজখন ইয়াৰ মানুহবোৰৰ অকৃত্ৰিম মৰম আৰু আন্তৰিকতাই অইন সমাজব্যৱস্থাৰ পৃথক কৰি তুলিছে। যি সহৃদয় স্নেহেৰে অসমীয়া মানুহে মানুহক মানুহ বুলি আকোঁৱালি ল'ব জানে বেলেগ সমাজবোৰত এই পৰম্পৰা যেন প্ৰায় বিৰল। মুক্ত অৰ্থনীতি আৰু ক্ৰংকীটৰ এই গোলকীয় সময়ত যদিওবা মানুহে মানুহৰ ওপৰত আস্থা হেৰুৱাইছে তথাপি আমাৰ গাঁৱে-ভূঞে, অলিয়ে-গলিয়ে এনে কিছুমান চৰিত্ৰ থাকে যিয়ে কঢ়িয়াই লৈ ফুৰে অফুৰন্ত স্নেহ আৰু মমতাৰ এটি স্বাৰ্থহীন টোপোলা। সম্বন্ধত একো নহলেও যি চৰিত্ৰই সেই ৰ'হাৰ ৰহদৈ, টিপামৰ ভাদৈ আৰু শ'লগুৰিৰ আঘোনী বাইৰ দৰে বেলেগৰ দুখত চকুলো সৰাই কান্দিব পাৰে, বেলেগৰ সুখত হাঁহিব পাৰে প্ৰাণ খুলি।ব্যস্ততাৰ নিগনি দৌৰ আৰু উদ্যোগীকৰণে গ্ৰাস কৰি অনা বিশ্বায়নৰ এই ধাম-খুমীয়াত এনে চহা চৰিত্ৰবোৰ আজি বহুতৰ বাবে অচিনাকী আৰু থকাবোৰো যেন ক'ৰবাত অনাদৃত আৰু এলাগী। অথচ মানুহবোৰ মানুহ হৈ থকাত, সমাজখন সমাজ হৈ থকাত, মৰমবোৰ অকৃত্ৰিম আৰু নিঁভাজ হৈ থকাত এই মানুহবোৰ তথা এই চৰিত্ৰবোৰৰ থাকে ভীষণ অৰিহণা। এই চৰিত্ৰবোৰ...