প্লাষ্টিক প্ৰদূষণ
প্ৰবন্ধৰ শীৰ্ষক " প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু জনসাধাৰণৰ ভূমিকা " লেখকৰ তথ্যঃ জ্ঞানদীপ শইকীয়া মেৰাগড় গাঁও , মাজুলী ডাকঃ বনগাঁও , ৭৮৫১১০ , অসম ফোন নংঃ৭০৮৬৭৪৮৬৩৬ ই-মেইলঃsgyandeep01@gmail.com প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু জনসাধাৰণৰ ভূমিকা এটা ডাঙৰ পলিথিনত সোমাই পৰি দিশহাৰা হোৱা এইখন অসমৰে বগলী চৰাই এটিৰ ফটো এখন অলপতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ইয়াৰো কিছুদিন আগতে প্লাষ্টিকৰ সমগ্ৰীৰে বৈদ্যুতিক খুটা এটাৰ ওপৰত বাঁহ সাজি বংশ ৰক্ষাৰ আপ্ৰাণ চেষ্টা চলোৱা বুলবুলিহালৰ ছবিখনো আমি সকলোৱেই দেখিছিলো। এতিয়া প্ৰশ্ন হয়, এইখন জানো প্লাষ্টিকৰ পৃথিৱী? বগাকৈ বগলীৰ জাকটোৱে জানো কাহানিবা পলিথিনৰ মোনাত উমলি দিন কটাবলগীয়া হৈছিল! আলফুলীয়া বুলবুলিবোৰে কনমানি ঠোঁটতোত প্লাষ্টিক কঢ়িয়াই নিওতে দুখ পোৱা নাছিলনে? চৰাইবোৰক বাহ সাজিবলৈ প্ৰকৃতিয়ে গছ-লতিকা প্ৰদান কৰিছে আৰু আমি সিঁহতলৈ এৰি দিছো প্লাষ্টিকৰ পৰ্বতসম আৱৰ্জনা । অবোধ জীৱবোৰে প্লাষ্টিক আৰু প্ৰাকৃতিক বস্তুৰ তফাৎ ...