Posts

Showing posts from September, 2023

কবিতা

 মাজুলী দেশৰ মালিতা ____________________ ✍️জ্ঞানদীপ শইকীয়া জলাশয়ত শৰতৰ ৰাগি লাগি এই বৰষাৰ শেহৰ পাঁহ ভেঁটফুল মৰহিছে শেলুক এটাই তাৰ তিতা বুকুত ভৰাই লৈছে এই বাৰিষাৰ সমস্ত হিচাপ আটাইবোৰ চিঞৰ ভোক জ্বৰত গোটমৰা লেলাউটিৰ খমলা গাত সানি লৈ নিতালে শুইছে জীৱাষ্ম হৈ যোৱা বহুতো পকা আঘোণৰ খৰালি খৰালি ৰং... হালধীয়া ফুলিব বৃন্দাবন হব জলাশয়ৰ পাৰ  সৰহকৈ গোট খাব সুখৰ দিনৰ অতিথি গৃহস্থই পিন্ধিব হাঁহিৰ ৰেচম গৃহস্থই নুবুজিব ৰঙৰো যে কিমান ভাগ অতিথি গুছি যাব নিজানত ডুবিব জলাশয়ৰ পাৰ মাৰলঘৰত গধুৰ হয় ক্ৰমশ: দুখৰ এজাক জলবতাহ (গৃহস্থৰ হৃদয়ত জুইৰঙী যন্ত্ৰণাৰ শিলালিপি) অহা বাৰিষালৈ মাজত কেইটানো দিন! এইয়া ফাগুণৰ প্ৰথমজাক মূষলধাৰ বৰষুণ অই:নিতমৰ সুৰেদি বগুৱা বাই গুছি যায় এইবছৰৰ গোটেইবোৰ হালধীয়া... "..কাজলীজনীকে বেচিম ঢাপৰ আজাৰডালকে ফলাই নাওঁখন ভালকৈ বন্ধাম এইবেলি.. " জীয়াই থকাৰ আৱেগত ডুব যায় এই সংগ্ৰাম আস্ ইমান তৃপ্তি! যেন শুকনিমুখৰ ভদীয়া বান তথাপি মানৱতাৰ সেন্দুৰীয়া বাটত নিৰাপদে উশাহ লয় সেই দেশৰ সেউজীয়াই..... প্ৰতিনিয়ত সহোদৰ সুৰত ডিঙা মেলে সুখ-বিচৰা নাৱৰীয়াই....

সাধু

 কুলি চৰাইৰ বাঁহ (কথিত সাধুৰ আলমত) _____________________ (✍️জ্ঞানদীপ শইকীয়া) ৰজা ৰামে বনবাসৰ পৰা আহি অযোধ্যাক সবাতোকৈ শান্তিময় ঠাই হিচাপে গঢ় দিবলৈ বিচাৰিছিল।এই ক্ষেত্ৰত ৰজা হিচাপে ৰামক সকলোৱে প্ৰসংশাৰে ওপচাই পেলাইছিল।কিয়নো ৰামৰ ৰাজ্যত সকলোফালে শান্তিময় পৰিৱেশে বিৰাজ কৰিছিল।উৰণ,বুৰণ,গজন,ভ্ৰমন- এই চাৰিমুঠি জীৱই পৰম সন্তোষেৰে জীৱন কটাইছিল।  যদিওবা সকলোৱে কোনোধৰণৰ অপায়-অমংগল আৰু অসুবিধা নোহোৱাকৈ বাস কৰিছিল,উৰনৰ অন্তৰ্গত সকলো জীৱৰে অৰ্থাৎ চৰাই চিৰিকতিবোৰৰ কোনো কোনো সময়ত বেছ আহুকালে দেখা দিছিল।বিশেষকৈ কণী পাৰি পোৱালি জগাবৰ সময়ত।বতাহ-বৰষুণ নাহিলে কোনো কথা নাই।কিন্তু বতাহ-বৰষুণ আহিলে চৰাইৰ পোৱালি,কণীবোৰ আলৈ-আথানি হয়। বনবাসৰ পৰা অহা প্ৰথম দুবছৰ বৰ বিশেষ দুৰ্যোগ নাছিল,সেয়ে চৰাইসমাজেও সুখে-শান্তিৰে দিন অতিবাহিত কৰিব পাৰিছিল।কিন্তু ৰজা বনবাসৰ পৰা ঘূৰি অহা তিনিবছৰৰ পাছতে অযোধ্যাত ঘনে ঘনে ধুমুহা-বৰষুণ আহিবলৈ ল'লে।আন জীৱবোৰৰ বিশেষ অসুবিধা হোৱা নাছিল যদিও পক্ষীকূলৰ বাবে জীয়াই থকাই মষ্কিল হৈ পৰিল।প্ৰতিখন হাবি,প্ৰতিজোপা গছৰ তলত কেৱল পোৱালি চৰাইৰ মৃতদেহ,ভগা-কণীৰ অৱশিষ্টহে পোৱা গৈছিল।বহুতো বৃদ্ধ ...

কবিতা

 নৈ-পাৰৰ বাতৰিৰ সৈতে... _____________________ ✍️ জ্ঞানদীপ শইকীয়া। প্ৰাকৃতিক: পানী ঢাকি খহি পৰা এজাক হিজল ফুলে  থিয়-দঙা দি ক'লে,"এই মাটিত শুই আছে পকা-আঘোনৰ খৰালি খৰালি ৰং"। ফেণ্টাচী: পোৰা মাছৰ গোন্ধ এটা কাৰ চাঙঘৰেদি সৰকি আহিছে? গেলা পানী খাই কাৰ চাঙঘৰত এতিয়াও জী আছে আবাল-বৃদ্ধ-বনিতা (চোতাললৈ নৈ এখন গুছি অহাত শিশুহঁতৰ স্ফূৰ্তি) মৰ্মান্তিক: শুকাই থকা গাঁৱৰ আলিত হঠাতে অহা পানীৰ ঢল! পানীৰ ঢলে উটুৱাই নিয়া খাটি-খোৱা মানুহৰ জীৱনৰ ৰং উটি যায় গুটিধানৰ ভঁৰালটো হালৰ বলধহাল  নহলেবা আধি পুহিম বুলি অনা ছাগলী দুজনী! সাক্ষাৎকাৰ: নিৰ্বাচনৰ এঢোপ সূতাৰে কেইযুঁটি তাঁত লগাব পাৰি? বুকুৰ মেথনি ফিচিকি যোৱা মহিলা গৰাকীয়ে ক'লে, "নাজানো ঈশ্বৰ, ৰিলিফৰ চাউল খাই কাণ উনাই শুনিবহে পাৰি এইখিনিতে মোৰ এবাঁহ পলুৱে খৰ্‌মৰাই খাইছিল ঢাপৰ এৰাপাত" শেষত: অন কেমেৰা মৃত্যূ ঘটিল এজনী অনাখৰী শিপীনিৰ অৱশেষত: পোৰা মাছেৰ ভাত খাই ফুট-গধূলিতে এখন গাওঁ টোপনি যাব। কেৰাচিনৰ চাকিটো জ্বলাই কোনোবাই আখৰ জুপিব। অতবোৰ কথাই যে অতপৰে ব্ৰেকিং নিউজত ওলাই টি.আৰ.পি বঢ়াইছে,ফুট গধুলিতে শুই-পৰা গাওঁখনে জানো ভূ-ভতং পাব!!
 আধ্যাত্মিকতানে অনাময়?? _______________________ "নিমাটি" অসম মানচিত্ৰৰ এক গুৰুত্বপূৰ্ণ ঠাই বুলিয়ে ক'ব লাগিব।নিমাটি হৈছে মাজুলী-যোৰহাট সংযোগস্থল আৰু ব্ৰহ্মপুত্ৰৰ এটা প্ৰধান ফেৰীঘাট।যাতায়তৰ লগতে পৰ্যটনক্ষেত্ৰ হিচাপেও দৈনিক হাজাৰ হাজাৰ মানুহ নিমাটিলৈ আহে।কিন্তু নিমাটিক এখন সফল পৰ্য্যটনক্ষেত্ৰ আৰু অত্যাধুনিক ফেৰীঘাট হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰ-প্ৰশাসনৰ আজিকোপতি গা নলৰিল।এইয়া অৱশ্যে অসম-মুলুকত ভাতৰ লগত পানী খোৱাৰ দৰে কথা,হৈয়ে থাকে।    স্বচ্ছ-ভাৰত অভিযানৰ কাৰ্য-পন্থাই অনাময় ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।কিন্তু  নিমাটিৰ দৰে দৈনিক হাজাৰ হাজাৰ মানুহৰ সমাগম হোৱা এখন অতি-ব্যস্ত ঠাইত সামান্যতম অনাময় ব্যৱস্থাৰ অভাৱ ।আনহাতে সেই ঠাইতে এটা মন্দিৰ স্থাপন কৰি পুৱা-গধুলি ভগৱানৰ বন্দনা চলাই থকা হৈছে। মানুহ হিচাপে লাজ পাবলগীয়া এটা ব্যক্তিগত অভিজ্ঞতাৰ কথা ক'ব খুজিছো।যোৱা ছেপ্তেম্বৰ মাহত আমি আঠ ঘণ্টাৰ নৈশ-যাত্ৰা কৰি পুৱাই নিমাটি-ঘাট পাইছিলোহি মাজুলীলৈ ৰাওনা হ'বৰ বাবে।পুৱাৰ প্ৰথমখন ফেৰীৰ বাবে কমেও ৭০/৮০  জন মানুহ গোট খাইছে।নিশা বহুসময় ধৰি যাত্ৰা কৰি অহাৰ পাছত স্বাভাৱিকতেই যা...
কেণাটো ক'ত? _______________ ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈকে নিৰ্বাচনী ভাষণৰ বিষয়বস্তুবোৰে অমৰত্ব লাভ কৰিলে যেনহে বোধ হয়।কোনে কি কথাৰে,কি মিছা আশ্বাসেৰে ভাষণ মাতিব ৰাইজে গমেই পায়।কেইটিমান সমস্যাক সমস্যা কৰি নাৰাখিলে অল্পমতি ৰাজনীতিবিদসকলৰ পক্ষে নিৰ্বাচনী বৈতৰণী পাৰ কৰাটো দুৰূঢ়।যিদৰে কলেজৰ পানীযোগান,ইন্‌ড'ৰ ষ্টেডিয়াম,ছাত্ৰ জিৰণী কোঠা- ,ছাত্ৰী জিৰণী কোঠা ইত্যাদি বিষয়বোৰ ছাত্ৰ-ৰাজনীতিৰ ক্ষেত্ৰত,প্ৰায়বোৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-একতা সভা নিৰ্বাচনৰ বিষয়বস্তু হিচাপে অনাদি কালৰে পৰা চলি আহিছে কিন্তু কাৰ্যতঃ হৈ নুঠে।ফলত পৰৱৰ্তী একতাসভাইয়ো একেখিনি কথাই ক'বলগীয়া হয়।     হিন্দু-মুছলিমৰ ৰাজনীতিও একেই কথা।চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ কৰি সম্প্ৰতি সৰ্বত্বে চৰ্চিত হিন্দুত্ববাদৰ গেৰুৱাৰঙলৈকে অতিধৰ্মকেন্দ্ৰিক আৱাহাৱাত সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে।আকৌ আহিল 'মিঞা'সকলৰ বিতৰ্ক।নৃ-তাত্ত্বিক,ধৰ্মীয় আৰু ৰাজনীতিৰ দৃষ্টিকোণ বাদ দি মিঞাসকললৈ লক্ষ্য কৰিলে দেখা যায় যে মিঞাসকল হৈছে অতিশয় পিছপৰা, সভ্যতাৰ লেশমানো পোহৰ নপৰা এটা মানুহৰ গোট।মিঞা বুলিলেই মনলৈ আহে শাৰী-লুঙী পিন্ধি পূতি-গন্ধময় পৰিৱেশত বাস ...

কবিতা

 সাম্প্ৰতিক __________ ✍️জ্ঞানদীপ শইকীয়া হাউলি পৰা আমাৰ গাঁৱৰ আধাভগা পঢ়াশালিখন চিকিৎসা নাপায় আধামৰা হোজা মানুহবোৰ শাওনতো পানী আঘোনতো পানী চন পৰি ৰোৱা পথাৰ কোনেও নেদেখা হ'ল মামৰে ধৰা চিংফৌ নাঙলৰ ফাল ক'লা টকাৰে পেট গেৰেলা হোৱা পঞ্চায়তৰ নেতাবোৰ এজাক বৰষুণতে খহি পৰা কোটি টকীয়া মথাউৰিৰ বালি আধাসঁজা চৰকাৰী শৌচালয় সোনৰ আঙুঠি পিন্ধি গাড়ীত ঘুৰা সমাজসেৱী এৰাতিতে ওখ হয় সিঁহতৰ অসহিষ্ণু খক্‌ কোনে দেখুৱাব টি.আৰ.পি.হীন ভোটাৰহঁতৰ দুৰ্গতি কোনে চাবগৈ হিতাধিকাৰীৰ বেথা মাছ ভাত খায় চিকুন হোৱা জনা-বুজাবোৰে নজনাৰ আফুগুটি খুৱাই জীৱনটোকে গলগ্ৰহ বুলি পতিয়ন নিওৱা মানুহবোৰক কোনে আনিব তুলি শেলুৱৈ গজা ডিগ্ৰীবোৰ কোন ৰাজ্যত নিলাম কৰিলে ভাল হ'ব বাৰু সুদূৰত জনকল্যাণৰ আঁচনি ফেচবুকত ৰজাবোৰৰ সাহিত্যধৰ্মী উন্নয়নৰ খতিয়ান আৰ্চেনিকৰ চেকা লগা চাদৰেই পাৰ হয় স্বাধীনতাৰ সাতটাকৈ দশক কেঁকোৰা নাঙল আৰু অধিকাৰ নুবুজা ৰোৱনী-দাৱনীকিজনীক সংস্কৃতি বুলি কোনে ক'ত লিখি থাকে গৱেষণা পত্ৰ, ৰচনাৰ পুথি পানীৰ দৰত আলুগুটি গৰুৰ দানাত ভোগৰ দিনৰ বন্ধাকবি বিলাহী গান্ধীৰ দিনৰে গান্ধীপোকবোৰ দেখোন খেদিবকে নোৱাৰি কৃষি বিশ্ববিদ্যালয়ত লাখ টকা...

কবিতা

 *নৈ-পাৰৰ দেওলগা সাধু* কাৰ মুখলৈ চাই  এৰি যাওঁ এই বিষন্ন উপত্যকা বাঢ়ি অহা নদীৰ শিতানত গহৰা গজে এটি শোকাকুল ৰাতি শেষৰটো এঙেৰুৱা পমি নুমাই যায় চ'ৰাঘৰৰ টিপচাকি ককালেদি উজাই আহি বাত বিষে জীৱন ভেঁটি ধৰে তাহানিৰ শালিতলীত পানীজোলা উঠে আই অ', নাই বোলোতেই নোহোৱা হ'ল ভোগৰ দিন  ওহাৰ শুকাই জৰাজীৰ্ণ গোহালীৰ লখিমী দুঃস্বপ্ন আৰু অনিদ্ৰা কোতৰত দুচকু দিনক ৰাতি কৰি সেই একেই অমংগলৰ স্বীকাৰোক্তি লহ্‌পহাই বগাই যোৱা পানী কোমোৰাজোপা শৱদেহ হৈ পৰি থাকে গোটেই চালিখন জুৰি নদীখনৰ ওভত গোৰ নাচত তেনেই উৱলি যায় চোতাল-পদূলি কেচুমতা উকতি উকতি ৰাজহাড়ত বিষে ধৰে সূতা কটা শিপিনীৰ সেপ ঢুকি টেটু শুকায় জলকা লাগে   নামঘৰৰ পাঠেকনী লাগনী গছৰ শিপা গেলে জাজীত লাগি জহে-খহে ৰংমনৰ কজলা গৰু বোপাইৰ পানীয়ে খোৱা ভৰিৰ তলুৱাত  আত্মজাহ এটোম আমপাখি ধানৰ শাহ আৰু এজাক আধাফুটা সেউজীয়া। ✍️জ্ঞানদীপ শইকীয়া।

প্লাষ্টিক প্ৰদূষণ

  প্ৰবন্ধৰ শীৰ্ষক " প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু জনসাধাৰণৰ ভূমিকা " প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু জনসাধাৰণৰ ভূমিকা               এটা ডাঙৰ পলিথিনত সোমাই পৰি দিশহাৰা হোৱা এইখন অসমৰে বগলী চৰাই এটিৰ ফটো এখন অলপতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ইয়াৰো কিছুদিন আগতে প্লাষ্টিকৰ সমগ্ৰীৰে বৈদ্যুতিক খুটা এটাৰ ওপৰত বাঁহ সাজি বংশ ৰক্ষাৰ আপ্ৰাণ চেষ্টা চলোৱা বুলবুলিহালৰ ছবিখনো আমি সকলোৱেই দেখিছিলো। এতিয়া প্ৰশ্ন হয়, এইখন জানো প্লাষ্টিকৰ পৃথিৱী? বগাকৈ বগলীৰ জাকটোৱে জানো কাহানিবা পলিথিনৰ মোনাত উমলি দিন কটাবলগীয়া হৈছিল! আলফুলীয়া বুলবুলিবোৰে কনমানি ঠোঁটতোত প্লাষ্টিক কঢ়িয়াই নিওতে দুখ পোৱা নাছিলনে? চৰাইবোৰক বাহ সাজিবলৈ  প্ৰকৃতিয়ে গছ-লতিকা প্ৰদান কৰিছে আৰু আমি  সিঁহতলৈ এৰি দিছো প্লাষ্টিকৰ পৰ্বতসম আৱৰ্জনা । অবোধ জীৱবোৰে প্লাষ্টিক আৰু প্ৰাকৃতিক বস্তুৰ তফাৎ ধৰিব নোৱাৰি আও মৰণে মৰিবলগীয়া হৈছে । এয়া মাথো এটি-দুটি উদাহৰণহে! প্লাষ্টিকে গো-গ্ৰাসে গিলি অনা এই উষ্ণ পৃথিৱীখনত যে জীৱকুলৰ দ...