কবিতা
মাজুলী দেশৰ মালিতা
____________________
✍️জ্ঞানদীপ শইকীয়া
জলাশয়ত শৰতৰ ৰাগি লাগি এই বৰষাৰ শেহৰ পাঁহ ভেঁটফুল মৰহিছে
শেলুক এটাই তাৰ তিতা বুকুত ভৰাই লৈছে
এই বাৰিষাৰ সমস্ত হিচাপ
আটাইবোৰ চিঞৰ
ভোক জ্বৰত গোটমৰা লেলাউটিৰ খমলা
গাত সানি লৈ নিতালে শুইছে
জীৱাষ্ম হৈ যোৱা বহুতো পকা আঘোণৰ খৰালি খৰালি ৰং...
হালধীয়া ফুলিব
বৃন্দাবন হব জলাশয়ৰ পাৰ
সৰহকৈ গোট খাব সুখৰ দিনৰ অতিথি
গৃহস্থই পিন্ধিব হাঁহিৰ ৰেচম
গৃহস্থই নুবুজিব ৰঙৰো যে কিমান ভাগ
অতিথি গুছি যাব
নিজানত ডুবিব জলাশয়ৰ পাৰ
মাৰলঘৰত গধুৰ হয় ক্ৰমশ: দুখৰ এজাক জলবতাহ
(গৃহস্থৰ হৃদয়ত জুইৰঙী যন্ত্ৰণাৰ শিলালিপি)
অহা বাৰিষালৈ মাজত কেইটানো দিন!
এইয়া ফাগুণৰ প্ৰথমজাক মূষলধাৰ বৰষুণ
অই:নিতমৰ সুৰেদি বগুৱা বাই গুছি যায় এইবছৰৰ গোটেইবোৰ হালধীয়া...
"..কাজলীজনীকে বেচিম
ঢাপৰ আজাৰডালকে ফলাই নাওঁখন ভালকৈ বন্ধাম এইবেলি.. "
জীয়াই থকাৰ আৱেগত ডুব যায় এই সংগ্ৰাম
আস্ ইমান তৃপ্তি!
যেন শুকনিমুখৰ ভদীয়া বান
তথাপি
মানৱতাৰ সেন্দুৰীয়া বাটত নিৰাপদে উশাহ লয় সেই দেশৰ সেউজীয়াই.....
প্ৰতিনিয়ত
সহোদৰ সুৰত ডিঙা মেলে সুখ-বিচৰা নাৱৰীয়াই....
Comments
Post a Comment