নিবন্ধ
লুইত কোঁৱৰৰ গীতেৰে জেতুকী বাই, নাঙঠ শিশুহঁত আৰু কিছু চহা চৰিত্ৰ
*****************************************
অসমীয়া চহা সমাজখন ইয়াৰ মানুহবোৰৰ অকৃত্ৰিম মৰম আৰু আন্তৰিকতাই অইন সমাজব্যৱস্থাৰ পৃথক কৰি তুলিছে। যি সহৃদয় স্নেহেৰে অসমীয়া মানুহে মানুহক মানুহ বুলি আকোঁৱালি ল'ব জানে বেলেগ সমাজবোৰত এই পৰম্পৰা যেন প্ৰায় বিৰল। মুক্ত অৰ্থনীতি আৰু ক্ৰংকীটৰ এই গোলকীয় সময়ত যদিওবা মানুহে মানুহৰ ওপৰত আস্থা হেৰুৱাইছে তথাপি আমাৰ গাঁৱে-ভূঞে, অলিয়ে-গলিয়ে এনে কিছুমান চৰিত্ৰ থাকে যিয়ে কঢ়িয়াই লৈ ফুৰে অফুৰন্ত স্নেহ আৰু মমতাৰ এটি স্বাৰ্থহীন টোপোলা। সম্বন্ধত একো নহলেও যি চৰিত্ৰই সেই ৰ'হাৰ ৰহদৈ, টিপামৰ ভাদৈ আৰু শ'লগুৰিৰ আঘোনী বাইৰ দৰে বেলেগৰ দুখত চকুলো সৰাই কান্দিব পাৰে, বেলেগৰ সুখত হাঁহিব পাৰে প্ৰাণ খুলি।ব্যস্ততাৰ নিগনি দৌৰ আৰু উদ্যোগীকৰণে গ্ৰাস কৰি অনা বিশ্বায়নৰ এই ধাম-খুমীয়াত এনে চহা চৰিত্ৰবোৰ আজি বহুতৰ বাবে অচিনাকী আৰু থকাবোৰো যেন ক'ৰবাত অনাদৃত আৰু এলাগী। অথচ মানুহবোৰ মানুহ হৈ থকাত, সমাজখন সমাজ হৈ থকাত, মৰমবোৰ অকৃত্ৰিম আৰু নিঁভাজ হৈ থকাত এই মানুহবোৰ তথা এই চৰিত্ৰবোৰৰ থাকে ভীষণ অৰিহণা। এই চৰিত্ৰবোৰৰ ছাঁয়াতেই জীপাল হৈ থাকে আন্তৰতম্ হেঁপাহবোৰ। এনে এটি চৰিত্ৰ হৈছে "জেতুকী বাই"। এৰা, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাদেৱৰ আৱিস্কাৰ নহলেবা সৃষ্টি সেই জেতুকী বাই। পৰৰ ঘৰে-ঘৰে নাম-গুণ গাই গাই চুলি পকোৱা, দাঁত সৰোৱা সৰবৰহী জেতুকী বাই। জেতুকী বাইক আমি সাধাৰণীকৰণ কৰিব পাৰো। অকমনমান চকু ফুৰালেই সকলোতে আমি এই চৰিত্ৰবোৰৰ উমান ল'ব পাৰো। হে' সহৃদয় পাঠকবৃন্দ, আপোনাৰো জীৱনত এনে এটি চৰিত্ৰৰ নিৰ্ভেজাল মৰমৰ আঁচোৰ আছে নিশ্চয় আৰু আছে আপুনি আগুৱাই অহাৰ আঁৰত জেতুকী বাই এজনীৰ এটা আন্তৰিক ঠেলা, আপোনাৰ কুশল কামনাৰে নেদেখাজনলৈ জেতুকী বাইজনীৰ এটি নিৰ্মোহ আৰু অকৃত্ৰিম প্ৰাৰ্থনা। সেই জেতুকী বাইজনীক প্ৰথিতযশা গীতিকাৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাদেৱে অংকন কৰিছে এনেদৰে-
"হয়েৰা জেতুকী বাই
চুলি তোৰ পকালি
দাঁতবোৰ সৰালি
পৰৰ ঘৰে ঘৰে নাম-গুণ গাই"
নিজৰ বাহিৰে জেতুকী বাইজনীৰ হেৰুৱাবলৈ একো নাথাকে। বাইৰ আকালো নাই, ভঁৰালো নাই। সীমাহীন প্ৰত্যয় আৰু উমাল এক আবেষ্টনীৰ মাজেৰে জেতুকী বাই জী থাকে। যেন বাহিৰে কলপতীয়া আৰু ভিতৰি গাঢ় ৰঙা লগতে পৰাণ জুৰুৱা ফুৰ্ফুৰীয়া এটি গোন্ধ।জেতুকী বাইৰ উপস্থিতিক বহুতেই স্বীকৃতি দিব নোখোজে বা দিয়াৰ প্ৰয়োজনবোধো নকৰে। এচুকত যেন পৰি ৰয় জেতুকী বাইৰ সকলো উজ্জ্বল অভিপ্সা।
"(বোলো) সাজিছ কাচিছ হয়
চাবি আক’ বাইটি তই
চহকীৰ বিয়ালৈ ছাল-ছিগা নামতীক
মতাৰ যে ঠিকনা নাই।"
অথচ জেতুকীবাইৰ দায়বদ্ধতাতেই সমাজখন সমৃদ্ধ হৈ ৰয়। জেতুকী বাইৰ হাততেই পৰম্পৰাবোৰ জী থাকে, জী থাকে সমাজখনৰ মেৰুদণ্ড নভগাকৈ নীতি-নিয়মবোৰ। অতিব্যস্ত আজিৰ ল'ৰা-ছোৱালীবোৰে নিয়মৰ হীন-দেড়ি কৰিবলৈ খুজিলেও জেতুকী বাইয়ে জোৰ কৰে,"কৰছোন কৰ বোপাই। নাপায় নহয়।"
জেতুকী বাইক জী থাকিবলৈ লাগে এটি প্ৰাকৃতিক পৰিৱেশ। উশাহ ল'বলৈ লাগে এখন আঘোনৰ ধাননি, কাম কৰি কৰি তত্ হেৰুৱাবলৈ আমদালি, কলপাতেৰে ৰভা দিয়া এখন বিয়া। বিহুৰ বেলিকা এজোৰা হুচৰি।বাই এতিয়া সেই ৰামো নাই, অযোধ্যাও নাই। অনুকুল পৰিৱেশ নাপাই জেতুকী বাই হেৰায় পৰে, আজিকালি থাকিও নথকাৰ দৰে। ক'তনো হেৰাল জেতুকী বাই!! বিয়াই সবাহে যি উৰুলিকৃত হৈ পৰিছিল। নিজৰেই বুলি সকলো দায়িত্ব, সকলো চিন্তা মুৰ পাতি লৈছিল। হিচাপৰ অন্ত নাই। দায়িত্বৰো শেষ নাই। পানী তুলিবলৈ দুনড়িটো, দৰাই গা ধূবলৈ তেল-হালধিকনৰ হিচাপ জেতুকী বাই নহ'লে ৰাখোতা নাই। জেতুকী বায়ে বিয়া নাম গাইছিল। মাছলৈ গৈছিল। টেঙা দিয়া মাছ অকন ওচৰ চুবুৰীয়াক আঁতে মানে বিলাইছিল। এবুকু পানীত নামি আহু ধান কাটিছিল। একাঠু বোকাত আহাৰৰ টিকাফটা ৰ'দতো ৰুইছিল আমপাখি ধানৰ কঠিয়া। গাঁৱৰ অকলশৰীয়া মানুহক সংগ দিছিল। খেতি-খোলাত সহায় কৰিছিল। কোনো মানুহ নৰিয়াত পৰিলে জেতুকী বাইয়ে আল-পৈচান ধৰিছিল।জেতুকী বাইয়ে কিমানলৈ বা পঢ়িছিল! তথাপি বন-দৰৱ এপালি খুন্দি দিবৰ জোখাৰে জেতুকী বাই আছিল বহু জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ। তেওঁ আমাৰ মনৰ একাকী সময়ত সাহচৰ্য হৈ পৰিছিল।চুবুৰীয়া ল'ৰা-ছোৱালীবোৰ জেতুকী বাইৰ কোলাই বোকোচাই উঠি ডাঙৰ-দীঘল হয়। মাক-দেউতাকক জগৰ লগাই মাৰ খোৱাৰ ভয়ত ল'ৰা-ছোৱালীবোৰ জেতুকী বাইৰ আঁচলৰ তললৈ দৌৰিছিল। আছিল। জেতুকী বাইৰ ৰং যোৱা চাদৰৰ আঁচলত আছিল নিৰাপত্তাৰ শান্তি। হাইস্কুলীয়া ছোৱালীহঁতক বাইয়ে চকু-কাণ দিছিল। প্ৰথম প্ৰেমৰ খবৰ, দেহৰেই বা মনৰেই, সকলো নতুনত্বৰ খতিয়ান ল'বলৈ পুৰনি বিশ্বস্ত বন্ধুৰ দৰে জেতুকী বাইয়ে সকলোবোৰ সামৰি লৈছিল।উপদেশ দিছিল। "এইটো নকৰিবি, সেইটো নকৰিবি। এনেকে কৰিলেহে আগুৱাব পাৰিবি।"
অন্তৰত এআকাশ মমতা আৰু অভিভাৱকত্বৰে জেতুকী বাই আছিল বটবৃক্ষৰ ছাঁয়াৰ দৰে। মেট্ৰিক দিবলৈ ওলোৱা ল'ৰা-ছোৱালী কেইটাক সকিয়াই থাকে,"পঢ়,পঢ়। ভাল কলেজলৈ যাব লাগিব"
সঁচাকৈয়ে, সৰবৰহী জেতুকী বাইৰ আকালো নাই, ভঁৰালো নাই। লুইত কোঁৱৰৰ গীতত জেতুকী বাইজনী জীৱন্ত হৈ উঠিছে এনেদৰে-
"কাৰোবাৰ পুতেকে কোনোবাৰ জীয়েকক
নিবলৈ পাতিছে বিয়া
জোঁৱাইৰ বা কি নাম, যোৰা দি কি গাম
তোৰহে তৎ নাইকিয়া।"
থাকে। এবোজা সাহস আৰু বিশ্বাস বুকুত লৈয়ো জেতুকী বাইৰ কেতিয়াবা পুৰনি অসুখে উক দিয়ে। অতীতৰ এঙেৰুৱা কপাট খুলি জেতুকী বাইৰ দুচকুৰে সৰিপৰে বিষাদৰ গোটমৰা বৰফ। জেতুকী বাইৰ কাহিনী শুনোতা নাই। নিজৰ নহ'লে যে একোৱে নাই, জেতুকী বাইয়ে পাহৰে। নিস্বাৰ্থ আৱেগত যেন সৰ্বস্ৰান্ত হৈ পৰে বাইজনী। বাস্তৱত শূণ্য দুহাত। লুইত কোঁৱৰে সেয়েহে কলম ঘঁহাইছে এনেদৰে-
"অ’ বোলো জেতুকী বাই
তোৰ যে জীয়েৰক যমে কাঢ়ি নিলে
বুকু শুদা পৰি যায়
পৰৰে জীয়ৰীক জোঁৱাইয়ে নিওঁতে
কান্দ তই নামকে গাই।
ৰভাঘৰ শুৱনি জীয়ৰী-বোৱাৰী
তোলৈ ঠাইকে নাই
বিয়াৰ তই নামতী বিয়াত হে সোঁৱৰে
পুৱালৈ পাহৰি যায়।" আজি পাহৰনিৰ গৰ্ভত জেতুকী বাই। অসমীয়া চহা সমাজখন থকালৈকে জেতুকী বাই থাকিব। ধূলি উৰুৱাই সন্ধিয়া কাৰোবাৰ দুষ্ট দামুৰি ঘৰলৈ অহাৰ সময়তে জেতুকী বাই জীৱন্ত হৈ পৰিব। জেতুকী বাই যে আমাৰ আচলৰ ধন, আমাৰ আৱেগ।
পকা ধান বুলিলেই আমাৰ কাণত কি বাজে? আঘোনৰ গোন্ধই আৱৰি ধৰে লুইত কোঁৱৰৰ এই অমৰ সৃষ্টিত।
"পকাধানৰ মাজে মাজে সৰু সৰু আলি
পকা ধানে হালি-জালি
দাৱনীক কয় আহা বুলি
দাৱনীয়ে সেৱা জানাই
ধানৰ গোছত মাৰে মুঠি
সোনগুটিৰ ভৰত হাতৰ ধৰে শিৰামুৰি
জাক দাৱনীৰ জিৰণি গীতে পথাৰ ধৰে জুৰি
সৰু সৰু চৰাইবোৰ
লাজত পলাই উৰা মাৰে
ধান ফালি ফালি।"
আঘোণৰ ইমান সৰস বৰ্ণনা আৰু কতোৱেই নাই। ৰাংঢালী দাৱনীজাকৰ খিল্খিল হাঁহি আৰু ৰবাব টেঙাৰ গুলপীয়া সুগন্ধ মিহলি ছবিখন আহি চকুৰ আগত যেন ভিৰ কৰেহি। ধানৰ হাঁহিত আপোনভোলা, আপোনপাহৰা দাৱনীজাকক উলাই কৰি কেতিয়াও কল্পনা কৰিব নোৱাৰি অসমীয়াৰ চহা সমাজখন। হাজাৰ দুঃচিন্তা, অভাৱ আৰু সমস্যা লৈয়ো পোহৰমুখীতাৰে সদায়েই যোগাত্মক হৈ থাকে অসমীয়াৰ চহা সমাজ। অভাৱে জুৰুলা কৰিলেও আমাৰ সমাজ অবাটে নাযায়। নৈতিক মূল্যবোধ আগত ৰাখি কেৱল সুন্দৰৰ সপোন দেখিবলৈ শিকায়। সেয়েহে লুইতকোঁৱৰে লিখিছে-
"চালেদি সৰগ দেখা পঁজাটিত যেন বাজি উঠে শত সুৰে মোৰ মন বাঁহী।"
চালেদি সৰগ দেখিলেও সুৰে শত বাঁহী বাজি উঠা এইখনেই আমাৰ চহা সমাজ। শাকে-পাতে খাই হ'লেও নৈতিকতাৰ পথৰ পৰা কেতিয়াও বিচলিত নোহোৱা এইখনেই আমাৰ চহা সমাজ।
নাৰী প্ৰস্থিতি, নাৰীৰ সামাজিক স্থানৰ দিশেৰে অসমীয়া চহা সমাজ সদায় শ্ৰেষ্ঠ। অৰ্থনৈতিক কাম-কাজৰ পৰা আদি প্ৰায় সকলো দিশতে আমাৰ নাৰীসকল বেছ আগ ৰণুৱা।অসমীয়া কৰ্মঠ নাৰীৰ সাৱলীল বৰ্ণনাই অসমীয়া সাহিত্যত এক বিশেষ ঠাই অধিকাৰ কৰি আছে। স্বভাৱতেই দক্ষ নাৰীসকলৰ চহা ছবি এখন প্ৰকাশৰ বেলিকা লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাদেৱো ব্যতিক্ৰম নহয়। এৰাতিতে সূতা কাটি কৱচ বৈ উলিওৱা কাজী নাৰীসকলক বৰুৱাদেৱে গীতৰে প্ৰকাশ কৰিছে অনন্যৰূপত। কৰ্মঠ,অদম্য সাহসেৰে আমাৰ সমাজখন সমৃদ্ধ কৰি ৰখা
আত্মনিৰ্ভৰশীলতাৰ অন্যতম নিদৰ্শন হৈছে আমাৰ নাৰীসকল। নিজে পলু পুঁহি, সূতা কাটি, নিজেই কাপোৰ বৈ নিজেও পিন্ধি আনকো পিন্ধোৱা আমাৰ নাৰীসমাজ অসমীয়া চহা জীৱনৰ চিনাকীস্বৰূপ। কালৰ গতিত ক'ৰবাত হেৰায় যোৱা এই সকল নাৰী অসমীয়া গ্ৰাম্য সমাজ খনত সুলভ আছিল, প্ৰতিঘৰ মানুহকেই শুৱনি কৰি ৰাখিছিল।
"দীঘ-বাণিত ৰচোঁ আমি পৰীৰ দেশৰ সাধু
চিলনীৰে জী আমি জানো কিবা যাদু
মুঠিতে লুকোৱা চেলেং বৈ দিব পাৰোঁ।
এড়ি-মুগা-পাট আমাৰ ঘৰৰে জেউতি
দেশে দেশে আমাৰ বস্ত্ৰৰ বিয়পে খিয়াতি
নিজে পিন্ধো, পিন্ধাও আনক আমিয়ে বৈ-কাটি।"
গাতে শুকুৱা, মুঠিতে লুকুৱা অসমীয়া পাটৰ চেলেং খনি" হয়। সেই বেজবৰুৱাদেৱৰ চিলনীৰ জীৰ দৰে সূতা কাটি নিমিষতে বৈ উলিয়াব পাৰে এখন চাদৰ। সমগ্ৰ দেশতেই দক্ষ দুহাতৰ যাদুৰে আই অসমীৰ মান ৰাখিব পাৰে আমাৰ নাৰীসকলে।
অন্যহাতেদি, প্ৰাকৃতিক সৌন্দৰ্য্যৰ এখন ৰমন্যাসিক ছবিৰ বিপৰীতে গ্ৰাম্য সমাজখনৰ চহা বাস্তৱ তুলি ধৰাত বৰুৱাদেৱৰ এই গীতটি অন্যতম।
"বন্ধু....
সময় পালে আমাৰ পালে এবাৰআহি যাবা
এবাৰ আহি যাবা
সহজ-সৰল গাঁৱৰ জীৱন খন্তেক ৰৈ চাবা
এবাৰ আহি যাবা
যান-বাহনৰ সুযোগ নাই, আওহতীয়া আমাৰ ঠাই
বাট বলোতে হয়তো বন্ধু অনেক দুখেই পাবা
অনাহাৰে দিন কটাওঁ তাত গধূলি ও পুৱা
এপাৰ আহি যাবা।"
দৰিদ্ৰতাই কোঙা কৰা অনগ্ৰসৰ গাওঁ এখনৰ ছবি এনে মসৃণতাৰে গীতত উপস্থাপন কৰাটো সঁচাই প্ৰাতঃস্মৰণীয়। শাওনৰ ধাননি অথবা গাঁৱলীয়া যুৱতীৰ সৌন্দৰ্য্যৰ উৰ্দ্ধত গৈ গাঁৱৰ অৰ্থনীতি, আন্তঃগাঁথনি, শিক্ষা, গাঁৱলীয়া মানুহৰ জীৱনবোধ, জীৱন ধাৰণৰ মান আদি যিদৰে তেখেতে গীতত তুলি ধৰিছে, এনে নিদৰ্শন অসমীয়া গীতি সাহিত্যত বিৰল।
"খেৰ-বাহঁৰ অনেক পঁজা গাঁও ভৰি পাবা
দন্-খৰিয়াল শুনি শুনি তাতেই অকণ ৰ'বা
নাঙঠ শিশুৰ ধূলিৰ খেলা ৰৈ ৰৈ তাকে চাবা।"
দন-খৰিয়াল, নাঙঠ শিশুৰ ধূলিৰ খেলা, খেৰ-বাঁহৰ অনেক পঁজা আজি বহুতৰ বাবে সাধুকথা সদৃশ। ফেঁচাৰ চিঞৰ শুনি ভয় খাব লগা নহলেও, খাল-বিলৰ ঘোলা পানী খাই আজিও বহুত গঞাই জীৱন কটাবলগীয়া হৈছে।
সুধাকন্ঠ ড° ভূপেন হাজৰিকাদেৱৰ "অ মিছিং ডেকাটি"ত যিদৰে এজন মিছিং ডেকাৰ দৈহিক সৌন্দৰ্য্যৰ সৰস বৰ্ণনাই ঠাই পাইছে একেদৰে লুইত কোঁৱৰেও লিখিছে এনেদৰে-
"গামোচাৰে আঁচলতে পদুমৰে চকা
মূৰতে মেৰিয়াই আহে পাহোৱাল ডেকা।
(তাৰ) খোজে খোজে লৰে-চৰে দুটি কলাফুল
(তাৰ) উশাহতে লৰে-চৰে বুকুৰ মঙহবোৰ
(তাৰ) পিঠিখনিত ৰ’দ পৰি জ্বলে ঘামৰ টোপা
মূৰতে মেৰিয়াই আহে পাহোৱাল ডেকা।"
অসমীয়া সাহসী ডেকাটিক বিভিন্নজনে বিভিন্ন প্ৰকাৰে অংকন কৰিলেও এই গীতটি বিশেষভাৱে উল্লেখনীয়।
জেতুকী বাই, নাঙঠ শিশু কেইটি, আঘোনৰ পথাৰৰ আপোনভোলা দাৱনীজাক, একেটি চিপটে আশীটা মুঠিৰ ডাঙৰিটো দাঙিব পৰা পাহোৱাল ডেকাটি ক্ৰমশঃ নোহোৱা হ'ল। ক'ৰবাত থাকিলেও ডিজেটেল পৃথিৱীৰ ৰঙীন পোহৰত ম্লান পৰিল যেন এই চৰিত্ৰ সমূহৰ আন্তৰিক মাধূৰ্য্য। আজিৰ যান্ত্ৰিক পৃথিৱীৰ নতুন প্ৰমূল্যৰ বজাৰত এই চৰিত্ৰসমূহ যেন হেৰায় যাবলৈ বাধ্য। কেৱল কাৰোবাৰ সোঁৱৰণীক জীপাল কৰি জেতুকী বাইহঁত জীয়াই থাকে এটি ভাললগা অতীত হৈ।
সহায়ক উৎসঃ
https://nilacharai.com/luit-konwar-rudra-baruah-song-lyrics-audio/#bandhu-samay-paale
---------------------*------------------
জ্ঞানদীপ শইকীয়া
Comments
Post a Comment