কবিতা
সাম্প্ৰতিক
হাউলি পৰা আমাৰ গাঁৱৰ আধাভগা পঢ়াশালিখন
চিকিৎসা নাপায় আধামৰা হোজা মানুহবোৰ
শাওনতো পানী
আঘোনতো পানী
চন পৰি ৰোৱা পথাৰ
কোনেও নেদেখা হ'ল
মামৰে ধৰা চিংফৌ নাঙলৰ ফাল
ক'লা টকাৰে পেট গেৰেলা হোৱা পঞ্চায়তৰ নেতাবোৰ
এজাক বৰষুণতে খহি পৰা কোটি টকীয়া মথাউৰিৰ বালি
আধাসঁজা চৰকাৰী শৌচালয়
সোনৰ আঙুঠি পিন্ধি
গাড়ীত ঘুৰা নেতাবোৰ
এৰাতিতে ওখ হয়
সিঁহতৰ অসহিষ্ণু খক্
কোনে দেখুৱাব টি.আৰ.পি.হীন ভোটাৰহঁতৰ দুৰ্গতি
কোনে চাবগৈ হিতাধিকাৰীৰ বেথা
মাছ ভাত খায় চিকুন হোৱা জনা-বুজাবোৰে
নজনাৰ আফুগুটি খুৱাই
জীৱনটোকে গলগ্ৰহ বুলি পতিয়ন নিওৱা
আমাৰ মানুহবোৰক
কোনে আনিব তুলি
শেলুৱৈ গজা ডিগ্ৰীবোৰ
কোন ৰাজ্যত নিলাম কৰিলে ভাল হ'ব বাৰু
সুদূৰত জনকল্যাণৰ আঁচনি
ফেচবুকত ৰজাৰ সাহিত্যধৰ্মী উন্নয়নৰ খতিয়ান
আৰ্চেনিকৰ চেকা লগা চাদৰেই জেতুকীৰ পাৰ হয়
স্বাধীনতাৰ সাতটাকৈ দশক
কেঁকোৰা নাঙল আৰু অধিকাৰ নুবুজা ৰোৱনী-দাৱনীকিজনীক সংস্কৃতি বুলি
কোনে ক'ত লিখি থাকে গৱেষণা পত্ৰ, ৰচনাৰ পুথি
পানীৰ দৰত আলুগুটি
গৰুৰ দানাত ভোগৰ দিনৰ বন্ধাকবি বিলাহী
গান্ধীৰ দিনৰে গান্ধীপোকবোৰ দেখোন খেদিবকে নোৱাৰি
কৃষি বিশ্ববিদ্যালয়ত লাখ টকাৰ চৰকাৰী চাকৰি
সহজলভ্য বিদেশী পানী
হতাশাৰ ঔ-কিল খায়
পাকঘৰৰ ধোঁৱাতে লূটি খায় পৰে
পতিব্ৰতা নাৰী
কয়লাৰ গাতত সোমাই ওলাই নাহে
চাউল কিনা বাপেকী
ইপিনে
আগত এটা কেমেৰা
পিছত এটা কেমেৰা লৈ
শুকানকৈ ভজা ছাগলীৰ মঙহ টিফিনত বান্ধি
বিশ্বসভালৈ যায়
জনপ্ৰতিনিধিৰ আলসুৱা ঘৈনী
মুখত এগালমান ৰং
নকল চুলি
নকল চেলাউৰি
গহনা-গাধৰি
কি নাচাবা চিণ্ডিকেটৰ চিক্মিকনি
ক্ষুধাতুৰ
পুষ্টিহীন মানুহ এগালৰ আগত
আইচুদেউহঁতৰ কি যে কলাত্মক নাটিকা
পুৰস্কাৰৰ দৌৰত আওমৰণে মৰে পাহাৰীয়া নৱজাতক
ৰাজকুমাৰে খেলে জাপানী খেল
ৱাহ! ৱাহ!
----------------------------*- ------------------------
জ্ঞানদীপ শইকীয়া
Comments
Post a Comment