Posts

Showing posts from January, 2024

নিবন্ধ

  প্ৰসংগঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বন ধ্বংস। মানুহ পৃথিৱীৰ এটি ক্ষুদ্ৰ অংশ। কেৱল এই অংশটোৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থতে কিয় প্ৰতিবাৰেই গছ কেইজোপা বলিৰ পঠা হ'বলগীয়া হয়। যোৱা ২০ অক্টোবৰ তাৰিখে কাৰেন্টৰ সমস্যা আৰু ষ্ট্ৰীট লাইটৰ পোহৰৰ সমস্যাৰ দোহাই দি গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাংগণত এজোপা সুপ্ৰাচীন বিশাল বৃক্ষ গুৰি চপাই কাটি পেলোৱাৰ লগতে আন গছসমূহৰ ডাঙৰ ডাঙৰ ডাল-পাতবোৰ তেনেই লঠঙা কৰি কটা হ'ল। এই কাণ্ডই প্ৰতিজন প্ৰকৃতিপ্ৰেমীক জোকাৰি গৈছে।  বিদ্যুতৰ সমস্যা যদি হৈছে তাত এই প্ৰাচীন গছজোপাৰ দোষ কি আছিল? খোদ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ সন্মুখতে আগ-পাছ নুগুনি এই গছবোৰ কাটি পেলোৱা কথাই কি সূচায়। গছ কেইজোপা নকটাকৈ বিদ্যুৎ আৰু ষ্ট্ৰীট লাইটৰ সমস্যা সমাধান কৰিব নোৱাৰি নেকি? যিসময়ত ডাঙৰ ডাঙৰ বেনাৰ-পোষ্টাৰ লৈ ৰজাঘৰৰ নিৰ্দেশত বিশ্ববিদ্যালয়ৰ বৰমুৰীয়াই অমৃত বৃক্ষ মহোৎসৱ পালন কৰে, তেনে সময়তে খোদ এখন বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগ, পৰিৱেশ বিজ্ঞান বিভাগৰ সন্মুখতে এই দৃশ্য। গছ কটাৰ নিৰ্দেশ দিয়া উচ্চ শিক্ষিত মানুহবোৰ(?)তকৈ গছ কেইজোপাৰ বয়স, অভিজ্ঞতা আৰু গুৰুত্ব হয়তো বহুত বেছি। গছ...

কবিতা

  সাম্প্ৰতিক হাউলি পৰা আমাৰ গাঁৱৰ আধাভগা পঢ়াশালিখন চিকিৎসা নাপায় আধামৰা হোজা মানুহবোৰ শাওনতো পানী আঘোনতো পানী চন পৰি ৰোৱা পথাৰ কোনেও নেদেখা হ'ল মামৰে ধৰা চিংফৌ নাঙলৰ ফাল ক'লা টকাৰে পেট গেৰেলা হোৱা পঞ্চায়তৰ নেতাবোৰ এজাক বৰষুণতে খহি পৰা কোটি টকীয়া মথাউৰিৰ বালি আধাসঁজা চৰকাৰী শৌচালয় সোনৰ আঙুঠি পিন্ধি গাড়ীত ঘুৰা নেতাবোৰ এৰাতিতে ওখ হয় সিঁহতৰ অসহিষ্ণু খক্‌ কোনে দেখুৱাব টি.আৰ.পি.হীন ভোটাৰহঁতৰ দুৰ্গতি কোনে চাবগৈ হিতাধিকাৰীৰ বেথা মাছ ভাত খায় চিকুন হোৱা জনা-বুজাবোৰে নজনাৰ আফুগুটি খুৱাই জীৱনটোকে গলগ্ৰহ বুলি পতিয়ন নিওৱা আমাৰ মানুহবোৰক কোনে আনিব তুলি শেলুৱৈ গজা ডিগ্ৰীবোৰ কোন ৰাজ্যত নিলাম কৰিলে ভাল হ'ব বাৰু সুদূৰত জনকল্যাণৰ আঁচনি ফেচবুকত ৰজাৰ সাহিত্যধৰ্মী উন্নয়নৰ খতিয়ান আৰ্চেনিকৰ চেকা লগা চাদৰেই জেতুকীৰ পাৰ হয় স্বাধীনতাৰ সাতটাকৈ দশক কেঁকোৰা নাঙল আৰু অধিকাৰ নুবুজা ৰোৱনী-দাৱনীকিজনীক সংস্কৃতি বুলি কোনে ক'ত লিখি থাকে গৱেষণা পত্ৰ, ৰচনাৰ পুথি পানীৰ দৰত আলুগুটি গৰুৰ দানাত ভোগৰ দিনৰ বন্ধাকবি বিলাহী গান্ধীৰ দিনৰে গান্ধীপোকবোৰ দেখোন খেদিবকে নোৱাৰি কৃষি বিশ্ববিদ্যালয়ত লাখ টকাৰ চৰকাৰী চাকৰি সহজল...

নিবন্ধ

  প্ৰসংগঃ দূৰ্গোৎসৱত বাংলা ভাষাৰ পোষ্টাৰ যেতিয়া নিজৰ বস্তুবোৰৰ ব্যৱহাৰ কমি যায়, সেই বস্তুটোৰ লগত জড়িত ভাষা তথা শব্দসমূহো হেৰায় যায় আৰু কেৱল অভিধানৰ পৃষ্ঠাত অথবা যাদুঘৰতহে সীমাবদ্ধ হৈ ৰয়। অভিধান আৰু যাদুঘৰৰ সংগ্ৰহে ভাষা একোটাক কিমান দিনলৈ ৰক্ষা কৰিব পাৰিব সেয়া হয়তো সহজেই অনুমেয়।ঠিক সেইদৰে যেতিয়া নতুন এটা বস্তুৰ ব্যৱহাৰ বাঢ়ি যায়, সেই বস্তুটোৰ লগত জড়িত কিছুমান ভাষাৰ প্ৰচলন বৃদ্ধি পায়। ইংলেণ্ডৰ শিল্প বিপ্লৱৰ লগতে বিট্ৰিছ ঔপনিৱেশিকতাবাদৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক আগ্ৰাসনেই সমগ্ৰ বিশ্বতে ইংৰাজী ভাষাৰ প্ৰচলন বৃদ্ধিৰ একমাত্ৰ কাৰণ। যি এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিব পাৰি। যাৰ ফলশ্ৰুতিত এতিয়া আমি অধিকাংশ সময় ইংৰাজী অবিহনে অচল আৰু পৃথিৱীৰ বহু ভাষা ইংৰাজীৰ কৱলত পৰি বিলুপ্ত হৈ পৰিল। অসমীয়া ভাষাটোও বহু সময়ত আন ভাষাৰ আগ্ৰাসনত পৰা দেখা যায়। ইয়াৰ মুলতে অসমীয়াভাষী মানুহখিনিৰ বেলেগৰ সংস্কৃতিৰ প্ৰতি অন্ধ মোহ আৰু নিজৰখিনিৰ প্ৰতি এলাগী ভাৱ। আজিৰ পৰা ৪/৫ বছৰৰ আগলৈকে যেতিয়া আমাৰ গাঁৱে-ভূঞে ৰাস, ভাওনা আদি অনুষ্ঠিত হৈছিল তেতিয়া সমগ্ৰ ভাওনা অথবা ৰাসখনত ব্যৱহৃত সামগ্ৰীসমূহ থলুৱা শিল্পীৰ দ্বাৰা নিৰ্ম...

নিবন্ধ

  খ্ৰীষ্টান ধৰ্ম আৰু মাজুলীৰ মিছিং সমাজ প্ৰতিবছৰে বৰদিনৰ সময়ত নদীদ্বীপ জিলা মাজুলীত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনক লৈ প্ৰায়ে চৰ্চা হোৱা দেখা যায়। ভাৰতীয় সংবিধানে প্ৰতি গৰাকী নাগৰিককে ধৰ্মৰ স্বাধীনতা প্ৰদান কৰিছে আৰু আমাৰ দেশখন হৈছে ধৰ্ম নিৰপেক্ষ। এনে এক প্ৰেক্ষাপটত এজন ব্যক্তি কোন ধৰ্মত থাকিব, কোনটো ধৰ্ম ত্যাগ কৰি কোনটো গ্ৰহণ কৰিব সেয়া তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত বিষয়। কিন্তু মাজুলীত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন বহু সময়ত ব্যক্তি বিশেষ অথবা সমাজখনৰ ব্যক্তিগত ইচ্ছাৰ ফলশ্ৰুতিত হোৱা যেন বোধ নহয়। অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকলৰ প্ৰতি একাংশ মূলসুঁতিৰ ধৰ্ম ৰক্ষকৰ অৱহেলা আৰু ঘৃণাৰ বাবেই হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ মানুহবোৰ ৰূপান্তৰ হৈছে বুলি বহুতেই মত পোষন কৰে। মহাপুৰুষ দুজনাই দি যোৱা সত্ৰ, নামঘৰসমূহে আৰু প্ৰধানতঃ বৈষ্ণৱ ধৰ্মই মাজুলীৰ মানুহক একতাৰ ডোলেৰে বান্ধি ৰখাত আজিও অপাৰগ। অসমৰ ২য় বৃহৎ জনগোষ্ঠী মিছিংসকলে মাজুলীৰ জনগাঁথনি তথা সমাজখনৰ সৰহফাল আগুৰি আছে আৰু জিলাখন জনজাতীয় প্ৰধান। তথাপি দেখা যায় মাজুলীৰ সত্ৰ অথবা নামঘৰসমূহত জনজাতীয় লোকৰ ভূমিকা নিচেই তাকৰ। সেয়েহে বৈষ্ণৱ ধৰ্ম অথবা হিন্দু ধৰ্মৰ পৰা...