নিবন্ধ

 প্ৰসংগঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বন ধ্বংস।


মানুহ পৃথিৱীৰ এটি ক্ষুদ্ৰ অংশ। কেৱল এই অংশটোৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থতে কিয় প্ৰতিবাৰেই গছ কেইজোপা বলিৰ পঠা হ'বলগীয়া হয়। যোৱা ২০ অক্টোবৰ তাৰিখে কাৰেন্টৰ সমস্যা আৰু ষ্ট্ৰীট লাইটৰ পোহৰৰ সমস্যাৰ দোহাই দি গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাংগণত এজোপা সুপ্ৰাচীন বিশাল বৃক্ষ গুৰি চপাই কাটি পেলোৱাৰ লগতে আন গছসমূহৰ ডাঙৰ ডাঙৰ ডাল-পাতবোৰ তেনেই লঠঙা কৰি কটা হ'ল। এই কাণ্ডই প্ৰতিজন প্ৰকৃতিপ্ৰেমীক জোকাৰি গৈছে। 

বিদ্যুতৰ সমস্যা যদি হৈছে তাত এই প্ৰাচীন গছজোপাৰ দোষ কি আছিল? খোদ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ সন্মুখতে আগ-পাছ নুগুনি এই গছবোৰ কাটি পেলোৱা কথাই কি সূচায়। গছ কেইজোপা নকটাকৈ বিদ্যুৎ আৰু ষ্ট্ৰীট লাইটৰ সমস্যা সমাধান কৰিব নোৱাৰি নেকি? যিসময়ত ডাঙৰ ডাঙৰ বেনাৰ-পোষ্টাৰ লৈ ৰজাঘৰৰ নিৰ্দেশত বিশ্ববিদ্যালয়ৰ বৰমুৰীয়াই অমৃত বৃক্ষ মহোৎসৱ পালন কৰে, তেনে সময়তে খোদ এখন বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগ, পৰিৱেশ বিজ্ঞান বিভাগৰ সন্মুখতে এই দৃশ্য। গছ কটাৰ নিৰ্দেশ দিয়া উচ্চ শিক্ষিত মানুহবোৰ(?)তকৈ গছ কেইজোপাৰ বয়স, অভিজ্ঞতা আৰু গুৰুত্ব হয়তো বহুত বেছি। গছ কটাৰ নিৰ্দেশ দিয়া উচ্চ শিক্ষিত মানুহবোৰ নহ'লেও পৃথিৱীখন চলিব, গছবোৰ নোহোৱা হ'লেহে সকলো শেষ। এই টোগলগী কাণ্ডৰ সজোৰে বিৰোধিতা কৰিছো।

গছকেইজোপাক আশ্ৰয় হিচাপে লোৱা বাকী জীৱকেইটাৰ কি হ'ব?  গছকেইজোপাই দি অহা অক্সিজেন, ছাঁয়া আৰু আশ্ৰয়ৰ ক্ষতিপূৰণ কোনে দিব? নামৰ আগত ডক্টৰেট ডিগ্ৰী লগাই লোৱা মানুহৰে যদি এই কৰ্ম-কাণ্ড বাকী নিৰক্ষৰ আৰু অশিক্ষিত মানুহবোৰৰ কাৰণে বাকী থাকিল কি?

_________________×_______________
জ্ঞানদীপ শইকীয়া, মাজুলী

Comments

Popular posts from this blog

নিবন্ধ

নিবন্ধ

কবিতা