Posts

Showing posts from December, 2023

কবিতা

 *আৰ.চি.চি.-টু* এনেকৈয়ে এদিন ভগাই ল'ব পাৰি যদি নাযায়-নুপুৱায় এৰাতি শামুকীয়া দূখ আহা আমাৰ ঠিকনাবোৰ আকৌ এবাৰ সুঁৱৰি  চিঞৰি উঠো "চেন্টি ফালি" জাহিৰ কৰোঁ আমাৰ চিৰ-তৰুণ আৱেগৰ  চিৰ-সেউজ ভেম। চাৰিখন দেৱালকে আয়না বুলি ভাৱি তুমি কিমানবাৰ কৰিছা আত্ম-প্ৰতিফলন? নিজকে নিঃস্ব বুলি হুমূনিয়াহ কাঢ়োতে এভাগ নিৰস ভাত তিনিভাগ কৰি সেয়া কোন? কোঠাৰ দুৱাৰত   বাৰম্বাৰ আশ্বাসৰ টোকৰ! প্ৰেমে প্ৰতিবাদে জুৰুলা হৈ অনাটনৰ অনাকাংক্ষিত অবাটে এই যে আমাৰ অসহজ যাত্ৰা ঘূৰি চাই কাক পাওঁ? স্মৃতিকাতৰতাত এবাৰ ডুবি ৰুমমেটৰ অৰ্থহীন এলাৰ্মত  কেঁচা টোপনি ভাঙি বিৰক্তিৰ চৰম সীমালৈ আকৌ কিদৰে উভটি যাওঁ! বুইছা ৰুমমেট পকেট খৰচত আউল লগা  মিলা নাই চিমেষ্টাৰৰ ব্যৱস্থাপনা কাট অফ্‌লৈ ৰৈ যায় আৰু এটা উজাগৰী নিশাৰ চেষ্টা কিমাননো জেৰক্স কৰিবা ভৱিষ্যতৰ দস্তাৱেজ এই আৱাহাৱাতে আমি মানুহবোৰ স্মৃতি হৈ যাম জীৱনৰ কেঁকুৰিত খন্তেক ৰৈ সুঁৱৰিবলৈ লিখি দিছো এটি চিনাকী ঠিকনা "আৰ.চি.চি. 2" (কলিজাৰ জেপত ভৰাই লোৱা) -------------*-------------- জ্ঞানদীপ শইকীয়া