নিবন্ধ
লুইতকোঁৱৰৰ গীতত আমাৰ চেনেহী গাঁওখন অসমীয়া সংগীতত গ্ৰাম্য সমাজৰ চিত্ৰণ অতি উচ্চ খাপৰ; বিশেষকৈ আধুনিক গীতসমূত আমাৰ শুৱনি গাঁওখনিৰ প্ৰতিটো দিশ অতি সুন্দৰ আৰু কলাত্মক ৰূপত প্ৰতিফলিত হৈছে। যিসকল গীতিকাৰে নিজৰ গীতৰ মাজেৰে আমাৰ চহা সমাজখন নজহা-নপমাকৈ অনন্ত কাললৈ চিৰসেউজ কৰি ৰাখিছে সেই খ্যাতনামা গীতিকাৰসকলৰ ভিতৰত ৰুদ্ৰ বৰুৱাদেৱ প্ৰাতঃস্মৰণীয়। অসমীয়া চলচ্চিত্ৰ আৰু অসমৰ সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বৰুৱাদেৱক লুইত কোঁৱৰ উপাধিৰেও জনা যায় আৰু "কলংপৰীয়া গীতিকাৰ" হৈছে তেখেতৰ আন এক উপাধি। এই গৰাকী যশস্বী গীতিকাৰৰ কলমেদি নিগৰি অহা কেইবাটাও যুগজয়ী গীতে আমাৰ মৰমী গাঁওখনিক আজিও সজীৱ কৰি ৰাখিছে। যেতিয়াই আমি এই গীতসমূহ শুনো, তেতিয়াই আমাৰ মন যেন গাঁওখনলৈ উৰা মাৰে। এডৰা শইচ, এখন পথাৰ আৰু খেতিয়ক ৰাইজৰ পাৰভঙা উছাহ্ অবিহনে আমাৰ গ্ৰাম্য সমাজখনি আধৰুৱা। পকা ধান আৰু আঘোনৰ সুগন্ধই আৱৰি ধৰে লুইত কোঁৱৰৰ এই অমৰ সৃষ্টিতঃ "পকাধানৰ মাজে মাজে সৰু সৰু আলি/পকা ধানে হালি-জালি/দাৱনীক কয় আহা বুলি/দাৱনীয়ে সেৱা জনাই/ধানৰ গোছত মাৰে মুঠি" আঘোণৰ ইমান সৰস, নিৰহ-নিপানী বৰ্ণনা আৰু কতোৱেই নাই। ৰাংঢাল...