নিবন্ধ

লুইতকোঁৱৰৰ গীতত আমাৰ চেনেহী গাঁওখন অসমীয়া সংগীতত গ্ৰাম্য সমাজৰ চিত্ৰণ অতি উচ্চ খাপৰ; বিশেষকৈ আধুনিক গীতসমূত আমাৰ শুৱনি গাঁওখনিৰ প্ৰতিটো দিশ অতি সুন্দৰ আৰু কলাত্মক ৰূপত প্ৰতিফলিত হৈছে। যিসকল গীতিকাৰে নিজৰ গীতৰ মাজেৰে আমাৰ চহা সমাজখন নজহা-নপমাকৈ অনন্ত কাললৈ চিৰসেউজ কৰি ৰাখিছে সেই খ্যাতনামা গীতিকাৰসকলৰ ভিতৰত ৰুদ্ৰ বৰুৱাদেৱ প্ৰাতঃস্মৰণীয়। অসমীয়া চলচ্চিত্ৰ আৰু অসমৰ সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বৰুৱাদেৱক লুইত কোঁৱৰ উপাধিৰেও জনা যায় আৰু "কলংপৰীয়া গীতিকাৰ" হৈছে তেখেতৰ আন এক উপাধি। এই গৰাকী যশস্বী গীতিকাৰৰ কলমেদি নিগৰি অহা কেইবাটাও যুগজয়ী গীতে আমাৰ মৰমী গাঁওখনিক আজিও সজীৱ কৰি ৰাখিছে। যেতিয়াই আমি এই গীতসমূহ শুনো, তেতিয়াই আমাৰ মন যেন গাঁওখনলৈ উৰা মাৰে। এডৰা শইচ, এখন পথাৰ আৰু খেতিয়ক ৰাইজৰ পাৰভঙা উছাহ্‌ অবিহনে আমাৰ গ্ৰাম্য সমাজখনি আধৰুৱা। পকা ধান আৰু আঘোনৰ সুগন্ধই আৱৰি ধৰে লুইত কোঁৱৰৰ এই অমৰ সৃষ্টিতঃ "পকাধানৰ মাজে মাজে সৰু সৰু আলি/পকা ধানে হালি-জালি/দাৱনীক কয় আহা বুলি/দাৱনীয়ে সেৱা জনাই/ধানৰ গোছত মাৰে মুঠি" আঘোণৰ ইমান সৰস, নিৰহ-নিপানী বৰ্ণনা আৰু কতোৱেই নাই। ৰাংঢালী দাৱনীজাকৰ খিল্‌খিল হাঁহি আৰু ৰবাব টেঙাৰ গুলপীয়া সুগন্ধ মিহলি ছবিখন আহি চকুৰ আগত যেন অগা-দেৱা কৰেহি। ধানৰ হাঁহিত আপোনভোলা, আপোনপাহৰা দাৱনীজাকক উলাই কৰি কেতিয়াও কল্পনা কৰিব নোৱাৰি অসমীয়াৰ চহা সমাজখন। লুইত কোঁৱৰে আঘোনৰ সুবিশাল পথাৰখন আনি যিদৰে এটি গীতত তুলি ধৰিলে, এনে চমৎকাৰ নিদৰ্শন অতি বিৰল। হাজাৰ দুঃচিন্তা, অভাৱ আৰু সমস্যা লৈয়ো পোহৰমুখীতাৰে সদায়েই যোগাত্মক হৈ থাকে অসমীয়া চহা সমাজ। অভাৱে জুৰুলা কৰিলেও আমাৰ সমাজ অবাটে নাযায়। নৈতিক মূল্যবোধ আগত ৰাখি আমাৰ সামাজিক প্ৰমূল্যই কেৱল সুন্দৰৰ সপোন দেখিবলৈ শিকায়। সেয়েহে লুইতকোঁৱৰে লিখিছে- "চালেদি সৰগ দেখা পঁজাটিত যেন বাজি উঠে শত সুৰে মোৰ মন বাঁহী।" চালেদি সৰগ দেখিলেও শত সুৰে বাঁহী বাজি উঠা এইখনেই আমাৰ চহা সমাজ। শাকে-পাতে খাই হ'লেও নৈতিকতাৰ পথৰ পৰা কেতিয়াও বিচলিত নোহোৱা এইখনেই আমাৰ অসমীয়া গাঁও। নাৰী প্ৰস্থিতি, নাৰীৰ সামাজিক স্থানৰ দিশেৰে অসমীয়া চহা সমাজ সদায় শ্ৰেষ্ঠ। অৰ্থনৈতিক কাম-কাজৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো দিশতে আমাৰ নাৰীসকল বেছ আগ ৰণুৱা। অসমীয়া কৰ্মঠ নাৰীৰ সাৱলীল বৰ্ণনাই অসমীয়া সাহিত্যত এক বিশেষ ঠাই অধিকাৰ কৰি আছে। স্বভাৱতেই দক্ষ নাৰীসকলৰ চহা ছবি এখন প্ৰকাশৰ বেলিকা লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাদেৱো ব্যতিক্ৰম নহয়। এৰাতিতে সূতা কাটি কৱচ বৈ উলিওৱা কাজী নাৰীসকলক বৰুৱাদেৱে গীতৰে প্ৰকাশ কৰিছে অনন্যৰূপত। লুইতকোঁৱৰে লিখিছে, "দীঘ-বাণিত ৰচোঁ আমি পৰীৰ দেশৰ সাধু/ চিলনীৰে জী আমি জানো কিবা যাদু/ মুঠিতে লুকোৱা চেলেং বৈ দিব পাৰোঁ" কৰ্মঠ, অদম্য সাহসেৰে আমাৰ সমাজখন সমৃদ্ধ কৰি ৰখা আত্মনিৰ্ভৰশীলতাৰ অন্যতম নিদৰ্শন হৈছে আমাৰ নাৰীসকল। নিজে পলু পুঁহি, সূতা কাটি, নিজেই কাপোৰ বৈ, নিজেও পিন্ধি আনকো পিন্ধোৱা আমাৰ নাৰীসমাজ অসমীয়া চহা জীৱনৰ চিনাকীস্বৰূপ। কালৰ গতিত ক'ৰবাত হেৰায় যোৱা এই সকল নাৰী অসমীয়া গ্ৰাম্য সমাজ খনত সুলভ আছিল আৰু প্ৰতিঘৰ মানুহকেই শুৱনি কৰি ৰাখিছিল। এই গ্ৰাম্য নাৰীসকলক লুইতকোঁৱৰে গীতত অংকন কৰিছে এনেদৰে, "এড়ী-মুগা-পাট আমাৰ ঘৰৰে জেউতি/দেশে দেশে আমাৰ বস্ত্ৰৰ বিয়পে খিয়াতি/নিজে পিন্ধো, পিন্ধাও আনক আমিয়ে বৈ-কাটি।" চিলনীৰ জীয়েকৰ দৰে সূতা কাটি নিমিষতে বৈ উলিয়াব পাৰে এখন চাদৰ। সমগ্ৰ দেশতেই দক্ষ দুহাতৰ যাদুৰে গাতে শুকুৱা, মুঠিতে লুকুৱা কাপোৰ বৈ আই অসমীৰ মান ৰাখিব পাৰে আমাৰ নাৰীসকলে। অন্যহাতেদি, প্ৰাকৃতিক সৌন্দৰ্য্যৰ এখন ৰমন্যাসিক ছবিৰ বিপৰীতে গ্ৰাম্য সমাজখনৰ চহা বাস্তৱ তুলি ধৰাত বৰুৱাদেৱৰ এই গীতটি অন্যতম। "বন্ধু..../সময় পালে আমাৰ পালে এবাৰ আহি যাবা /এবাৰ আহি যাবা /সহজ-সৰল গাঁৱৰ জীৱন খন্তেক ৰৈ চাবা /এবাৰ আহি যাবা /যান-বাহনৰ সুযোগ নাই, আওহতীয়া আমাৰ ঠাই /বাট বোলোতে হয়তো বন্ধু অনেক দুখেই পাবা/অনাহাৰে দিন কটাওঁ তাত গধূলি ও পুৱা /এপাৰ আহি যাবা।" দৰিদ্ৰতাই কোঙা কৰা অনগ্ৰসৰ গাওঁ এখনৰ ছবি এনে মসৃণতাৰে গীতত উপস্থাপন কৰাৰ নিদৰ্শন তেনেই তাকৰ। শাওনৰ ধাননিডৰা অথবা গাঁৱলীয়া যুৱতীৰ সৌন্দৰ্য্যৰ উৰ্দ্ধত গৈ গাঁৱৰ অৰ্থনীতি, আন্তঃগাঁথনি, শিক্ষা, গাঁৱলীয়া মানুহৰ জীৱনবোধ, জীৱন ধাৰণৰ মান আদি যিদৰে তেখেতে গীতত তুলি ধৰিছে, এনে নিদৰ্শন অসমীয়া গীতি সাহিত্যত বিৰল। "খেৰ-বাহঁৰ অনেক পঁজা গাঁও ভৰি পাবা /দন্-খৰিয়াল শুনি শুনি তাতেই অকণ ৰ'বা/নাঙঠ শিশুৰ ধূলিৰ খেলা ৰৈ ৰৈ তাকে চাবা।" দন-খৰিয়াল, নাঙঠ শিশুৰ ধূলিৰ খেলা, খেৰ-বাঁহৰ পঁজা ইত্যাদি আজি বহুতৰ বাবে সাধুকথা সদৃশ। তথাপি ফেঁচাৰ চিঞৰ শুনি ভয় খাব লগা নহলেও, খাল-বিলৰ ঘোলা পানী খাই আজিও বহুত গঞাই জীৱন কটাবলগীয়া হৈছে। এই গীতটি গাঁৱৰ অন্য এখন ছবি তুলি ধৰাত সদায়ে ব্যতিক্ৰম হৈ থাকিব। সুধাকন্ঠ ড° ভূপেন হাজৰিকাদেৱৰ "অ মিছিং ডেকাটি"ত যিদৰে এজন মিছিং ডেকাৰ দৈহিক সৌন্দৰ্য্যৰ সৰস বৰ্ণনাই ঠাই পাইছে একেদৰে লুইত কোঁৱৰেও গাঁৱলীয়া পাহোৱাল ডেকাটিৰ বিষয়ে লিখিছে এনেদৰেঃ "গামোচাৰে আঁচলতে পদুমৰে চকা/মূৰতে মেৰিয়াই আহে পাহোৱাল ডেকা।/(তাৰ) খোজে খোজে লৰে-চৰে দুটি কলাফুল/(তাৰ) উশাহতে লৰে-চৰে বুকুৰ মঙহবোৰ/(তাৰ) পিঠিখনিত ৰ’দ পৰি জ্বলে ঘামৰ টোপা/মূৰতে মেৰিয়াই আহে পাহোৱাল ডেকা।" অসমীয়া সাহসী ডেকাটিক বিভিন্নজনে বিভিন্ন প্ৰকাৰে অংকন কৰিলেও এই গীতটি বিশেষভাৱে উল্লেখনীয়। পুৰুষৰ সৌন্দৰ্য্যকো লুইতকোঁৱৰে এক নান্দনিক ৰূপত তুলি ধৰিছে। যদিও সময় আৰু সমাজ পৰিৱৰ্তনশীল, তথাপি মানৱ সভ্যতা বৰ্তি থকালৈকে আমাৰ চেনেহী গাঁওখনো জীয়াই থাকিব। লুইতকোঁৱৰৰ গীতৰ অমীয়া সুৰ , মন পৰশা কথা আৰু অভিনৱ চিত্ৰণে চিৰসেউজ কৰি ৰাখিব আঘোণৰ পথাৰ, নাঙঠ শিশুৰ ধূলিয়ৰী খেলা আৰু পাকৈত শিপিনীৰ তাঁতশালৰ খট্‌খট শব্দক...! ***********×**********

Comments

Popular posts from this blog

নিবন্ধ

কবিতা