নিবন্ধ
খ্ৰীষ্টান ধৰ্ম আৰু মাজুলীৰ মিছিং সমাজ
প্ৰতিবছৰে বৰদিনৰ সময়ত নদীদ্বীপ জিলা মাজুলীত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনক লৈ প্ৰায়ে চৰ্চা হোৱা দেখা যায়। ভাৰতীয় সংবিধানে প্ৰতি গৰাকী নাগৰিককে ধৰ্মৰ স্বাধীনতা প্ৰদান কৰিছে আৰু আমাৰ দেশখন হৈছে ধৰ্ম নিৰপেক্ষ। এনে এক প্ৰেক্ষাপটত এজন ব্যক্তি কোন ধৰ্মত থাকিব, কোনটো ধৰ্ম ত্যাগ কৰি কোনটো গ্ৰহণ কৰিব সেয়া তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত বিষয়। কিন্তু মাজুলীত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন বহু সময়ত ব্যক্তি বিশেষ অথবা সমাজখনৰ ব্যক্তিগত ইচ্ছাৰ ফলশ্ৰুতিত হোৱা যেন বোধ নহয়। অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকলৰ প্ৰতি একাংশ মূলসুঁতিৰ ধৰ্ম ৰক্ষকৰ অৱহেলা আৰু ঘৃণাৰ বাবেই হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ মানুহবোৰ ৰূপান্তৰ হৈছে বুলি বহুতেই মত পোষন কৰে। মহাপুৰুষ দুজনাই দি যোৱা সত্ৰ, নামঘৰসমূহে আৰু প্ৰধানতঃ বৈষ্ণৱ ধৰ্মই মাজুলীৰ মানুহক একতাৰ ডোলেৰে বান্ধি ৰখাত আজিও অপাৰগ।
অসমৰ ২য় বৃহৎ জনগোষ্ঠী মিছিংসকলে মাজুলীৰ জনগাঁথনি তথা সমাজখনৰ সৰহফাল আগুৰি আছে আৰু জিলাখন জনজাতীয় প্ৰধান। তথাপি দেখা যায় মাজুলীৰ সত্ৰ অথবা নামঘৰসমূহত জনজাতীয় লোকৰ ভূমিকা নিচেই তাকৰ। সেয়েহে বৈষ্ণৱ ধৰ্ম অথবা হিন্দু ধৰ্মৰ পৰা মানুহবোৰ খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা পৰিলক্ষিত হৈছে। এই ধৰ্মান্তৰকৰণক বহুতেই আগ্ৰাসন বুলি অভিহিত কৰি, প্ৰধানতঃ মিছিংসকলকে এই আগ্ৰাসনৰ বলি হোৱা বুলি ক'ব খোজে।
ধৰ্মপ্ৰধান দেশ এখনত ধৰ্মৰ পৰা আতৰি থকা সম্ভৱ নহয়। কিন্তু এতিয়া প্ৰশ্ন হয়, এটা ধৰ্মৰ গুৰুসকলে(?) ঘৃণা কৰিলে বুলিয়ে আন এটা ধৰ্মই উদ্ধাৰ কৰিব বুলি ভবাটো সঠিক নে? মিছিংসকলৰ নাই কি? তাহানিতে তৰুণ চন্দ্ৰ পামেগামৰ দৰে পুৰোধাই অসম সাহিত্য সভাৰ সম্পাদকৰ পদ শুৱনি কৰিছিল। টাবুৰাম টাইদৰ দৰে পণ্ডিতে ৰাজ্যখন সমৃদ্ধ কৰি ৰাখিছে। উচ্চ নাৰী প্ৰস্থিতিৰ লগতে খাদ্যাভাসৰ পৰা গৃহ-শৈলীলৈ, ভাষাৰ পৰা বস্ত্ৰলৈ সকলোফালৰ পৰা স্বয়ংসম্পূৰ্ণ, স্বকীয়, কৰ্মঠ তথা শান্তিপ্ৰিয় মিছিংসকলৰ সকলো আছে। এনে এটি বৰ্ণাঢ্য জনজাতি হয়তো সমগ্ৰ ভাৰতবৰ্ষতে বিৰল। আছে নিজৰ উপাস্য দেৱতা, নিজৰ আধ্যাত্মিক পৰম্পৰা। নিজৰ মিছিংভাষাৰ উপৰিও অসমীয়া মান্য ভাষাটোৰ লগত উদাৰতাৰে জাহ গৈ ৰাজ্যখন চহকী কৰি ৰখা মানুহখিনিয়ে সকলো থকাৰ পাছতো কিয় আৰু কিহৰ অভাৱত ধৰ্মৰ আশ্ৰয় ল'বলৈ লৈছে সেয়া চিন্তনীয়। ভাৰতীয় দৰ্শনে কয়, "কৰ্মই ধৰ্ম"। সেয়ে ভাৱো, ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা দঞিঃপলঃৰ আশীষত কৰ্মৰ ধৰ্মৰে মহীয়ান হৈ থকা মিছিংসকলে নিজস্বতাক খামুচি থকাই শ্ৰেয়; কিয়নো বহু ক্ষেত্ৰত দেখা যায় ধৰ্মই ধৰ্মান্ধৰহে জন্ম দিয়ে।
পৃথিৱীৰ কোনোটো ধৰ্মই বেয়া নহয়। তথাপি আমি ভাৱো, ধৰ্মৰ পৰিচয়ৰ উৰ্দ্ধত মিছিংসকলৰ পৰিচয় দিব পৰাকৈ অজস্ৰ সমল আছে। ধৰ্মৰ আগ্ৰাসনত নিজৰ সমাজখন এৰি দিওতে মন কৰি উচিত যাতে নিজৰ বাপতিসাহোন সম্পত্তিখিনি বিলুপ্তপ্ৰায় হৈ নাযায়।
বৈষ্ণৱ ধৰ্মত এলাগী হোৱাত খ্ৰীষ্টান ধৰ্মৰ অনুগত হৈ নিজৰ উন্নতি কৰিম বুলি ভবাটো কিমান দূৰ ফলপ্ৰসূ সেয়া আগন্তক সময়ে ক'ব। কিন্তু আজিৰ তাৰিখত ধৰ্মৰ নামত কিদৰে ৰাজনীতি চলিব পাৰে, ধৰ্মৰ নাম ধৰি কিদৰে সংঘৰ্ষ আৰু বিভেদৰ জন্ম হ'ব পাৰে আৰু ধৰ্মই কিদৰে ধৰ্মান্ধৰ জন্ম দিব পাৰে, সেয়া কিন্তু আমি সকলোৱে দেখিছো।
__________________×_____________________
জ্ঞানদীপ শইকীয়া, মাজুলী
ফ'নঃ৭০৮৬৭৪৮৬৩৬
Comments
Post a Comment