নিবন্ধ

 প্ৰসংগঃ দূৰ্গোৎসৱত বাংলা ভাষাৰ পোষ্টাৰ



যেতিয়া নিজৰ বস্তুবোৰৰ ব্যৱহাৰ কমি যায়, সেই বস্তুটোৰ লগত জড়িত ভাষা তথা শব্দসমূহো হেৰায় যায় আৰু কেৱল অভিধানৰ পৃষ্ঠাত অথবা যাদুঘৰতহে সীমাবদ্ধ হৈ ৰয়। অভিধান আৰু যাদুঘৰৰ সংগ্ৰহে ভাষা একোটাক কিমান দিনলৈ ৰক্ষা কৰিব পাৰিব সেয়া হয়তো সহজেই অনুমেয়।ঠিক সেইদৰে যেতিয়া নতুন এটা বস্তুৰ ব্যৱহাৰ বাঢ়ি যায়, সেই বস্তুটোৰ লগত জড়িত কিছুমান ভাষাৰ প্ৰচলন বৃদ্ধি পায়। ইংলেণ্ডৰ শিল্প বিপ্লৱৰ লগতে বিট্ৰিছ ঔপনিৱেশিকতাবাদৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক আগ্ৰাসনেই সমগ্ৰ বিশ্বতে ইংৰাজী ভাষাৰ প্ৰচলন বৃদ্ধিৰ একমাত্ৰ কাৰণ। যি এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিব পাৰি। যাৰ ফলশ্ৰুতিত এতিয়া আমি অধিকাংশ সময় ইংৰাজী অবিহনে অচল আৰু পৃথিৱীৰ বহু ভাষা ইংৰাজীৰ কৱলত পৰি বিলুপ্ত হৈ পৰিল।

অসমীয়া ভাষাটোও বহু সময়ত আন ভাষাৰ আগ্ৰাসনত পৰা দেখা যায়। ইয়াৰ মুলতে অসমীয়াভাষী মানুহখিনিৰ বেলেগৰ সংস্কৃতিৰ প্ৰতি অন্ধ মোহ আৰু নিজৰখিনিৰ প্ৰতি এলাগী ভাৱ।

আজিৰ পৰা ৪/৫ বছৰৰ আগলৈকে যেতিয়া আমাৰ গাঁৱে-ভূঞে ৰাস, ভাওনা আদি অনুষ্ঠিত হৈছিল তেতিয়া সমগ্ৰ ভাওনা অথবা ৰাসখনত ব্যৱহৃত সামগ্ৰীসমূহ থলুৱা শিল্পীৰ দ্বাৰা নিৰ্মাণ কৰোৱা হৈছিল। চামগুৰি সত্ৰৰ মুখা শিল্পই ইয়াৰ প্ৰমাণ। একেদৰে এখন ৰাস অথবা ভাওনাত ব্যৱহৃত পোছাকবোৰো স্থানীয় শিল্পীয়ে নিৰ্মাণ কৰিছিল আৰু বহু সময়ত দৈনন্দিন ব্যৱহৃত  পোছাকো ব্যৱহাৰ কৰিছিল। উদাহৰণ স্বৰূপে ব্ৰহ্মাৰ চৰিত্ৰ ৰূপায়ণ কৰা অভিনেতাজনে আমাৰ চেলেং চাদৰখনেই পৰিধান কৰিছিল। একেদৰে ৰাধা, সীতা আদি চৰিত্ৰসমূহেও পাট, মুগা অথবা কপাহী সূতাৰে বোৱা চাদৰ-মেখেলাই পৰিধান কৰে। গতিকে ইয়াত অন্য সংস্কৃতিৰ প্ৰকোপত নিজস্বতা থৰক-বৰক হ'বলগীয়াৰ কোনো অৱকাশ নাই। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য অথবা আমদানি-ৰপ্তানি এটি আধুনিক অৰ্থ ব্যৱস্থাৰ প্ৰাথমিক বৈশিষ্ট।কিন্তু যেতিয়া বেলেগৰ পিঠাৰে বিহু পাতিবলগীয়া পৰিস্থিতি হয়, তেতিয়া আমি আন কিছুমান অৱক্ষয়ো মুৰ পাতি ল'বলৈ বাধ্য।

বৰ্তমানৰ আমাৰ সাংস্কৃতিক গতি-প্ৰকৃতি "লোকৰ পিঠাৰে বিহু পতা" সদৃশ। বহাগৰ বিহুৱানখনৰ পৰা লক্ষ্মী পূজাৰ ধানৰ থোক কেইটালৈকে সকলো বেলেগৰ পৰা কিনিলেহে হয়। আজিকালিৰ ৰাস-ভাওনা চালে হিন্দী চেনেলৰ ধাৰাবাহিক যেনেই লাগে। ফেন্সি পোছাকহে দেখা পোৱা যায়, য'ত অসমীয়াসুলভ একো গুণেই বৰ্তি নাথাকে। এই পৰম্পৰাসমূহে সমগ্ৰ সমাজখনতেই বিৰূপ প্ৰভাৱ পেলাইছে। ৰুচিবোধৰ বৈচিত্ৰ আৰু নিজস্বতা নোহোৱা কৰি পেলাইছে। একেদৰে অসমত হোৱা দূৰ্গা পূজা আৰু পশ্চিম বংগত হোৱা দূৰ্গা পূজাৰ প্ৰাৰ্থক্য নোহোৱা হ'ল। অসমত হোৱা দূৰ্গা পূজাত যদি অসমীয়াসুলভ ৰীতি-নীতি একেবাৰেই নাথাকে, তেনে এক পৰিৱেশত অসমীয়া ভাষাটো অক্ষত ৰূপত বিচৰাও একপ্ৰকাৰ ভুল কথাই হ'ব। অসমীয়াই পাহৰি পেলালে যে দুৰ্গা পূজাৰ পাছতো বাৰটা মাহত তেৰটা উৎসৱ আমাৰ বাবে ৰৈ থাকে। পশ্চিমবংগৰ আৱাহাৱাই আমাক এনেদৰে চানি ধৰিলে যে আমাৰ ভাষাটোৰ মাজ তালুতে এটি ব্ৰহ্ম খোট পৰিল। জ্যোতি-বিষ্ণু-ফণী শৰ্মাৰ স্মৃতি বিজড়িত তেজপুৰ চহৰৰ শ্বপিং মলৰ লগতে বিশ্বনাথৰ মাজ-মজিয়াতে পূজা মণ্ডপত বাংলা ভাষাৰ পোষ্টাৰ লগোৱা হ'ল আৰু এই পোষ্টাৰ আঁতৰাবলৈ আছু কৰ্মী আৰু বীৰ লাচিত সেনাৰ সদস্যই হাতত হাকুটি ল'বলগীয়া অৱস্থা হ'ল। অনুৰূপ ঘটনা ডিব্ৰুগড়টো দেখিবলৈ পোৱা গ'ল। অসমীয়া মানুহৰ সন্মুখতে অসমীয়া ভাষাক নস্যাৎ কৰি আঁৰি দিয়া হ'ল বাংলা ভাষাৰ বিয়াগোম বেনাৰ। এয়া কিহৰ সংকেট! যি সংস্কৃতিত ভাষিক মৰ্য্যদা ধূলিৰ লগত মিহলি হৈ পৰে, সেই সংস্কৃতিৰ সাংস্কৃতিক প্ৰমূল্য কিমান দূৰ গ্ৰহণযোগ্য?

কিয় এনে হয়? এই আগ্ৰাসী ঘৰিয়ালক সোমাবলৈ খালটো কোনে কাটি দিছে? নিশ্চয় অসমীয়াসকলেই নহয়নে! গোলকীয় বিশ্বৰ প্ৰযুক্তিবিদ্যাৰ দৌৰত আঞ্চলিক ভাষা-সংস্কৃতি কিদৰে দিশহাৰা হ'বলগীয়া হয় সেয়া সৰ্বজনবিদিত। যেতিয়া মানুহে নিজৰ বস্তবাদী সংস্কৃতিখিনিৰ সলনি বেলেগৰ খিনিক অন্ধভাৱে আঁকোৱালি লয়, সেই অন্ধত্বৰ সুযোগতে আন দিশসমূহো আঁকোৱালি ল'বলগীয়া  হয়। যিহেতু বংগৰ দুৰ্গা পূজাৰ নিয়ম-নীতিয়ে অসমীয়া ৰাইজকো খামুচি ধৰিছে সেয়ে বাংলা ভাষাও নমতা আলহী হৈ চ'ৰাঘৰত বহাটো স্বাভাৱিক কথা।

যেতিয়া অসমীয়া জাতিটোৱে বেলেগৰ সংস্কৃতিৰাজিক নিজৰ বুলি আঁকোৱালি লৈ ধুম-ধামেৰে অনুষ্ঠিত কৰি গৈ থাকিব, তেতিয়ালৈকে সেই সংস্কৃতিৰ ভাষাটোৱেও অসমীয়া ভাষাটোক আগ্ৰাসন কৰি গৈ থাকিব। কেৱল বেলেগ ভাষাৰ বেনাৰ-পোষ্টাৰত ক'লা ৰং সানি অসমীয়া ভাষা ৰক্ষা কৰিব নোৱাৰি যদিহে বেলেগৰ সংস্কৃতিৰ অবাধ অন্ধ অনুকৰণ ৰোধ নহয়।

সাংস্কৃতিক আগ্ৰাসনে অৰ্থনৈতিকভাৱেও আধিপত্য চলায়। যেতিয়া কোনো বহিৰাগত সংস্কৃতিৰ প্ৰতি উচ্চ হাৰত চাহিদা থাকিব সেই সুযোগতে আন এখন বজাৰ আহি থলুৱা বজাৰখন দখল কৰি লয়। বজাৰেই যদি বেলেগৰ হাতত ভাষাৰ দিশটো এই প্ৰভাৱ পৰাটো ধূৰূপ।

বহিঃৰাগত ব্যৱসায়ীয়ে অসমীয়া সভ্যতা-সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ তেজপুৰ চহৰৰ মাজ-মজিয়াতে বাংলা ভাষাক বৰপীৰা পাৰি দিবলৈ কৰা সাহসে আমাৰেই থুনুকা স্বৰূপটো বাৰুকৈয়ে উদঙাই দিলে। উৎসৱৰ চকুত ধৰা পোহৰ আৰু কাণ তাল মৰা শৱদৰ ধাম-খুমীয়াত ভাষা আজি যায় যায়।

সুনিৰ্দিষ্ট আনুষ্ঠানিক ভাষা এটা নহ'লে সভ্যতা, সংস্কৃতি আৰু সমাজ এখনৰ অস্তিত্ব মেৰুদণ্ডহীন। অসমৰ চৰকাৰী ভাষা অসমীয়া। গতিকে এই ভূ-খণ্ডত চাৰিদিনীয়াকৈ অনুষ্ঠিত দুৰ্গা পূজাৰ দৰে উৎসৱতেই যদি ভাষাটোৰ এনে দুৰ্গতি হয়, অনাগত দিনবোৰত ভাষাটোৰ কোনোধৰণৰ প্ৰভূত্ব নাথাকিব, গুৰুত্ব কমি যাব।

গোলকীয় গাঁৱৰ বাসিন্দা হিচাপে কোনোতো ভাষাক লৈয়ে কাৰোৰে একো আপত্তি থাকিব নালাগে। বৰাক উপত্যকাৰ চৰকাৰী তথা স্থানীয় ভাষা বাংলা। তাত বাংলাভাষীৰ সংখ্যাই সৰহ। বৰাক উপত্যকাৰ বেলিকা এনে অসমীয়া ভাষা প্ৰীতিও বহু সময়ত নাখাটে। কিন্তু তেজপুৰ চহৰৰ দৰে ঠাইত আনুষ্ঠানিকভাৱে অসমীয়া ভাষাটো মৰ্যদা সহকাৰে বৰ্তি থকাটো আমাৰ কাম্য, য'ত অসমীয়াভাষীৰ সংখ্যা বেছি। আনহাতে আমি দুৰ্গা পূজাক বংগৰ সংস্কৃতি হিচাপে নহয়, নিজৰ উৎসৱৰ দৰেই পালন কৰোঁ। শতায়ু গৰকা পূজাসমূহে ইয়াকেই প্ৰতিপন্ন কৰে । সেয়েহে দুৰ্গা পূজাভাগ অসমীয়াসুলভ কৰি ৰখাৰ গুৰু দায়িত্ব অসমীয়া মানুহৰেই।


_________________×_________________

জ্ঞানদীপ শইকীয়া, মাজুলী

Comments

Popular posts from this blog

নিবন্ধ

নিবন্ধ

কবিতা