সাধু
কুলি চৰাইৰ বাঁহ
(কথিত সাধুৰ আলমত)
_____________________
(✍️জ্ঞানদীপ শইকীয়া)
ৰজা ৰামে বনবাসৰ পৰা আহি অযোধ্যাক সবাতোকৈ শান্তিময় ঠাই হিচাপে গঢ় দিবলৈ বিচাৰিছিল।এই ক্ষেত্ৰত ৰজা হিচাপে ৰামক সকলোৱে প্ৰসংশাৰে ওপচাই পেলাইছিল।কিয়নো ৰামৰ ৰাজ্যত সকলোফালে শান্তিময় পৰিৱেশে বিৰাজ কৰিছিল।উৰণ,বুৰণ,গজন,ভ্ৰমন- এই চাৰিমুঠি জীৱই পৰম সন্তোষেৰে জীৱন কটাইছিল।
যদিওবা সকলোৱে কোনোধৰণৰ অপায়-অমংগল আৰু অসুবিধা নোহোৱাকৈ বাস কৰিছিল,উৰনৰ অন্তৰ্গত সকলো জীৱৰে অৰ্থাৎ চৰাই চিৰিকতিবোৰৰ কোনো কোনো সময়ত বেছ আহুকালে দেখা দিছিল।বিশেষকৈ কণী পাৰি পোৱালি জগাবৰ সময়ত।বতাহ-বৰষুণ নাহিলে কোনো কথা নাই।কিন্তু বতাহ-বৰষুণ আহিলে চৰাইৰ পোৱালি,কণীবোৰ আলৈ-আথানি হয়। বনবাসৰ পৰা অহা প্ৰথম দুবছৰ বৰ বিশেষ দুৰ্যোগ নাছিল,সেয়ে চৰাইসমাজেও সুখে-শান্তিৰে দিন অতিবাহিত কৰিব পাৰিছিল।কিন্তু ৰজা বনবাসৰ পৰা ঘূৰি অহা তিনিবছৰৰ পাছতে অযোধ্যাত ঘনে ঘনে ধুমুহা-বৰষুণ আহিবলৈ ল'লে।আন জীৱবোৰৰ বিশেষ অসুবিধা হোৱা নাছিল যদিও পক্ষীকূলৰ বাবে জীয়াই থকাই মষ্কিল হৈ পৰিল।প্ৰতিখন হাবি,প্ৰতিজোপা গছৰ তলত কেৱল পোৱালি চৰাইৰ মৃতদেহ,ভগা-কণীৰ অৱশিষ্টহে পোৱা গৈছিল।বহুতো বৃদ্ধ চৰাইয়ে প্ৰাণ হেৰুৱাইছিল লগতে তজবজীয়া ডেকা-গাভৰু পক্ষীবোৰেও অকালতে মৃত্যূবৰণ কৰিছিল।পক্ষী-সমাজৰ দূখে কূলাই-পচিয়ে নধৰা হৈছিল।
তেওঁলোকৰ জনসংখ্যাও ভালেমান কমিছিল।
খাদ্য-সামগ্ৰীৰ কোনোধৰনৰ সমস্যা নাই,কোনেও কোনো ধৰনৰ অশান্তি কৰাহি নাই।কিন্তু বতাহ-বৰষুণ আহিলেই মহা-বিপদে দেখা দিয়ে।সেয়ে পক্ষীকুলে প্ৰতিবিধ পক্ষীৰে মুৰব্বী সকলক মাতি এখন সভা অনুষ্ঠিত কৰাৰ কথা ভাবিলে।কথা মতেই কাম।ৰ'দ-ঘাই বতৰ এটা চাই সকলো চৰাইৰ মুৰব্বী এজোপা প্ৰকাণ্ড জৰীগছত একেলগ হ'ল।সকলোৱে নিজৰ সমস্যাসমূহ দাঙি ধৰিলে।ইয়াৰ পৰা পৰিত্ৰাণৰ নিমিত্তে উপায় বিছাৰি ভালেমানপৰ আলোচনা চলিল। কিছুমান চৰাইয়ে পৰম দুখেৰে জনালে," আমাৰ বংশ নি:শেষ হ'বলে আৰু বেচিদিন নাই।যোৱাটো ধুমুহাত আমি থকা আমগছজোপা উভালি পৰিল।সকলো শুই আছিল।আমি সাৰে থকা মাত্ৰ পাঁচজন বাছি থাকিলো।"
পাৰ চৰাই আৰু ঘৰ-চিৰিকাৰ মাত থোকা-থুকি হ'ল।পাৰ চৰাইৰ বংশত মাত্ৰ এঘাৰজন সদস্য আৰু ঘৰ-চিৰিকাৰ বংশত আঠজন সদস্য জীয়াই আছেগৈ।সকলোৰে এনে কথাবোৰ বিতংকৈ গম পোৱাত সভাত উপস্থিত মুৰব্বীসকলৰ দুচকু সেমেকি উঠিল
বহুপৰ আলোচনা চলিল যদিও সমস্যাৰ সমিধান গ্ৰহন কৰাত বেমেজালিৰ সৃষ্টি হ'ল।কিয়নো সকলো চৰাইৰে দৈহিক গঠন,খাদ্যাভাষ সুকীয়া সুকীয়া।সকলো মিলাই-মেলি কিবা সিদ্ধান্তত উপনীত হ'বলৈ দিগদাৰী।অৱশেষত
ৰাজহংসই এটা উপায় দিলে আৰু সকলোৱে ৰাজহংসৰ কথাত মান্তি হ'ল।ৰাজহংসই ক'লে," সভাত উপস্থিত আমাৰ পক্ষীকূলৰ শ্ৰদ্ধাৰ মুৰব্বীসকল।আমি ইমান পৰে নিজৰ সমস্যাৰ মূল কাৰণ বিচাৰি নাপালো ,কাৰণ আমি সমিধান-সুত্ৰ বিছৰাতকৈ নিজৰ দূখ দৰ্শোৱাত বেছি গুৰুত্ব দিলো।আজিকালি ধুমুহা যিমান ভয়ানক হ'লেও মানুহ অথবা বেলেগ প্ৰজাতিৰ জীৱৰ একো হানি নহয়।কিয় ভাবিচাইছেনে?? কাৰণ মানুহৰ নিজৰ ঘৰ আছে আৰু বেলেগ জীৱই মাটিত নিজৰ নিৰাপদ ঠাই বাছি ল'ব পাৰে।আমাৰ না ঘৰ আছে না আমি মাটিলৈ নামি যাব পাৰো।গতিকে আমাক ঘৰ লাগে।সকলোৰে নিজাকৈ গছত একোটা ঘৰ হ'লে আমাৰ আৰু কোনো সমস্যা নাই।"
ৰাজহংসৰ কথাত সকলোৱে সন্তোষ লাভ কৰিলে।শেষত বৰ-টোকোলাই আহ্বান জনালে," যিহেতু ৰাজহংসই আমাক সমিধান দিলে গতিকে এতিয়া ৰৈ থাকি লাভ নাই।আমি সকলো বিৱৰি ৰজালৈ এখন পত্ৰ লিখোহঁক।" এই আহ্বান মৰ্মেই সকলোৱে এখন পত্ৰ লিখাৰ জোঁ-জা চলালে।ৰাজহংসই সকলো চালি-জাৰি চাই কৈ গ'ল আৰু এখন দীঘল কলপাতত বাঢ়ৈ-টোকাই পত্ৰখন লিখি উলিয়ালে।আৰু অযোধ্যাৰ ৰাজ-গৃহলৈ পত্ৰখন লৈ যোৱাৰ দায়িত্ব দিয়া হ'ল ঈগলক।ঈগলক সংগ দিব পাৰচৰাই অাৰু ফেঁচাই।
ৰজাৰ লগত আলোচনাত বঢ়িব ফেঁচাই,কিয়নো ফেঁচাই ১৪ টা বেলেগ বেলেগ মাতেৰে বৰ ধূনীয়াকৈ কথা ক'ব জানে।আৰু ৰাজহাউলী পোৱালে যিহেতু সাঁজ লাগিবগে গতিকে এই ক্ষেত্ৰত নিশাচৰ ফেঁচাৰ কোনো অসুবিধা নহ'ব। সখীয়তিক দায়িত্ব দিয়া হ'ল তিনিওৱে বাটত খাবলৈ খোৱা-বস্তুৰ টোপোলা বান্ধিবলৈ।
অৱশেষত সভাভংগ কৰি নিজৰ ঠাইলৈ যাবলৈ ওলাল।
সখিয়তীয়ে বাঘে এৰিযোৱা হৰিণৰ মাংস অকনমান ঈগলৰ বাবে আৰু লাহতীশাকৰ গুটি পাৰ আৰু ফেঁচাৰ বাবে সৰু সৰুকৈ ৰাতিয়ে টোপোলা বান্ধি ঈগলক দি গ'লহি।
পোহৰ নৌহওতেই পাৰ,ফেঁচা আৰু ঈগল ৰাজহাউলী অভিমূখে যাত্ৰা কৰিলে।ঈগলে চমু ৰাস্তা চিনি পাই।মাংস খাবলৈ ঈগল ৰজাৰ কচাইখানালৈ প্ৰায়ে অহা-যোৱা কৰে।গতিকে সমস্যা নাই।ফেঁচাৰহে অসুবিধা অলপ ,কিয়নো দিনত উৰাৰ অভ্যাস নাই।
প্ৰায় দুঘন্টামান উৰাৰ পাছত সিহতে আহত এজোপাতে অকনমান জিৰনি ল'লে। তিনিওৱে খোৱা বস্তুবোৰ উলিয়াই খাই ল'লে।আকৌ ৰাজ-হাউলী অভিমূখে আহিবলৈ ধৰিলে।
ফেঁচাই বৰ লাহে লাহে অহাত ঈগলে তাক পিঠিতে বহুৱাই ল'লে।ঠেঙত কলপাতৰ পত্ৰখন।পিঠিত ফেঁচা।ঈগলৰ কষ্টই হৈছে।তথাপি তেনেকৈয়ে আহি ৰাজহাউলী পালেহি।সন্ধিয়া যেন লগা নাছিল যদিও বেলি মাৰ গ'ল।মূল প্ৰৱেশদ্বাৰৰ কাষতে থকা উদ্যানখনতে ৰজা ৰামে খোজ কাঢ়ি আছিল।সিহতক তিনিওকে একেলগে দেখি ৰজা নিজেই আগবাঢ়ি আহিল।
"প্ৰণাম,মহাৰাজ"তিনিওৱে ৰজাক অভিবাদন জনালে।
"হ'ব,হ'ব!চ'ৰাঘৰতে এওলোকক শুশ্ৰষাৰ জোগাৰ কৰা লিগিৰি।" মুৰত পানীৰ কলহ লৈ অনা লিগিৰিজনীক উদেশ্যি ক'লে।
ফেঁচা আৰু ঈগলে হাউলীৰ পৰিৱেশ আগতে দেখিছে।পাৰৰ এয়ে প্ৰথম।সেয়ে পাৰ অভিভূত হৈছে।লিগিৰিয়ে তিনিওকে নি চ'ৰাঘৰত আথে-বেথে বহুৱালেগৈ।চ'ৰাঘৰতে খোৱাৰ যোগাৰো কৰিলে।ঈগলক দিলে সুস্বাদু মাংস,ফেঁচা আৰু পাৰক দিলে মিঠা ধান আৰু মাহ।পৰম তৃপ্তিৰে তিনিওৱে খাই অতালে।
তেনেতে লিগিৰা এজন অাহি জনালে যে তেওলোকক ৰজাই আলোচনা-কক্ষলৈ মাতিছে।লিগিৰাজনে বাট দেখুৱাই লৈ গ'ল।
ৰজাই মন্ত্ৰীৰ লগত বহি আছে।
"কোৱাচোন কি সকামত আহিলা? কিবা সমস্যা হৈছে নেকি" ৰজাই সুধিলে
"হয় মহাৰাজ আমি সমগ্ৰ পক্ষীকূল বৰ বিপদত পৰিছোহঁক।সেয়ে উপায় বিচাৰি হাউলী পালোহি" এইবুলি কৈ ফেঁচাই পত্ৰখন ৰজালৈ আগবঢ়াই দিলে।"মহাৰাজ,আমাৰ জনাবলগীয়াখিনি ইয়াতে বিৱৰি লিখিছো।"
ৰজাই পত্ৰখন নিজে পঢ়াৰ লগতে মন্ত্ৰীকো পঢ়িবলৈ দিলে।কিছুসময় দুয়ো নিজৰ মাজতে আলাপ - আলোচনা কৰিলে।আলোচনাৰ অন্তত মন্ত্ৰীয়ে মাত লগালে," আমি তোমালোকৰ এই অৱস্থা দেখি অতন্ত্য দূখ পাইছো।তোমালোকে লিখিছা তোমালোকক ঘৰ দিয়াৰ কথা আৰু পাৰ,ঘৰচিৰিকাৰ বংশ নি:শেষ হোৱা উপক্ৰম হোৱাৰ কথা।আমি আৰু দূখ হ'বলৈ নিদিও।নিঃসন্দেহে তোমালোকৰ সমস্যা আমি সমাধান কৰিম।"
এইবাৰ ৰজাই ক'লে,"চোৱা পক্ষীসকল,আমি তোমালোকৰ প্ৰতিটো পৰিয়ালকে একোটিকৈ ঘৰ সজাৰ ব্যৱস্থা কৰি দিব পাৰো।কিন্তু প্ৰতিবছৰে এনেকৈ ঘৰ যোগান ধৰাটো অসম্ভৱ ,লগতে ঘৰটো পুৰনি হ'লেই ভাগি থাকিব।সেয়ে আমি সিদ্ধান্ত লৈছো আমাৰ অভিযন্তা বিশ্বকৰ্মাৰ
হতুৱাই তোমালোককে ঘৰ সাজিবলৈ প্ৰশিক্ষন দিয়াম।আৰু পাৰ,ঘৰচিৰিকাক ঘৰ সজাৰ প্ৰশিক্ষন দিয়াৰ লগতে আমাৰ হাউলীতে থকাৰ ব্যৱস্থা কৰি দিম যাতে তেওলোকৰ বংশতো ৰক্ষা পৰে।"
এইকথা শুনি তিনিওৰে মন ভৰি গ'ল।সঁচাকৈ ৰজা যে ৰজাই!!
"বৰ ভাল হ'ব মহাৰাজ" ঈগলে মাত লগালে। " আমাৰ ৰজা দীৰ্ঘজীৱী হওক" পাৰই ক'লে।
"গতিকে আমি সিদ্ধান্ত লৈছো অহা সোমবাৰে পুৱাৰ পৰা তিনিদিনীয়া প্ৰশিক্ষন এটি আৰম্ভ কৰিম। প্ৰতিটো সম্প্ৰদায়ৰ দহজনকৈ লোকে ইয়াত যোগদান কৰিব আৰু তেওলোকে গৈ নিজৰ সম্প্ৰদায়ৰ চৰাইখিনিক শিকাবগৈ।আমাৰ ঘোঁৰা দৌৰৰ পথাৰতে এই প্ৰশিক্ষন অনুষ্ঠিত কৰা হ'ব।
সেইদিনা সিমানতে আলোচনা সামৰি ৰজাই তিনিওকে ৰাতিটো হাউলীতে থকাৰ ব্যৱস্থা কৰি দিলে।মন্ত্ৰীয়ে এখন জাননী-পত্ৰ লিখি সকলোকে বিলাই দিবলৈ দিলে।
ৰাজহাউলীৰ পৰা পিছদিনা তিনিও ৰজাৰ পৰা বিদায় ল'লে।তিনিও নিজৰ নিজৰ হাবিৰফালে বাট পোনালে।বাটত যাওতেই তিনিও পুনৰ এখন সভাৰ পতাৰ চিন্তা কৰিলে।গৈ পায় আবেলিলৈএখন সভা পাতি সকলোকে প্ৰশিক্ষনৰ কথা জনাই দিলে।
প্ৰতিটো সম্প্ৰদায়ৰ মুৰব্বীসকলক প্ৰশিক্ষন ল'বৰ বাবে নিজ-সম্প্ৰদায়ৰ পৰা নিজে প্ৰতিনিধি নিৰ্বাচন কৰিবলৈ দিলে।সকলোৱেই নিজৰ নিজৰ সম্প্ৰদায়ৰ দহজনকৈ প্ৰতিনিধি নিৰ্বাচন কৰি যথাসময়ত ৰজাৰ ঘোঁৰা-দৌৰৰ পথাৰলৈ পঠিয়ালে।ৰজাই পক্ষী-সমাজৰ নিৰাপত্তাৰ লগতে উচিত খাদ্যৰ যোগান ধৰিলে।বিশ্বকৰ্মাইয়ো সকলোকে ঘৰ সজাৰ কৌশল বুজাই গ'ল।একেবাৰে প্ৰথম শাৰীতে বহিছে টোকোৰা চৰাইৰ দল । চাকৈ-চকোৱাৰ দল বহিছে তাৰ পাছৰ শাৰীত।ঘৰ সাজোতে কোনবোৰ বস্তু ব্যৱহাৰ কৰিলে ভাল,কোনবোৰ গছত ঘৰ সাজিলে ঘৰটো নিপুন হ'ব এই আটাইবোৰ কথা বিশ্বকৰ্মাই কৈ গৈছে।সকলোৱে ঘৰ সজাৰ প্ৰশিক্ষনত মন দিছে কিন্তু কুলি আৰু কাউৰীৰ মূখ চুপতিৰ অন্ত নাই।বিশ্বকৰ্মাই কি শিকাইছে একো কাণ-সাৰ নাই।কুলিৰ দলে কাউৰীক কৈছে,"তহতহে বেছি ক'লা"
কাউৰীৰ দলে কুলিক কৈছে,"তহতহে বেছি ক'লা"।
মুঠৰ ওপৰত কাজিয়াৰ অন্ত নাই। কাউৰী বোৰে কুলিক কয়,"তহত ভয়াতুৰ,ভীৰু-চৰাই।" কুলিৰ আকৌ নিজৰ সুমধুৰ মাতক লৈ গৰ্ব কৰি তত নাই।এনেকৈয়ে বেলেগে ঘৰ সাজিবলৈ শিকিছে,সিহতে আকৌ কাজিয়া কৰি,যুক্তি তৰ্ক লাগি সময় পাৰ কৰিছে।
এনেকৈয়ে প্ৰশিক্ষনৰ শেষৰ দিন আহি পালে।কাজিয়াৰ ভমকত কুলি-কাউৰী কাৰোৰে ঘৰ সঁজাৰ কথা শিকা নহল।
তেনেতে প্ৰশিক্ষক বিশ্বকৰ্মাই ক'লে," আমি সকলোৱে নিজে থাকিবলৈ,পোৱালি জগাবলৈ কেনেকৈ এটি ঘৰ সাঁজিব লাগে শিকিলোহঁক।কিন্তু এই ঘৰটো চৰাই ঘৰ হোৱা হেতু আমি "ঘৰ" বুলি নকৈ বাঁহ বুলিহে ক'ম।এতিয়া আহো আচল কথালৈ,যিহেতু মোৰ শিকোৱা হৈ গৈছে গতিকে তোমালোক প্ৰতিটো সম্প্ৰদায়ে তোমালোকৰ নিজৰ বাঁহটো সাজি আমাক দেখুৱাব লাগিব।আজি আবেলি বেলি পৰাৰ আগতেই মই বাঁহবোৰ চাম।তোমালোকে নিজৰ সুবিধামতে কূটা আনি বাঁহ সাজিবলৈ আৰম্ভ কৰা"
এইবুলি বিশ্বকৰ্মা নিজৰ ঘৰলৈ গ'ল।সকলো চৰাইয়ে পৰম উছাহেৰে বাঁহ সাজিবলৈ আৰম্ভ কৰিলে।কুলি আৰু কাউৰীৰ হাহাকাৰ লাগিল।কি হ'ব এতিয়া।কেনেকৈ বাঁহ সাজিব।সাজিব নোৱাৰিলে সকলোৰে আগত ভীষন লাজ পাব।
কুলিয়ে কাউৰীক জগৰ দিলে।সিহতৰ অতপালিৰ কাৰণেই এই গতি হ'ল।কাউৰীয়েও নিজৰ বুদ্ধি খতুৱাই বেলেগৰ পৰা চাই চাই হলেও বাঁহ সজাৰ মন মেলিলে।দুটামান কাউৰীয়ে জাবৰ-জোথৰ অলপ গোটাই আনিলে।তাকেই পকাই-জোকাই বেলেগলৈ চাই চাই বাঁহৰ আকৃতি দিবলৈ যত্ন কৰিলে।কুলিৰ পানীত হাঁহ নচৰা অৱস্থা, কি কৰিব একো ভাবি পোৱা নাই।ইতিমধ্যে সময় গৈ আছে।সিহতৰ যেন মূখ শুকাই গ'ল।
বেলি পৰাৰ আগে আগে বিশ্বকৰ্মা আহিল আৰু বাঁহবোৰ চাবলৈ ধৰিলে।
সকলোৰে বাঁহবোৰ খুব ধুনীয়া হৈছে আৰু প্ৰশংসা কৰিছে।এইবাৰ কাউৰীৰ বাঁহ চাবলৈ আহিল। বিশ্বকৰ্মাই খুকখুকাই হাঁহি সুধিলে," এইগাল জাবৰে বাঁহ সাজিছা যে,ৰাম-ৰাজ্যত কিহৰ অভাৱ?আগলৈ ভালবস্তুৰে বাঁহ সাজিবা।"
একেবাৰে শেষত আহিল কুলিৰ ওচৰলৈ।"বোলো আটাইয়ে জুপুকা মাৰি বহি আছা যে!বাঁহ ক'ত?"
এটা কুলিয়ে কন্দনামুৱা হৈ সকলো বিৱৰি ক'লে।কথা শুনি বিশ্বকৰ্মাই কুলিৰ দলটোক সকলোৰে আগতে ককৰ্থনা কৰি তাৰপৰা গুছি যাবলৈ ক'লেআৰু কাউৰীকো নিজৰ কু-চৰিত্ৰ শুধৰাবলৈ সকিয়নী দিলে।চৰম লাজ আৰু অপমানত কুলিৰ দলটো নিজৰ হাবিলৈ গুছি গ'ল।কাউৰীৰ জাতিকে নিজৰ এনে দশাৰ কাৰণ বুলি ভাবি এসেকা দিবলৈ পাং পাতিলে।সেয়ে কুলিয়ে কাউৰী বাহত কাউৰীৰ কণী পেলাই নিজৰ কণী পাৰি থৈ আহে।তেনেকৈয়ে নিজৰ পোৱালী হানি-বিঘিনি নোহোৱাকৈ ডাঙৰ কৰে।কুলিয়ে বহুত চেষ্টা কৰিও বাঁহ সাজিবলৈ নোৱাৰিলে।
আনহাতে প্ৰশিক্ষনৰ শেষত বিশ্বকৰ্মাই টোকোৰা চৰাইৰ বাঁহটোত আপ্লুত হৈ ৰজাক নি দেখুৱালে।ৰজাও অভিভূত হৈ পৰিল।অকনমানি চৰাইহতৰ কি চমৎকাৰ কাম!!ৰজাই টোকোৰা সমাজক চৰাইৰ অভিযন্তা বুলি আখ্যা দিলে।লগতে নিজৰ নাৰিকল আৰু তামোলৰ বাৰীতে বসতি কৰিবলৈ নিমন্ত্ৰণ জনালে।আনহাতে পূৰ্বৰ প্ৰতিশ্ৰুতি মতে পাৰ আৰু ঘৰ-চিৰিকাৰ পৰিয়াল কেইটাক সেইদিনাৰ পৰাই হাউলীত থকাৰ সুবিধা কৰি দিলে।পাৰ থাকিল ধান ভৰালৰ চৰতিত আৰু ঘৰ-চিৰিকা গোহালীৰ চালত।কালক্ৰমত পাৰক শান্তিৰ প্ৰতীক আৰু চিঠি কঢ়িওৱা কামত নিয়োজিত কৰাৰ বাবে ৰজাই ঘৰচীয়া কৰি ল'লে।আনহাতে ঘৰ-চিৰিকাও ঘৰচীয়া নহলেও মানুহৰ লগতে থকাটো অভ্যাস হৈ পৰিল।
Comments
Post a Comment