আধ্যাত্মিকতানে অনাময়??
_______________________
"নিমাটি" অসম মানচিত্ৰৰ এক গুৰুত্বপূৰ্ণ ঠাই বুলিয়ে ক'ব লাগিব।নিমাটি হৈছে মাজুলী-যোৰহাট সংযোগস্থল আৰু ব্ৰহ্মপুত্ৰৰ এটা প্ৰধান ফেৰীঘাট।যাতায়তৰ লগতে পৰ্যটনক্ষেত্ৰ হিচাপেও দৈনিক হাজাৰ হাজাৰ মানুহ নিমাটিলৈ আহে।কিন্তু নিমাটিক এখন সফল পৰ্য্যটনক্ষেত্ৰ আৰু অত্যাধুনিক ফেৰীঘাট হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰ-প্ৰশাসনৰ আজিকোপতি গা নলৰিল।এইয়া অৱশ্যে অসম-মুলুকত ভাতৰ লগত পানী খোৱাৰ দৰে কথা,হৈয়ে থাকে।
স্বচ্ছ-ভাৰত অভিযানৰ কাৰ্য-পন্থাই অনাময় ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।কিন্তু নিমাটিৰ দৰে দৈনিক হাজাৰ হাজাৰ মানুহৰ সমাগম হোৱা এখন অতি-ব্যস্ত ঠাইত সামান্যতম অনাময় ব্যৱস্থাৰ অভাৱ ।আনহাতে সেই ঠাইতে এটা মন্দিৰ স্থাপন কৰি পুৱা-গধুলি ভগৱানৰ বন্দনা চলাই থকা হৈছে।
মানুহ হিচাপে লাজ পাবলগীয়া এটা ব্যক্তিগত অভিজ্ঞতাৰ কথা ক'ব খুজিছো।যোৱা ছেপ্তেম্বৰ মাহত আমি আঠ ঘণ্টাৰ নৈশ-যাত্ৰা কৰি পুৱাই নিমাটি-ঘাট পাইছিলোহি মাজুলীলৈ ৰাওনা হ'বৰ বাবে।পুৱাৰ প্ৰথমখন ফেৰীৰ বাবে কমেও ৭০/৮০ জন মানুহ গোট খাইছে।নিশা বহুসময় ধৰি যাত্ৰা কৰি অহাৰ পাছত স্বাভাৱিকতেই যাত্ৰী সকলৰ বাবে অনাময় ব্যৱস্থাৰ প্ৰয়োজন হয়।কিন্তু যিহেতু নিমাটি-ঘাটত নূন্যতম অনাময় ব্যৱস্থাখিনিৰ অভাৱ,সকলোৱে মুকলিতে কৰিবলৈ বাধ্য।সেইদিনাও অনুৰূপ কথা!!সকলোৱে জোপোহা,দোকানৰ পিছফালে নিজৰ সুবিধা অনুযায়ী মুত্ৰ-বিসৰ্জনত লাগিছে আৰু সেইখন ঠাইতে মন্দিৰত পূজাৰীয়ে ঘণ্টা বজাই ৰাইজৰ মংগল কামনা কৰিছে(বোধহয়)।এৰা,মোলায়েম লগাই ফেৰী-যাত্ৰা,নিমাটি-মাজুলী ইত্যাদিৰ অপৰূপ ৰূপকথাত উটি যাবলৈ ভাল,কিন্তু ব্ৰহ্ম-পুৱাতে লেট্ৰিনৰ অভাৱত মুকলিতে মুত্ৰ-বিসৰ্জন কৰি থাকোতেই মন্দিৰৰ ঘণ্টা-ধ্বনি শুনিবলৈ পোৱাতো বৰ লাজ আৰু দুখৰ কথা!!তেনে ইমানদিনে বিদেশী পৰ্যটকক মুকলিতে মুতুৱাই অতিথি-পৰায়ন বুলি ফিতাহি মাৰি গৰ্বত গদ্গদ্ হৈ থকাটো এক পুতৌলগা আৰু তথৈবছ অৱস্থা নহয়নে??
________×_________
জ্ঞানদীপ শইকীয়া,মাজুলী
Comments
Post a Comment