কবিতা
নৈ-পাৰৰ বাতৰিৰ সৈতে...
_____________________
✍️ জ্ঞানদীপ শইকীয়া।
প্ৰাকৃতিক:
পানী ঢাকি খহি পৰা এজাক হিজল ফুলে থিয়-দঙা দি ক'লে,"এই মাটিত শুই আছে পকা-আঘোনৰ খৰালি খৰালি ৰং"।
ফেণ্টাচী:
পোৰা মাছৰ গোন্ধ এটা কাৰ চাঙঘৰেদি সৰকি আহিছে?
গেলা পানী খাই কাৰ চাঙঘৰত এতিয়াও জী আছে আবাল-বৃদ্ধ-বনিতা
(চোতাললৈ নৈ এখন গুছি অহাত শিশুহঁতৰ স্ফূৰ্তি)
মৰ্মান্তিক:
শুকাই থকা গাঁৱৰ আলিত হঠাতে অহা পানীৰ ঢল!
পানীৰ ঢলে উটুৱাই নিয়া খাটি-খোৱা মানুহৰ জীৱনৰ ৰং
উটি যায় গুটিধানৰ ভঁৰালটো
হালৰ বলধহাল
নহলেবা আধি পুহিম বুলি অনা ছাগলী দুজনী!
সাক্ষাৎকাৰ:
নিৰ্বাচনৰ এঢোপ সূতাৰে কেইযুঁটি তাঁত লগাব পাৰি?
বুকুৰ মেথনি ফিচিকি যোৱা মহিলা গৰাকীয়ে ক'লে,
"নাজানো ঈশ্বৰ,
ৰিলিফৰ চাউল খাই কাণ উনাই শুনিবহে পাৰি
এইখিনিতে মোৰ এবাঁহ পলুৱে খৰ্মৰাই খাইছিল ঢাপৰ এৰাপাত"
শেষত:
অন কেমেৰা মৃত্যূ ঘটিল এজনী অনাখৰী শিপীনিৰ
অৱশেষত:
পোৰা মাছেৰ ভাত খাই ফুট-গধূলিতে এখন গাওঁ টোপনি যাব।
কেৰাচিনৰ চাকিটো জ্বলাই কোনোবাই আখৰ জুপিব।
অতবোৰ কথাই যে অতপৰে ব্ৰেকিং নিউজত ওলাই টি.আৰ.পি বঢ়াইছে,ফুট গধুলিতে শুই-পৰা গাওঁখনে জানো ভূ-ভতং পাব!!
Comments
Post a Comment