প্লাষ্টিক প্ৰদূষণ

 প্ৰবন্ধৰ শীৰ্ষক "প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু জনসাধাৰণৰ ভূমিকা"










প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু জনসাধাৰণৰ ভূমিকা


              এটা ডাঙৰ পলিথিনত সোমাই পৰি দিশহাৰা হোৱা এইখন অসমৰে বগলী চৰাই এটিৰ ফটো এখন অলপতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ইয়াৰো কিছুদিন আগতে প্লাষ্টিকৰ সমগ্ৰীৰে বৈদ্যুতিক খুটা এটাৰ ওপৰত বাঁহ সাজি বংশ ৰক্ষাৰ আপ্ৰাণ চেষ্টা চলোৱা বুলবুলিহালৰ ছবিখনো আমি সকলোৱেই দেখিছিলো। এতিয়া প্ৰশ্ন হয়, এইখন জানো প্লাষ্টিকৰ পৃথিৱী? বগাকৈ বগলীৰ জাকটোৱে জানো কাহানিবা পলিথিনৰ মোনাত উমলি দিন কটাবলগীয়া হৈছিল! আলফুলীয়া বুলবুলিবোৰে কনমানি ঠোঁটতোত প্লাষ্টিক কঢ়িয়াই নিওতে দুখ পোৱা নাছিলনে? চৰাইবোৰক বাহ সাজিবলৈ  প্ৰকৃতিয়ে গছ-লতিকা প্ৰদান কৰিছে আৰু আমি  সিঁহতলৈ এৰি দিছো প্লাষ্টিকৰ পৰ্বতসম আৱৰ্জনা অবোধ জীৱবোৰে প্লাষ্টিক আৰু প্ৰাকৃতিক বস্তুৰ তফাৎ ধৰিব নোৱাৰি আও মৰণে মৰিবলগীয়া হৈছে এয়া মাথো এটি-দুটি উদাহৰণহে! প্লাষ্টিকে গো-গ্ৰাসে গিলি অনা এই উষ্ণ পৃথিৱীখনত যে জীৱকুলৰ দিন টুটি আহিছে, সেই কথা যেনিবা ধুৰূপ।

             সময়ৰ দোহাই দি অযথা পৰিৱৰ্তন কিছুমানত অভ্যস্ত হৈ পৰাটো যেন আমাৰ অঘোষিত নিয়ম। অথচ আজিৰ পৰা ২৫ বছৰ আগতো আমাৰ সমাজত মানুহে আড়ম্বৰপূৰ্ণভাৱেই জীৱন কটাইছিল। সা-সামগ্ৰী, বয়- বস্তুও আছিল অনেক। তেনে আজিৰ তাৰিখত প্লাষ্টিকৰ ইমান বৰ্দ্ধিত চাহিদা কিয়? কাৰণ দুটাই-১) নিজৰ বস্তবোৰৰ প্ৰতি চৰম অনীহা আৰু নিজৰ বস্তুবোৰক যুগৰ লগত খাপ খুৱাই উৎকৰ্ষ সাধন কৰিব পৰা সুব্যৱস্থাৰ অভাৱ আৰু ২) ভিত্তিহীন চাহিদা, অৰ্থাৎ কোনো ভিত্তি তথা প্ৰয়োজন অবিহনেই অযথা প্লাষ্টিক কিছুমান আমি ব্যৱহাৰ কৰোঁ

             ২০২৩ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপিত কৰা হৈছে " প্ৰাষ্টিক প্ৰদূষণ ৰোধ"ৰ মূলমন্ত্ৰৰে অথচ বাস্তৱ জীৱনত দিনকদিনে  দ্ৰুত হাৰত বাঢ়ি গৈছে প্লাষ্টিকৰ ব্যৱহাৰ আৰু প্ৰদূষণ। সময় থাকোতেই ইয়াৰ প্ৰতি সচেতন নহ'লে আমি এখন চিৰ-ৰুগীয়া পৃথিৱীৰ বাসিন্দা হ'বলৈ প্ৰয়োজন হ'ব মাথো দুদিনৰ। 

ক) প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ ভূমিকাঃ

             আজিৰ যুগত প্লাষ্টিক শূণ্য জীৱন এটাৰ কথা কল্পনা কৰিব নোৱাৰি, বিশেষকৈ বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ উন্নয়নশীল দেশ ভাৰতবৰ্ষত। জনসাধাৰণৰ নিৰ্লিপ্ততা আৰু  কাণ্ড-জ্ঞানহীনতাই প্লাষ্টিকৰ লগত জড়িত আইন-কানুনসমূহকো বহু সময়ত বুমেৰাং কৰি তুলিছে। কিন্তু যিমানেই চৰকাৰীভাৱে আইন বলবৎ নহওঁক কিয় জনসাধাৰণৰ মাজত যদি প্লাষ্টিকৰ বিৰুদ্ধে ব্যৱহাৰিকভাৱে এক জাগৰণৰ সৃষ্টি নহয়, গতানুগতিকভাৱে প্লাষ্টিক প্ৰদূষণৰ ভয়াবহতাও কেৱল কথাৰ মাজতেই সীমাবদ্ধ হৈ ৰ'ব। সেয়েহে প্ৰতিজন নাগৰিকে প্লাষ্টিকৰ ভয়াবহতাৰ বিষয়ে বুজি উঠিব লাগিব

           পূৰ্বতেই উল্লেখ কৰাৰ দৰেই আমি আমাৰ প্লাষ্টিক নিৰ্ভৰ প্ৰাতাহিক জীৱন সলনি কৰিব লাগিব। জীৱনৰ পৰা অযথা প্লাষ্টিকসমূহ আতৰাই পেলোৱাৰ উপৰিও প্লাষ্টিকৰ বিকল্পৰো সন্ধান কৰিব লাগিব। তলত জনসাধাৰণে প্লাষ্টিকৰ বিপৰীতে হাতত ল'ব পৰা কিছু কাৰ্যপন্থাৰ বিষয়ে আলোকপাত কৰা হ'লঃ

. পেলনীয়া প্লাষ্টিকেৰে গৃহ-নিৰ্মাণঃ

            ২০২০ বৰ্ষত পেলনীয়া প্লাষ্টিকৰ বটলেৰে নদীদ্বীপ মাজুলীত এটি সম্পূৰ্ণ অংগণবাদী কেন্দ্ৰৰ নিৰ্মাণ কৰিছিল মাজুলী জিলা প্ৰশাসনে। এইক্ষেত্ৰত প্লাষ্টিকৰ পাৰ্শ্বক্ৰীয়া নথকা নহয়, তথাপি আৱৰ্জনাৰূপে মাটি, পানী তথা বায়ু প্ৰদূষণৰ কাৰক হৈ থকাতকৈ এই পেলনীয়া প্লাষ্টিকসমূহক ব্যৱহাৰযোগ্য কৰি তোলাৰ কাৰণে অলপ হলেও প্ৰদূষণৰ মাত্ৰা কমিছে। জনসাধাৰণে পেলনীয়া প্লাষ্টিকসমূহ এনেদৰে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ এক পৰম্পৰা জনপ্ৰিয় কৰি তুলিব পাৰিলে প্লাষ্টিকসৃষ্ট প্ৰদূষণ বহু পৰিমানে ৰোধ হ'ব।

. প্লাষ্টিকৰ মোনা বৰ্জনঃ

            ব্যৱসায়ীসকলেও এক কেন্দ্ৰীয় সিদ্ধান্তৰে পলিথিনজাতীয় মোনাৰ সলনি গ্ৰাহকক কাপোৰৰ মোনা নিজেই লৈ অনাৰ ব্যৱস্থা গঢ়ি তুলিব পাৰে। হোটেল-ৰেষ্টুৰেন্টসমূহত প্লাষ্টিকৰ বাচনসলনি ঢকুৱাৰ বা পাতেৰে নিৰ্মিত বাচন ব্যৱহাৰ কৰিব পাৰে। গুৱাহাটীৰ উজান বজাৰস্থিত "থলগিৰি" নামৰ বিপণী আৰু ৰেষ্টুৰেন্টখনত ঢকুৱাৰ বাচন ব্যৱহাৰ কৰে। এনেদৰে সকলোৱেই যদি লাহে লাহে প্লাষ্টিকৰ ব্যৱহাৰ কমাই যোৱাৰ চেষ্টা চলায়; প্ৰদূষণো এদিন নিয়ন্ত্ৰণলৈ আহিব।

. গ্ৰাম্য জীৱন শৈলীৰে দূৰ কৰোঁ আহক প্লাষ্টিকৰ প্ৰদূষণঃ

            পৰিৱেশ-পৰিস্থিতি তন্ত্ৰৰ স্থিতাৱস্থা নিৰ্ভৰ কৰে জীৱশ্ৰেষ্ঠ মানুহৰ প্ৰাত্যাহিক জীৱনৰ ওপৰত। মানুহে দৈনন্দিন জীৱনত কি কৰিছে, কেনেকৈ কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰে পৰিৱেশৰো গতি-প্ৰকৃতি। আজিৰ পৰা ২৫ বছৰৰ আগতে মানুহে ব্যৱহাৰ কৰিছিল কাঠ-বাঁহ, মাটি আৰু ধাতুৰ দ্বাৰা নিৰ্মিত বয়-বস্তু। গৃহ-নিৰ্মাণৰ পৰা কৃষি-সঁজুলিলৈকে সকলোবোৰ আছিল প্ৰাকৃতিক। প্লাষ্টিকৰ কোনো ধৰণৰ স্থান নাছিল। এতেকে প্ৰদূষণৰো প্ৰশ্নই নুঠিছিল। সেয়েহে বৰ্তমানৰ প্লাষ্টিকৰ ভয়াবহতা ৰোধ কৰিবলৈ আমি উভটি যাব লাগিব ২৫ বছৰৰ আগৰ প্ৰাত্যাহিক জীৱন-যাত্ৰালৈ। কিয়নো, অসমীয়া লোকৰ গ্ৰাম্য জীৱনশৈলী হ'ব পাৰে প্লাষ্টিক প্ৰদূষণ ৰোধৰ এক বাস্তৱিক উপায়"No Plustic" বুলি কেনেদৰে ক'ব পাৰি আৰু প্ৰকৃতিৰ সৈতে সহৱস্থান কিদৰে কৰিব লাগে সেয়া শিকিব পাৰি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ গ্ৰাম্য  সমাজ ব্যৱস্থাৰ পৰা। আমাৰ  সমাজ ব্যৱস্থাত সৌ সিদিনালৈকে উদ্যোগজাত সা-সামগ্ৰীৰ বিশেষ ব্যৱহাৰ নাছিল। কাঠ-বাঁহৰ গৃহ-সজ্জাৰ পৰা সকলোতে কেৱল প্ৰকৃতি প্ৰদত্ত বয়বস্তুৰহে ব্যৱহাৰ আছিল। বাঁহৰ চুঙা, লাওৰ খোলা, মাটিৰ বাচন, বিবিধ পাত আদিৰেই চলি গৈছিল প্ৰাত্যাহিক জীৱন।

             মাটিৰ মলা, নদীয়া, কলহ, টেকলি, ভুৰুকা আদি বাচনবোৰ আজিৰ প্ৰজন্মৰ বাবে সাধুকথা হৈ পৰিছে। অথচ এই সমূহ আছিল বিজ্ঞান সন্মত আৰু প্লাষ্টিকতকৈ ইয়াৰ  ব্যৱহাৰ-সুলভতা বহুগুণে  বেছি। একেদৰে খৰাহী, পাচি, ডলা, চালনী, সৰু-চালনী, বৰ-চালনী আদি বাঁহেৰে নিৰ্মিত সঁজুলিবোৰ ব্যৱহাৰ কৰিবলৈ সহজ আৰু দীৰ্ঘ সময়ৰ বাবে ব্যৱহাৰ কৰিব পাৰি। 

            আনহাতে, বিশেষকৈ মাছ ধৰা সঁজুলি বিশেষলৈ মন কৰিলে দেখা যায় সকলোবোৰ আছিল মৰাপাট, বাঁহ আৰু কাঠেৰে তৈয়াৰী। সম্প্ৰতি প্লাষ্টিকেৰে নিৰ্মিত সঁজুলিসমূহ জলাহ প্ৰাণীৰ বাবে হৈ পৰিছে আতংক। সেয়েহে দলঙা, পল, জুলুকি, উভতি, ডিঙৰা, খলহা, চালনী আদিৰে মাছ ধৰাৰ পৰম্পৰা পুনৰায় গঢ়ি তুলিব লাগে। যদিহে প্লাষ্টিক জাতীয় এই সঁজুলিবোৰৰ পৰিৱৰ্তে এই বাঁহ-কাঠ-মাটিৰ সঁজুলিসমূহ পুনৰায় ব্যৱহাৰৰ কৰাৰ এক পৰম্পৰা গঢ়ি তোলা যায় প্লাষ্টিকৰ প্ৰদূষণ বহু পৰিমানে ওৰ পৰিব।

. সচেতন নাগৰিক হিচাপে শিক্ষাৰ্থী সমাজৰ কৰণীয়ঃ

              বিশেষকৈ শিক্ষাৰ্থী সমাজেও এক আদৰ্শ দেখুৱাব পাৰে গৰম দিনত সতকাই ব্যৱহাৰ কৰা প্লাষ্টিকৰ পানী বটলটোৰ সলনি এটি বাঁহৰ বটল ব্যৱহাৰ কৰিব পাৰে। সম্প্ৰতি দেখা পোৱা গৈছে মাটিৰ পাত্ৰত চাহ পৰিৱেশনৰ পৰম্পৰাটি জনপ্ৰিয় হৈ উঠিছে। যদিহে চাহ পৰিৱেশনৰ পৰম্পৰাটি মানুহে আকোৱালি লৈছে আন ক্ষেত্ৰটো জৈৱিক সঁজুলিৰ ব্যৱহাৰ জনপ্ৰিয় কৰি তুলিব পাৰি। দেখা যায় যে প্লাষ্টিকৰ ব্যৱহাৰৰক্ষেত্ৰত গৰিষ্ঠ সংখ্যক শিক্ষানুষ্ঠানৰে অৱস্থা হতাশাজনক। বেছিভাগ শিক্ষানুষ্ঠানতে নাই পৰ্য্যাপ্ত পৰিমাণৰ ডাষ্টবিনৰ ব্যৱস্থা আৰু পৰিৱেশৰ নীতি মানি চলাৰ ক্ষেত্ৰটো চৰম হেমাহি। সেয়েহে, শিক্ষানুষ্ঠানসমূহ সংশোধিত হোৱাটো প্ৰয়োজন। অন্ততঃ শিক্ষানুষ্ঠানসমূহে প্ৰকৃত অৰ্থত "No Plustic" বুলি ক'বলৈ শিকিলেই এখন প্লাষ্টিকমুক্ত সমাজৰ দিশে আমি আগবঢ়াৰ আশা কৰিব পাৰিম।

. প্ৰকৃতিলৈ ঘূৰি যাওঁ আহকঃ

                ঘৰৰ মাটিৰ চোতালখন ক্ৰংকীটলৈ ৰূপান্তৰ ঘটাই  আৰু প্লাষ্টিকৰ টাব কিনি আনি সেই টাবত গছ পুলি ৰোৱাতকৈ আহক চোতালখন মাটিৰেই কৰি ৰাখো আৰু ঘাঁহ-বন গজিবলৈ দিওঁ। উত্তৰসুৰীলৈ থৈ যাওঁ কিছু মাটি, এজোপা গছ আৰু প্লাষ্টিক মুক্ত এখন সেউজীয়া পৃথিৱী।



) প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাঃ

                ভাৰতবৰ্ষৰ দৰে বিশাল জনসংখ্যাৰ দেশ এখনত চৰকাৰী পক্ষৰ হস্তক্ষেপ আৰু কিছু স্থায়ী নীতি-নিৰ্দেশনাৰ অবিহনে প্লাষ্টিক প্ৰদূষণৰ দৰে গোলকীয় জলন্ত সমস্যা এটিক নিৰ্মূল কৰা অসম্ভৱ। প্লাষ্টিকৰ ভয়াবহতা ৰোধ কৰিবলৈ চৰকাৰী পক্ষই দায়িত্ব ল'বই লাগিব। এই ক্ষেত্ৰত চৰকাৰে ল'ব পৰা কিছু পদক্ষেপৰ বিষয়ে আলোকপাত কৰা হ'লঃ


১. জৈৱিক সামগ্ৰীৰ যোগান বৃদ্ধিঃ

               জৈৱিক সামগ্ৰীৰ যোগান বৃদ্ধি কৰি প্লাষ্টিকৰ আধিপত্যক ৰোধ কৰিব পাৰি। আমাৰ বজাৰসমূহত থলুৱাভাৱে নিৰ্মিত প্ৰাকৃতিক বস্তুসমূহ কম-বেছি পৰিমাণে উপলদ্ধ যদিও চাহিদা অনুপাতে যোগান সীমিত হোৱাৰ বাবে ইয়াৰ দৰস্তৰ অত্যাধিক হোৱা দেখা যায়। উদাহৰণ স্বৰূপে, এটা প্লাষ্টিকৰ টাব পাইকাৰী হাৰত অতি বেছি ১৫ টকা মূল্যতে ক্ৰয় কৰিব পাৰি। আনহাতে এটা মাটিৰে নিৰ্মিত টাবৰ নূন্যতম মূল্য প্ৰায় ৫০ টকা। গতিকে, সৰ্বসাধাৰণ ৰাইজে প্লাষ্টিকৰ টাবটো কিনাই স্বাভাৱিক। যিহেতু, এটা মাটিৰ টাবৰ পৰিৱৰ্তে ৩টা প্লাষ্টিকৰ টাব কিনিব পাৰি আৰু এনেদৰেই বাঢ়ি যায় প্লাষ্টিকৰ ব্যৱহাৰ তথা প্ৰদূষণ। সেয়েহে চৰকাৰে এক বহনক্ষম নীতি তৈয়াৰ কৰি বজাৰত এনে জৈৱিক সামগ্ৰীসমূহ তথা ৰাইজৰ নিত্য-ব্যৱহাৰ্য্য সামগ্ৰীসমূহৰ যোগান বৃদ্ধি কৰিব লাগিব। প্ৰয়োজন সাপেক্ষ্যে, পৰিৱেশৰ ভাৰসাম্যতাৰ বৃহৎ স্বাৰ্থতে এনে সামগ্ৰীৰ উৎপাদন, বিপনন, বিতৰণ এই সমগ্ৰ প্ৰক্ৰিয়াটো ৰাজহুৱা খণ্ডৰ হাতলৈ নি সঠিক ৰূপত ৰূপায়ণ কৰিব পাৰিলে প্লাষ্টিকৰ ব্যৱহাৰ নিশ্চিতভাৱেই কমি আহিব।

২. কূটীৰ শিল্পসমূহ পুনৰুজ্জ্বীৱীতকৰণঃ

                 বিশ্বায়নে আনি দিয়া মুক্ত অৰ্থনীতিৰ ধাম-খুমীয়াত অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ আৰ্থ-সামাজিক দিশটোত ভাৱিব নোৱাৰাকৈ পৰিৱৰ্তন আহিল। পূৰ্বতেই উল্লেখ কৰাৰ দৰেই পৰিৱেশ ৰক্ষাৰ বাঘজৰীডাল কেৱল মানুহৰ হাতত তথা মানৱ সমাজখনৰ দৃষ্টিভংগীৰ ওপৰত। এতিয়া মানুহৰ হাতত একাধিক বিকল্প; মানুহৰ ৰুচি-অভিৰুচিৰো অনেক পৰিৱৰ্তন সাধন হ'ল। মুক্ত অৰ্থনীতিৰ যান্ত্ৰিক আৱা-হাৱাত হেৰায় যোৱা বিভিন্ন থলুৱা উপাদানসমূহৰ ভিতৰত আমাৰ কূটীৰ শিল্পসমূহ অন্যতম। আজিৰ পৰা কিছু বছৰৰ আগলৈকে কূটীৰ শিল্পসমূহে উৎপাদন কৰা প্ৰাকৃতিক তথা জৈৱিক সামগ্ৰীসমূহৰ এক অনুকূল চাহিদা আছিল। প্লাষ্টিকৰ সামগ্ৰীৰ বিকল্প হিচাপে মানুহৰ দৈনন্দিন জীৱনৰ চাহিদা পূৰণ কৰিছিল অসমৰ চুকে-কোনে থকা কূটীৰ শিল্পসমূহে। বিশেষকৈ কুমাৰ, বাঢ়ৈ আৰু কাঠ-মিস্ত্ৰীসকলে একো একোটা অঞ্চলত নিজৰ উৎপাদিত সা-সামগ্ৰীৰ যোগান ধৰিছিল। আজিও ৰাজ্যখনৰ বহুতো গ্ৰামাঞ্চলত মাটিৰ পাত্ৰৰ বহুল ব্যৱহাৰ আছে। বিশেষকৈ বিয়া-সকাম, সবাহ আদি অনুষ্ঠানৰ বেলিকা দুমাহ আগতেই কুমাৰৰ পৰা টেকেলি আনি দৈ গাখীৰ প্ৰস্তুত কৰাৰ এক পৰম্পৰা আছিল। কালক্ৰম পইছা দিলেই কিনিবলৈ পোৱাকৈ প্লাষ্টিকত পেকেজিং কৰা দৈ উপলদ্ধ হ'ল, সমান্তৰালভাৱে পৃথিৱীয়ে বহন কৰিবলগা হ'ল  প্লাষ্টিকৰ প্ৰদূষণ। কুটীৰ শিল্পজাত সামগ্ৰীসমূহৰ ঠাই যেতিয়াই প্লাষ্টিকে ল'লেহি তেতিয়াই প্ৰদূষণৰ কথাও আহি পৰিল। গতিকে প্লাষ্টিকক ৰোধ কৰিবলৈ আমাৰ কূটীৰ শিল্পসমূহ পুনৰুজ্জ্বীৱীত কৰিবই লাগিব। তাৰবাবে কূটীৰ শিল্পসমূহৰ আন্তঃগাঁথনি, এই শিল্পত নিয়োজিত শিল্পীসকলক আৰ্থিক সকাহৰ লগতে উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা, যুৱক-যুৱতীসকলক এই শিল্পসমূহক পেছা হিচাপে গ্ৰহণ কৰিবলৈ এক সু-সংহত আঁচনি চৰকাৰে গ্ৰহণ কৰিব পাৰে।

                কূটীৰ শিল্পসমূহৰ উৎপাদন বৃদ্ধিৰ বাবে এক বৃহৎ বিনিয়োগ গঢ়ি তুলিব লাগিব। প্ৰয়োজন সাপেক্ষ্যে এনে উদ্যোগসমূহ ৰাজহুৱা খণ্ডৰ হাতলৈ নি এক বৃহৎ উৎপাদনৰ ব্যৱস্থা গঢ়ি তুলিব পাৰেযিহেতু  আমাৰ সমাজৰ শিপাডাল এনে সামগ্ৰীৰ লগত জড়িত গতিকে এনে শিল্পসমূহৰ চাহিদা কমি অহাৰ প্ৰশ্নই নুঠে। কুটীৰ শিল্পজাত সামগ্ৰীৰ বৃহৎ উৎপাদনৰ লগতে উন্নতমানৰ বিজ্ঞাপন, বিপনন তথা এখন বৃহৎ বজাৰ গঢ়ি তুলিব পাৰিলে সকলোৱেই "NO PLUSTIC " বুলি ক'বলৈ বাধ্য হ'ব আৰু ব্যৱহাৰ কমি আহিলেই প্ৰদূষণো আপোনা-আপুনি নোহোৱা হৈ পৰিব।

৩. জৈৱিক সামগ্ৰীৰ বজাৰ আৰু এক সুষম দৰস্তৰ নিৰ্ধাৰণঃ 

                জৈৱিক সামগ্ৰী সমূহৰ চাহিদা কমি যোৱাৰ আন এক কাৰণ হ'ল এখন বজাৰ আৰু এটি সুষম দৰস্তৰৰ অভাৱ। প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে জৈৱিক সামগ্ৰীসমূহক এখন বজাৰ দিব লাগিব। লগতে নিৰ্ধাৰণ কৰিব লাগিব ক্ৰেতা আৰু বিক্ৰেতা উভয় পক্ষৰ লগতে "প্লাষ্টিক প্ৰদূষণ"ৰ স্বাৰ্থ আগত ৰাখি এটি সুষম দৰস্তৰ। যাতে দীৰ্ঘকালীন সময়ৰ বাবে বজাৰখন বৰ্তি থাকে আৰু বজাৰখন বৰ্তি থাকিলেই উৎপাদন প্ৰক্ৰিয়াও চলি থাকিব।

৪. জৈৱিক উদ্যোগীসকলক উদ্‌গণিঃ

              উপদেশতকৈ আৰ্হি শ্ৰেয়। পৰিৱেশ সংক্ৰান্তীয় কথাসমূহ আজিকালি কিতাপৰ পাতত, সভা-সমিতিৰ বক্তৃতাতে সীমাবদ্ধ। সেয়েহে চৰকাৰে যিসকল লোকে প্লাষ্টিকৰ বিকল্প নিৰ্মাণৰ অৰ্থে প্ৰকৃত অৰ্থত কাম কৰি আছে, তেওঁলোকক উচিত মৰ্য্যদা আৰু কাম কৰি যোৱাৰ সুযোগ প্ৰদান কৰা উচিত। 

              উদাহৰণ স্বৰূপে, বিশ্বনাথ চাৰিআলিৰ নৱপুৰৰ শ্ৰী ধৃতিমান বৰাই "ডিবি ইণ্ডাষ্ট্ৰীজ" নামেৰে এটা প্ৰতিষ্ঠান আৰম্ভ কৰি বাঁহেৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰিছে। ইয়াৰ লগতে, ভাৰতীয় উদ্যমীতা সংস্থা (ENTREPRENEURSHIP DEVELOPMENT INSTITUTE OF INDIA) উদ্যোগত স্বেচ্ছাসেৱী সংগঠন টাক্স (TAKS)ৰ সহযোগত পানী মেটেকাত সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰাৰ লগতে, ৰাজ্য-বহিঃৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো এক ব্যাপক চাহিদাৰ সৃষ্টিৰ বাবে কাম কৰি আহিছে। এনে উদ্যোগীসমূহক চৰকাৰে এক বহল পৰিসৰত নিজৰ উৎপাদন প্ৰক্ৰিয়া চলাই নিয়াৰ হকে উচ্চমানৰ প্ৰশিক্ষণ প্ৰদান, এক-কালীন সাহাৰ্য্য প্ৰদান আদি পদক্ষেপ হাতত ল'ব পাৰে

৫. শিক্ষাৰ এক নতুন ধাৰাঃ

               শিক্ষা ব্যৱস্থাটো হৈছে দেশ এখনৰ মেৰুদণ্ড। বৰ্তমান আমাৰ প্ৰতিটো পাঠ্যক্ৰমতে পৰিৱেশ বিজ্ঞান বিষয়টি সন্নিবিষ্ট কৰিছে যদিও এয়া কেৱল নম্বৰকেন্দ্ৰিক পৰীক্ষা ব্যৱস্থাতে সীমিত। এইখন অসমতে "অক্ষৰ ফ’ৰাম" এখন ব্যতিক্ৰমী বিদ্যালয় আছে য'ত প্লাষ্টিক প্ৰদূষণৰ ৰোধৰ ক্ষেত্ৰত এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰি আছে। গুৱাহাটীৰ পামহিত অৱস্থিত এই বিদ্যালয়খনত শিক্ষাৰ্থীৰ পৰা মাচুলৰ পৰিৱৰ্তে লোৱা হয় পেলনীয়া প্লাষ্টিক। প্লাষ্টিকৰ পৰা হোৱা ভয়াৱহ প্ৰদূষণ ৰোধ কৰি ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাৰ লক্ষ্যৰে গঢ় দিয়া এই বিদ্যালয়খনৰ আৰ্হি চৰকাৰে সকলোতে প্ৰয়োগ কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ লগতে সকলো খণ্ডতে কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে এনে ব্যৱস্থা গঢ়ি তুলিলে প্লাষ্টিক প্ৰদূষণ বহু পৰিমাণে ৰোধ হ'ব।

. কঠোৰ নীতি-নিয়ম আৰু আইনী ব্যৱস্থাঃ

               কঠোৰ হোৱাৰ সময় ইতিমধ্যেই পাৰ হৈছে। চৰকাৰ প্ৰশাসনৰ শিথিলতা আৰু কাণ্ড-জ্ঞানহীন এচাম লোকৰ চৰম অসচেতনাই ইতিমধ্যেই পানী, মাটি, বায়ু সকলো প্লাষ্টিকময় কৰি তুলিছে। সেয়েহে কঠোৰ নীতি-নিয়ম আৰু আইনী ব্যৱস্থাৰে প্লাষ্টিক ৰোধৰ ব্যৱস্থা গঢ়ি তোলাটো জৰুৰী হৈ পৰিছে। অন্যথা, জনসাধাৰণ যে সচেতন হ'ব সেইটো আশা কৰিব নোৱাৰি।

                অবাধ প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰাৰ লগতে অপ্ৰয়োজনীয় প্লাষ্টিক উৎপাদনৰ বেলিকাও চৰকাৰ কঠোৰ হোৱা বাঞ্ছনীয়। কেৱল ৰাজহৰ স্বাৰ্থতে এনে প্লাষ্টিকজাত সামগ্ৰীৰ উদ্যোগসমূহ দিনকদিনে বাঢ়ি যাব ধৰিছে। আনহাতে নদী, খাল, বিল, জলাশয় আদি বহুলোকে ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰি প্লাষ্টিক প্ৰদূষণৰ অনুঘটক হিচাপে অৰিহণা যোগাইছে। জধে-মধে, য'তে-ত'তে প্লাষ্টিক জ্বলাইয়ো প্ৰদূষণ সৃষ্টি কৰিছে। এতেকে, দেখা যায় সজাগতা সভা অনুষ্ঠিত কৰি অথবা প্লাষ্টিকৰ বিকল্প প্ৰদান কৰিলেও বহু ক্ষেত্ৰত প্লাষ্টিকৰ প্ৰদূষণ ৰোধ কৰাটো কঠিন হৈ পৰিছে। সেয়েহে চৰকাৰী কৰ্তৃপক্ষই কঠোৰ আইন ৰূপায়ণ কৰি অতিশীঘ্ৰেই বলবৎ কৰাটো জৰুৰী

. পুনৰ চক্ৰীকৰণ আৰু প্লাষ্টিকৰ ৰাস্তাঃ

            প্লাষ্টিকৰ পুনৰ চক্ৰীকৰণ প্লাষ্টিক প্ৰদূষণ ৰোধৰ এক অন্যতম উপায়। চৰকাৰে এই চক্ৰীকৰণ ব্যৱস্থাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা উচিত।

             প্লাষ্টিক মেন অৱ ইণ্ডিয়া’ উপাধিৰে খ্যাত ৰসায়ন বিজ্ঞানৰ অধ্যাপক ৰাজাগোপালন বাসুদেৱনে পেলনীয়া পলিথিনক বিটুমেনৰ সৈতে গৰম কৰি শিলগুটিৰ ওপৰত প্ৰলেপ দি পথ নিৰ্মাণৰ এক আৰ্হি প্ৰস্তুত কৰি উলিয়াইছিল। অধ্যাপক বাসুদেৱনৰ এই আৰ্হিৰে প্লাষ্টিক ,বিটুমেন আৰু শিলগুটিৰে পৰীক্ষামুলকভাৱে ২০০২ চনতে পথ নিৰ্মাণত সফল হৈছিল, তথাপি এনে ধৰণৰ ধাৰণাসমূহক অধিক জনপ্ৰিয় কৰি তোলাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয়। সেয়েহে এনে উদ্ভাৱনী কাৰ্য্যক গুৰুত্ব দিয়াৰ লগতে ব্যাপক প্ৰচলনত চৰকাৰে বিশেষভাৱে প্ৰাধান্য দিব লাগে।


শেষত...

              প্লাষ্টিক আৰু ইয়াৰ প্ৰদূষণে ভয়াবহতাৰ চৰম সীমা ইতিমধ্যেই পাৰ কৰিছে। পৃথিৱীৰ প্ৰতিজন নাগৰিকে যদি এই সময়ৰ পৰাই যদি প্লাষ্টিকৰ কু-প্ৰভাৱৰ বিষয়ে সজাগ নহয় তেনে সমগ্ৰ পৃথিৱীখনেই দুদিনতে চিৰ-ৰুগীয়া হৈ পৰিব। 

              বহুত হ'ল প্ৰহসন, মানুহৰ অন্ধ চং-ভাও, প্ৰকৃতি সুৰক্ষাৰ নামত চৰকাৰী ধনৰ শৰাধ কিম্বা বুদ্ধিজীৱী হোৱাৰ পৰম্পৰা। আহক আজিৰ পৰাই প্লাষ্টিকৰ পৰিমাণ কমাওঁ, প্লাষ্টিকৰ বস্তবোৰ য'লৈ-তলৈ দলিয়াই দিওঁতে চিন্তা কৰোঁ," এইখন পৃথিৱী কেৱল মানুহৰেই নহয়। মানুহ অতিকে ক্ষুদ্ৰ!"



লেখকৰ তথ্যঃ

জ্ঞানদীপ শইকীয়া

মেৰাগড় গাঁও, মাজুলী

ডাকঃ বনগাঁও, ৭৮৫১১০,অসম

ফোন নংঃ৭০৮৬৭৪৮৬৩৬

ই-মেইলঃsgyandeep01@gmail.com





Comments

Popular posts from this blog

নিবন্ধ

নিবন্ধ

কবিতা