কবিতা
*নৈ-পাৰৰ দেওলগা সাধু*
কাৰ মুখলৈ চাই
এৰি যাওঁ এই বিষন্ন উপত্যকা
বাঢ়ি অহা নদীৰ শিতানত গহৰা গজে এটি শোকাকুল ৰাতি
শেষৰটো এঙেৰুৱা পমি
নুমাই যায় চ'ৰাঘৰৰ টিপচাকি
ককালেদি উজাই আহি বাত বিষে জীৱন ভেঁটি ধৰে
তাহানিৰ শালিতলীত পানীজোলা উঠে
আই অ', নাই বোলোতেই নোহোৱা হ'ল ভোগৰ দিন
ওহাৰ শুকাই জৰাজীৰ্ণ
গোহালীৰ লখিমী
দুঃস্বপ্ন আৰু অনিদ্ৰা
কোতৰত দুচকু
দিনক ৰাতি কৰি
সেই একেই অমংগলৰ স্বীকাৰোক্তি
লহ্পহাই বগাই যোৱা পানী কোমোৰাজোপা শৱদেহ হৈ পৰি থাকে গোটেই চালিখন জুৰি
নদীখনৰ ওভত গোৰ নাচত
তেনেই উৱলি যায় চোতাল-পদূলি
কেচুমতা উকতি উকতি ৰাজহাড়ত বিষে ধৰে
সূতা কটা শিপিনীৰ
সেপ ঢুকি
টেটু শুকায়
জলকা লাগে
নামঘৰৰ পাঠেকনী
লাগনী গছৰ শিপা গেলে
জাজীত লাগি জহে-খহে
ৰংমনৰ কজলা গৰু
বোপাইৰ পানীয়ে খোৱা ভৰিৰ তলুৱাত
আত্মজাহ
এটোম
আমপাখি ধানৰ শাহ
আৰু
এজাক আধাফুটা সেউজীয়া।
✍️জ্ঞানদীপ শইকীয়া।
Comments
Post a Comment