মিঞা
মিঞা বিতৰ্কৰ কেণাটো ক'ত?
__________________________
ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈকে নিৰ্বাচনী ভাষণৰ বিষয়বস্তুবোৰে অমৰত্ব লাভ কৰিলে যেনহে বোধ হয়।কোনে কি কথাৰে,কি মিছা আশ্বাসেৰে ভাষণ মাতিব ৰাইজে আগতেই গম পায়।কেইটিমান সমস্যাক সমস্যা কৰি নাৰাখিলে অল্পমতি ৰাজনীতিবিদসকলৰ পক্ষে নিৰ্বাচনী বৈতৰণী পাৰ কৰাটো দুৰূঢ়।যিদৰে কলেজৰ পানীযোগান,ইন্ড'ৰ ষ্টেডিয়াম,ছাত্ৰ জিৰণী কোঠা,ছাত্ৰী জিৰণী কোঠা ইত্যাদি বিষয়বোৰ ছাত্ৰ-ৰাজনীতিৰ ক্ষেত্ৰত,প্ৰায়বোৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-একতা সভা নিৰ্বাচনৰ বিষয়বস্তু হিচাপে অনাদি কালৰে পৰা চলি আহিছে কিন্তু কাৰ্যতঃ হৈ নুঠে।ফলত পৰৱৰ্তী একতাসভাইয়ো একেখিনি কথাই ক'বলগীয়া হয়।হিন্দু-মুছলিমৰ ৰাজনীতিও একেই কথা।চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ কৰি সম্প্ৰতি সৰ্বত্বে চৰ্চিত হিন্দুত্ববাদৰ গেৰুৱাৰঙলৈকে অতিধৰ্মকেন্দ্ৰিক আৱাহাৱাত সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে।
আকৌ আহিল 'মিঞা-বিতৰ্ক'।নৃ-তাত্ত্বিক,ধৰ্মীয় আৰু ৰাজনীতিৰ দৃষ্টিকোণ বাদ দি মিঞাসকললৈ লক্ষ্য কৰিলে দেখা যায় যে মিঞাসকল হৈছে অতিশয় পিছপৰা, সভ্যতাৰ লেশমানো পোহৰ নপৰা এটা মানুহৰ গোট।মিঞা বুলিলেই মনলৈ আহে শাৰী-লুঙী পিন্ধি পূতি-গন্ধময় পৰিৱেশত বাস কৰা,ধৰ্মীয় গোড়ামীত অন্ধ এজাক মানুহ।এই মানুহখিনি কিয় এনে হ'ল?পৃথিৱীৰ যত সমস্যা আছে,সেই সকলোবোৰ সমস্যাত লেটি লৈ এই মানুহখিনিয়ে কিয় লেলাট ভুঞ্জি মৰিবলগীয়া হৈছে?এনেকুৱা সমস্যা জৰ্জৰ মানুহৰ ওপৰতে গৱেষনা কৰি একাংশই ডক্টৰেট ডিগ্ৰী লৈছে,বুদ্ধিজীৱী হৈছে।মাকৰ কাণৰ এৰতি খোৱা ৰাজনীতিবিদ সকলৰ কথা নকলোৱেবা।এচাম মানুহ কিয় প্ৰজন্মই প্ৰজন্মই দৰিদ্ৰ হয়,কিয় এই সমাজবোৰত অপৰাধ প্ৰৱণতা বেছি?
সমাজবিজ্ঞানৰ প্ৰতিটো বিষয়ে এই প্ৰাথমিক কথাখিনিক সাঙুৰি লয়।তথাপি ব্যৱহাৰিক দিশত শূন্য।পেলনীয়া বস্তুৰ পৰাও ধুনীয়া সামগ্ৰী তৈয়াৰ কৰিব পাৰি অথচ সমাজ এখনক বিজ্ঞানসন্মত অধ্যয়নৰ দ্বাৰা সমস্যাসমূহৰ সমাধানৰ পথ প্ৰশস্ত কৰিব নোৱাৰি!
জীৱশ্ৰেষ্ঠ হিচাপে ভালকৈ জীয়াই থকাৰ অভীপ্সা প্ৰতিজন মানুহৰে থাকে।তত্সত্বেও এচাম মানুহ কিয় সমাজৰ আপদ হৈ থাকিবলগা হৈছে?মংগল গ্ৰহলৈ মানুহ পঠিয়াব পৰা পৃথিৱীখনে এই আপদবোৰক সম্পদলৈ পৰিৱৰ্তন কৰাত কিয় হেমাহি কৰে?আঁতৰৰ পৰা লেই-লেই-চেই-চেই কৰিবলৈ ভাল।এই মানুহৰূপী সমস্যাবোৰক লৈ লিখিবলৈয়ো সহজ অথবা ৰাজনৈতিক মুনাফা লূটিবলৈকো সুবিধাজনক।কিন্তু ওচৰৰ পৰা এই সমাজখনক এপলক খুটিয়াই চোৱাৰ ধৈৰ্য্য আৰু সময় কাৰোৰে নাই।সমস্যাৰ সমাধানৰ সলনি খোদ সমস্যাটোকে মাজত লৈ সমস্যা সমস্যা বুলি চিঞৰি থাকিলেই সমাজৰ উন্নতি হ'বনে?
যদি 'মিঞা'এটা সমস্যা,এই সমস্যাৰ সমাধান কিদৰে সম্ভৱ।ৰাইজে মনত ৰখা উচিত যে এই দেশত 'বিদেশী'ৰ প্ৰসংগ এটা অবোধ্য সাঁথৰ।বিদেশীক বহিষ্কাৰৰ নামত হাজাৰ স্বদেশীৰ মৃত্যূ হ'ব পাৰে,কিন্তু চৰকাৰে বিদেশীক বহিষ্কাৰ কৰাটো দূৰৈৰে কথা, বিদেশীক 'বিদেশী' বুলি চিনাক্তই কৰি দিব নোৱাৰে।সাধাৰণ মানুহৰ মনঃস্তত্বত মিঞা মানেই বিদেশী-বাংলাদেশী বুলি ধাৰণা এটা সোমাই গৈছে।লগতে সাধাৰণ মানুহে এই বিদেশীখিনিক খেদিব পাৰিলেই সমস্যাৰ ওৰ পৰিব বুলি ভাবে আৰু মিঞা বুলিলেই মানুহৰ এলাৰ্জী উঠে।যদি আমাৰ জনপ্ৰতিনিধিয়ে বিদেশীৰ নোম এডালো লৰাব নোৱাৰে তেনেস্থলত জনসাধাৰণে এই দেশত বাস কৰা কিছুমান প্ৰব্ৰজনকাৰীক বিদেশী বুলি ভাবি মিছাতে মুৰৰ কামোৰণীৰ সৃষ্টি কৰাটো অৰ্থহীন।
উদাহৰণস্বৰূপে,তথাকথিত মিঞাসকলৰ কথাকেই চোৱা হওঁক।মিঞাসকলৰ অপৰাধ প্ৰৱণ আৰু অসমীয়া সংস্কৃতিৰ পৰিপন্থী এটা সমাজব্যৱস্থাই সকলোকে অতিষ্ঠ কৰিছে।তেনে এই মানুহখিনিক কি কৰা যায়?বছৰে বছৰে ৰাজনৈতিক কুছ-কাৱাজৰ বিষয় কৰিয়ে ৰাখি দিয়া হওঁক নে সমাজৰ নেতৃস্থানীয় ব্যক্তিবিশেষ ওলাই এই মানুহখিনিৰ সমস্যাবোৰৰ সমাধানৰ পথ মোকলাই দিয়ক?আমাৰ সামাজিক সমস্যাবোৰ সমাধান কৰিবলৈ জগতগুৰু শংকৰদেৱ ওলাই আহিছিল।সেয়ে আমি আজি সভ্য অসমীয়া।যদি শংকৰদেৱৰ দৰে মনিষী ওলাই নাহিলেহেঁতেন,আমিও পোহৰৰ মূখ নেদখিলোহেঁতেন।একেদৰে মিঞাসমাজৰ লগতে বহু সমাজত সংস্কাৰকামী মানুহৰ জন্ম নহ'ল অথবা আজিকোপতি হোৱাই নাই।সেয়ে এই মানুহখিনিয়ে আজিৰ যুগতো আন্ধাৰতে জীৱন কটাবলগীয়া হৈছে।
ধৰাহ'ল,বেছিভাগ অশান্তি মিঞাসকলৰ যহতে হৈছে।সেইবুলি মিঞাসকলক ক'লৈকো খেদি পঠিয়াব নোৱাৰি।ইতিমধ্যেই আমাৰ জনপ্ৰতিনিধিয়ে তথাকথিত মিঞাসকলক ভোটাৰ কাৰ্ডৰ উপঢৌকন যাঁচি দি নিচুকাই থৈছে।সমস্যাৰ সৃষ্টি কৰিলে বুলিয়েইতো হিটলাৰৰ দৰে গণহত্যা কৰিব নোৱাৰি!!তেনে প্ৰেক্ষাপটত এই মিঞা-সমাজৰ সামাজিক সমস্যাৰ সমাধানৰ বাবে কোনেও কিয় বিহীত ব্যৱস্থা নলয়?উত্তৰ এটাই।লেতেৰা ৰাজনীতিৰে আজীৱন ক্ষমতাৰ মৰ্খঁক পুৰাই থাকিবলৈ লাগে।
যদি সমস্যাৰ সমাধানৰ বাবে জনা-বুজা ব্যক্তিসকল ওলাই নাহে,সমস্যা এটাক আঁতি-গুৰি মাৰি বুজিবলৈ যদি কাৰোৰে শকতি নাই,ভুমি-পুত্ৰৰ ভুমিত জপনা দিবলৈ যদি চৰকাৰ-প্ৰশাসনৰ সদ্ইচ্ছা নাই,তেনে প্ৰেক্ষাপটত পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰে মানুহ আহি এই ভুমিত সমস্যাৰ সৃষ্টি কৰাতো স্বাভাৱিক।
সমস্যাৰ ঘৃণাত ছটফটাই সময় নষ্ট কৰাৰ বাদে আমাৰ সাধাৰণ নাগৰিকৰ উপায় নাই।
আজিৰ পৰা পঞ্চাচ বছৰৰ পাছত মিঞাসকল নিঃসন্দেহে অসমৰ জনগাঁঠনিত সহজ হৈ সোমাই পৰিব।স্বতঃস্ফূৰ্ট বিবৰ্তনত মিঞাসকলেও সভ্যতাৰ পোহৰ পাব।দুই নাওঁত দুই ভৰি থৈ আতংকৰ সৃষ্টি কৰা আজিৰ এই মিঞাসমাজ অসমৰ এটা অংগ হৈ পৰিব।এতিয়াৰ এই যন্ত্ৰনাময় গৰিহনাবোৰ মনত পেলাই তেতিয়া বাৰু বিদ্ৰোহী হৈ নুঠিবনে?তেতিয়া যদি তেওঁলোকক মিঞা বুলি উপহাস কৰো,তেওঁলোক নিশ্চয় মনে মনে নাথাকিব।এয়া অসম আৰু অসমীয়াৰ পক্ষত সমাধান সুত্ৰ বিচৰাৰ সময়।পাঁচবছৰৰ মুৰে মুৰে নিৰ্বাচনী হৈ চৈ চলি থাকিব,কিন্তু এই অস্তীত্বৰ লগত জড়িত কথাবোৰৰ ক্ষেত্ৰত শূন্যত গদা ঘূৰাই থাকিলে সময়ে এদিন কাকো ক্ষমা নকৰিব।
-----------×-------------
জ্ঞানদীপ শইকীয়া
Comments
Post a Comment