পলু-পালক নাৰী
- Get link
- X
- Other Apps
পলু-পালক অসমীয়া নাৰী
আজিৰ পৰা কেইবছৰমান আগলৈকে অসমীয়া জাতিটোৰ আদব-কায়দা তথা আচৰণবিধিসমূহ বেছ উৎপাদনমূখী আছিল।যদিওবা এই উৎপাদনমূখী আচৰণ-বিধিসমূহ সম্প্ৰতি বহুলাংশে হ্ৰাস পাইছে, তথাপি কোনো কোনো ক্ষেত্ৰত বহুতো লোকে এই আচৰণ-বিধি সমূহ পালন কৰি জাতিটোক চহকী কৰি ৰাখিছে।
বিশেষকৈ অসমীয়া মহিলাই দৈনন্দিন জীৱনত পালন কৰা অৰ্থনৈতিক কাৰ্য্য-কলাপে অসমৰ অৰ্থনীতি সমৃদ্ধ কৰি ৰাখে।কৃষিখণ্ডত অসমীয়া মহিলাৰ উচ্চমানৰ অৱদানৰ কথা নকলোবা,জনজাতীয় অসমীয়া মহিলাৰ অৰ্থনৈতিক প্ৰস্থিতি সবাতোকৈ ওপৰত।কিন্তু,বৰ্তমানৰ অসমীয়া মহিলাসকল কৰ্মবিমূখ হোৱা পৰিলক্ষিত হৈছে।যদিওবা বৃত্তিগত বিবৰ্তনৰ বাবে আজিৰ মহিলাই বিভিন্ন কৰ্মত নিয়োজিত হৈছে,তথাপি গ্ৰামাঞ্চলৰ মহিলাসকলৰ নিজৰ পৰম্পৰাগত অৰ্থনৈতিক কাম-কাজসমূহৰ প্ৰতি অনিহাও দেখা হৈছে।
আগতে আমাৰ গাওঁবোৰত মানুহে বাৰটা মাহত তেৰটা খেতি কৰে।সকলো বস্তুৱেই প্ৰায় সকলো সময়তে উভৈনদী হৈ থাকে।অসমীয়াৰ আৱেগ বিজড়িত এনে এটি অৰ্থনৈতিক কাম হৈছে পলু-পালন।পাট- পলু,এৰী-পলু,মূগা-পলু এই তিনিওবিধ পলুৰ ভিতৰত অসমীয়া মহিলাসকলে পুৰুষৰ সহায় নোলোৱাকৈয়ে এৰী পলু আৰু পাট পলু পুহি সূতা উৎপাদন কৰিব পাৰে।আগৰদিনত পলু-পালন এক পৰম্পৰাৰ দৰে আছিল।প্ৰায় সকলোৰে ঘৰত পলু পুহিছিল।মহিলাসকলে নিজৰ সন্তানৰ দৰেই পলুবাহৰ লগত একাত্ম হৈ প্ৰতি-পালন কৰিছিল।পলুৰ কণী ফুটি ওলোৱাৰ পৰা লেতা বন্ধালৈকে এই সমগ্ৰ প্ৰক্ৰিয়াটো বেছ ৰোমাঞ্চকৰ আৰু পলুবাহে লেটা বন্ধালৈকে যথেষ্ট আন্তৰিকতাপূৰ্ণ আপদালৰ প্ৰয়োজন হয়।অসমীয়া মহিলাসকলে এই কাৰ্য্য গুৰুত্ব সহকাৰে কৰে।পলুৰ বাবে পাট বিচাৰি অনাকে আদি কৰি পলু-পালনৰ সকলো কামত অসমীয়া নাৰী পাৰ্গত।সময়ত খাবলৈ নাপালে এৰী পলু যেনি- তেনি গুছি যায়।কাজী মহিলা নহলে এৰী পলু চম্ভলা বেছ মচ্কিল।অসমীয়া মহিলাই অনায়াসে এই কাম সমূহ কৰিব পাৰে।কেতিয়াবা অত্যাধিক বৰষুণৰ বাবে পলুৱে খোৱা এৰাপাত,নূনিপাত সৰি নোহোৱা হয়।তেতিয়াও পলু-পালক মহিলা গৰাকীৰ বাবে সমস্যাৰ সৃষ্টি হয়।
নিজে পলু পুঁহি,সূতা উৎপাদন কৰি তাঁতশালত কাপোৰ বৈ উলিওৱালৈকে এই সমগ্ৰ প্ৰক্ৰিয়াটোত অসমীয়া মহিলাৰ অৰ্থনৈতিক দৰ্শনৰ প্ৰতিফলন ঘটে।পলু পালনক এটা উদ্যোগ বুলিব পাৰি।যি উদ্যোগত কেৱল এজন বনুৱাই সকলো কাম কৰিব পাৰে।
সম্প্ৰতি এই কাৰ্য্য কৰা মহিলাৰ পৰিমান কম।যাৰবাবে আমাৰ মানুহৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হৈ পৰিছে।এই পৰম্পৰাসমূহ পুনঃউদ্ধাৰ কৰি দৈনন্দিন জীৱন-যাত্ৰাৰ এক অংগ কৰি তুলিব পাৰিলেই অসমৰ অৰ্থনীতিয়ে পুনৰ মুৰ দাঙি উঠিব।লগতে জীয়াই থাকিব আমাৰ অতিকে আপোন এই বহনক্ষম অৰ্থনৈতিক পৰম্পৰাসমূহ।
_______×________
জ্ঞানদীপ শইকীয়া
মেৰাগড় গাওঁ,মাজুলী
ডাকঘৰঃবনগাওঁ-৭৮৫১১০
ফ'নঃ৮৬৩৮৮৪৬৪৪৮
Show quoted text
- Get link
- X
- Other Apps
Comments
Post a Comment