চাহেবপুৰাৰ বৰষুণ
চাহেবপুৰাৰ বৰষুণত মাজুলীঃএক সমাজতাত্ত্বিক দৃষ্টিভংগী
________________________
সাহিত্যৰ সমল হিচাপে নদীদ্বীপ মাজুলীৰ এক বিশেষ ভূমিকা পৰিলক্ষিত হয়।বিশেষকৈ উপন্যাসৰ পটভুমি হিচাপে কেইবাখনো কালজয়ী অসমীয়া উপন্যাসত মাজুলী সাৰ্থক ৰূপত চিত্ৰিত হৈছে।উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ ''নিৰ্মল ভকত''ৰ পৰা আৰম্ভ কৰি,জয়ন্ত মাধৱ বৰাৰ ''নামত মাজুলী কহয় সৱে''লৈকে উপন্যাস সাহিত্যক মাজুলীয়ে এক বিশেষ মাত্ৰা প্ৰদান কৰিছে।
সু-লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ বহুল সমাদৃত উপন্যাস "চাহেবপুৰাৰ বৰষুণ"ত মাজুলীৰ উপস্থাপন মনকৰিবলগীয়া।উপন্যাসখনৰ মাত্ৰ ৬০ পৃষ্ঠাত বৰ্ণিত কথাৰ পৰাই মাজুলীৰ চহকী ছবি এখন দেখা পোৱা যায়।
তথাকথিত 'সত্ৰ-নগৰী','সত্ৰীয়া কৃষ্টিৰ বৰঘৰ' আদি বিশেষণবোৰৰ পৰা ওলাই আহি,গ্ৰাম্য সংস্কৃতিৰ মাধ্যমেদি মাজুলীৰ আৰ্থ-সামাজিক দিশটোৰ প্ৰকৃত ছবিখন সুন্দৰৰূপত প্ৰতিফলিত হৈছে উপন্যাসখনত।
এটা স্বেচ্ছাসেৱী সংগঠন আৰু মূল চৰিত্ৰ বৰ্ষাক কেন্দ্ৰ কৰি আগবাঢ়িছে উপন্যাসখন।প্ৰতিটো চৰিত্ৰৰ জীৱনগাঁথা উপন্যাসখনৰ প্ৰধান বৈচিত্ৰ যদিও,পটভূমিৰ সামাজিক চিত্ৰণ মনকৰিবলগীয়া।স্বেচ্ছাসেৱী সংগঠনটোৱে বিহাৰৰ চাহেবপুৰা,মেছুগাওঁ আদিত সামাজিক সেৱা আগবঢ়াই অসমৰ মাজুলীত কাম কৰাৰ মন মেলে।মৃৎশিল্পৰ বাবে বিখ্যাত শালমৰা গাঁৱক কেন্দ্ৰ কৰি স্বেচ্ছাসেৱী সংগঠনটো মাজুলীৰ লগত একাত্ম হৈ পৰে।মাজুলী বিষয়ক প্ৰথমটো দফাতেই মাজুলীৰ সমাজখন আৰু সমাজৰ যৌথ পৰিয়াল এটাৰ বাস্তৱ স্বৰূপ একোটা দেখিবলৈ পোৱা যায়।(পৃষ্ঠা নং১৩৪)
আলুখেতি গৰুৱে খোৱাত ধনীৰামে উৰহৰ খং ভগা ঢাৰিত উঠোৱাদি,ঘৈনীয়েক কেৰুক ভঙা জেওৰা খৰিৰে কোবায়।তেনে কৰিলত নবৌৱেক টেপীয়ে ককায়েক দেহীৰামৰ ভয় দেখুৱায় কেৰুক মৰমৰে ভিতৰলৈ লৈ যায়।
উক্ত পৰিঘটনাটোত পৰিয়াল এটাৰ সদস্য সমুহৰ ভূমিকা,পুৰুষতন্ত্ৰ,নাৰী-সুলভতা,পুৰুষসুলভতা আদিৰ আভাস পোৱা যায়।নাৰী প্ৰস্থিতি যিমানেই শক্তিশালী নহওক কিয় কোনো সময়ত অসমীয়া সমাজব্যৱস্থা পুৰুষতন্ত্ৰৰ বলি হ'বলগীয়া হয়।গ্ৰাম্য-সৰলতাৰ দোহাই দি, ধনীৰামৰ কেৰুৰ ওপৰত অনৰ্থক ঔ-কিল নেতিবাচক পুৰুষতন্ত্ৰৰে উদাহৰণ।
সাধাৰণতে গাঁৱলীয়া সমাজ স্থিতিশীল।পৰিৱৰ্তন কম কিন্তু সম্প্ৰতি গ্ৰাম্য সমাজখন ক্ৰমশঃ ভাঙোনমুখী হোৱা দেখা গৈছে।মৃৎশিল্প অসমৰ এটা পৌৰাণিক কুটিৰ শিল্প।কিন্তু বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন তথা গোলকীকৰণৰ ফলত আমাৰ গ্ৰাম্য সংস্কৃতিত অস্থিৰতাই দেখা দিছে।ব্যক্তি বিশেষৰ পৰা আৰম্ভ কৰি সমগ্ৰ সমাজখনত তেনে ভাঙোনমুখী ক্ৰিয়াই বিৰূপ প্ৰভাৱ পেলায়। প্লাষ্টিক সামগ্ৰীৰ চাহিদা বৃদ্ধি আৰু স্থানীয় মৃৎশিল্পজাত সামগ্ৰীৰ প্ৰয়োজন তথা চাহিদা কমি যোৱাত ধনীৰামে বাপতিসাহোন শিল্পটি এৰিবলৈ বাধ্য হয়।ইয়াকে লৈ ককায়েক দেহীৰামৰ লগত ধনীৰামৰ মনোমালিন্য ঘটে আৰু সিহতৰ যৌথ পৰিয়ালটো ভাগি দুটা একক পৰিয়ালত ভাগ হয়।এই ভাঙোনে ব্যক্তি মনঃস্তত্বৰ ওপৰত প্ৰভাৱ পেলাইছে, লগতে পৰস্পৰ আন্তঃসম্বন্ধৰে বান্ধ খাই থকা যৌথ পৰিয়ালটো দুটা একক পৰিয়ালত পৰিণত হোৱাত দৈনন্দিন জীৱন-যাত্ৰাত আহুকালে দেখা দিছে।
অথিতিপৰায়নতা অসমীয়া গ্ৰাম্য সমাজৰ অন্যতম দিশ।স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতি ধনীৰামৰ পৰিয়াল তথা ওচৰ-ঘৰীয়া মানুহবোৰৰ সহানুভুতিৰ পৰাই ইয়াৰ উমান পোৱা যায়।ধনীৰামৰ ঘৰতেই স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য সকলক থকাৰ ব্যৱস্থা কৰি দিয়া হয়।
সংস্কৃতিৰ বস্তুবাদী দিশ হিচাপে স্থানীয় কুটিৰ শিল্প,ভঁৰাল আদিৰ ভুমিকা দেখা পোৱা যায়।
খাদ্যাভাস সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ।'চাহেবপুৰাৰ বৰষুণ'তো মাজুলীৰ খাদ্যাভাসৰ বৈচিত্ৰ,খাদ্যাভাসৰ উপস্থাপনৰ স্বকীয়তা দেখা যায়।
"কেৰু আৰু টেপীয়ে কাঁহৰ কাঁহীত দীঘল তিলপিঠা,নাৰিকলৰ লাড়ু,পকা-মিঠৈ সজায় চাহ দিলে।গোল কাঁহৰ বাতিত চাহ"।(পৃষ্ঠা নং ১৪০)
আজিকালি চাহৰ লগত এনেকুৱা পৰিৱেশ বিৰল।অতিথিক এনে সম্ভ্ৰমেৰে চাহ যঁচাটো মাজুলীৰ গ্ৰাম্য সমাজৰ এখন চিনাকী ছবি।
"শ'লমাছৰ লগত মূলাৰে জালুকীয়া আঞ্জা"।(পৃষ্ঠা নং১৪২)
এইসমূহে এখন সমাজৰ স্বাস্থ্য সন্মত সংস্কৃতি আৰু নিজস্বতাবোধ সোঁৱৰায়।সম্প্ৰতি এনে চহকী সংস্কৃতিত খহনীয়া লাগিছে।
"চাহেবপুৰাৰ বৰষুণ"ত মাজুলীৰ কথাবোৰ চুটিগল্প এটাৰ দৰেই হঠাতে শেষ হৈ যোৱা যেন ভাৱ হয়।ঘটনাৰ বৈচিত্ৰৰ উপৰিও পাঠক সমাজৰ মাজুলী বিষয়ক যি উৎকণ্ঠা,এই উৎকণ্ঠালৈ চালে মাজুলীৰ পাৰিপাৰ্শ্বিকতা আৰু অকমান বিস্তৃত ৰূপত প্ৰকাশ পোৱাৰ থল আছিল।তথাপি,চাহেবপুৰাৰ বৰষুণ মাজুলীৰ সমাজৰ বাবে সদায়ে জীৱন্ত দলিল হৈ ৰ'ব।
____________×____________
জ্ঞানদীপ শইকীয়া
Comments
Post a Comment