গুৱাহাটী বিশ্ববিদ্যালয়

 আমিও চামিল হৈছিলো সেই মিছিলত....

_______________________________

 

 (বি:দ্ৰ: বিশ্ববিদ্যালয়ৰ বাংময় অনুভৱ কোনো এক নিৰ্দিষ্ট কেন্‌ভাচতত তুলি ধৰা বৰ জটিল।কি এৰিম,কি ধৰিম!....অসমীয়াৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী সংগ্ৰামখন কৃষ্ণচূড়াৰ দেশ অবিহনে বাৰুকৈয়ে আধৰুৱা।তাৰেই দুটিমান কথাৰে সজোৱা হৈছে এই ভাৰ্চিটিৰ দৃশ্যপট....।)


এইয়া!!জুইফুলৰ চামিয়ানা তৰি আগবাঢ়িছে ডেকা-শক্তিৰ দল,শেষ নোহোৱা সমদল...।


                 "এই ফুলৰ সুৱাসে বুজে বিপ্লৱৰ সাধু

                  খেদিবলৈ নীলা শিয়ালৰ জাক

                   ৰুধিবলৈ আবতৰীয়া তেজপিয়া বান

                   এই দেশৰ  দৃশ্যপটত সংগ্ৰামৰ গান"

   স্মৃতিৰ জুহালত ৰু-ৰুৱাই জ্বলে কেৱল সংগ্ৰামৰ অনুৰনণ।জন্মলগ্নৰে পৰা কিমান যে সংগ্ৰামৰ সাক্ষী এই ভাৰ্চিটি-কেম্পাচ!বিপ্লৱ অথবা সংগ্ৰামক উলাই কৰি ভাৰ্চিটিৰ দৃশ্যপট সদায়ে আধৰুৱা।সঁচাকৈয়ে,অনিয়ম-অবিচাৰৰ বিপৰীতে গগনফলা প্ৰতিবাদ নহ'লে অৰ্থহীন এই বিশ্বসভালৈ যোৱাৰ আখৰা।সেয়েহে হয়তো আজিও ভাৰ্চিটিৰ অলিয়ে গলিয়ে সংগ্ৰামৰ পুৰাতন গোন্ধ,নতুনৰ গতি খেদা এজাক সপোন-পিয়াসীৰ ত্যাগৰ হেঙুলীয়া ৰং....

    দীৰ্ঘদিন ধৰি চলি অহা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ যেন অঘোষিত নেতা আছিল ভাৰ্চিটিৰ পৰিয়াল।জাকৰুৱা সংগ্ৰামীৰ অগা-দেৱাই মুখৰ কৰি ৰাখিছিল কৃষ্ণচূড়াৰ দেশ।এসময়ত এই সংগ্ৰাম ভৰপক হৈ পৰিল,একেদৰে সক্ৰিয়ভাৱে অংশ লৈছিল ভাৰ্চিটিৰ বৃহত্তৰ পৰিয়ালেও।অস্থিৰ অসমৰ গুৰি ধৰি ওলাই আহিছিল কৃষ্ণচূড়াৰ দেশ।হাতে হাতে অন্যায়-অবিচাৰৰ বিৰুদ্ধে মুক্তিকামী হেংদাং।উদাত্ত কণ্ঠৰে সমস্বৰে চিঞৰি উঠিছিল,"নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক।"

      অসম কঁপিছিল।এই কঁপনিক কোনে নেওচা দিব পাৰে!!দেশ বুলিলে কাক আদেশ লাগে?? মৰন পণ কৰি মাথো সকলোৱে চিঞৰিব জানে অন্যায়ৰ বিৰুদ্ধে।হাউলি পৰা মাইকটো কোনে তুলি লয়!সমাধিৰ পৰা কোনে উকিয়াই!আকৌ যদি যাব লাগে শৰাইঘাটলৈ... যাব লাগে।সঁচাকৈয়ে যাব লগা হৈছিল শৰাইঘাটলৈ।সমাধিত যেন সুধাকণ্ঠৰ আত্মাই হাহাকাৰ কৰি উঠে।কোন সতে হাত সাবটি বহি থাকিব কৃষ্ণচূড়াৰ দেশ।হাতে হাতে অগ্নি-শিখা লৈ সমাধিৰ বাকৰিয়েদি একবিংশ শতিকাতো অসমীয়া যাব লাগে শৰাইঘাটলৈ।

  আৱাস-নিৱাসৰ খিৰিকীয়েদি প্ৰেমে-প্ৰতিবাদে জুৰুলা হৈ কোনে ভুমুকিয়াই!!ক'ৰবাত যেন নিমিষতে হেৰাই গৈছিল খিৰিকীয়েদি উফৰি অহা সেই চিঞৰ,"মাইনা তুমি জুই"।সকলো সহজ হৈ থকা নাই।অসহজ মেৰ-পাকত ঠিকনা হেৰুৱাই চকুৰ সন্মুখতে জহি-খহি যায় ভৰিৰ তলৰ মাটি।


অস্তিত্ত্ব???

অ' মোৰ আপোনাৰ দেশ??

শস্য শ্যামলা দেশৰ সুৱদী মাত???

     হোষ্টেল সমুহত সঘনাই বেল বাজিছে।কোনাবাই এখিলা কাগজত কলম ঘঁহাইছে,"জয় আই অসম"।খৰখেদাকৈ কাগজখন লৈ লৰ ধৰিছে ৰাজপথলৈ বুলি।ভোকে-পিয়াহে এজাক ডেকা-শক্তিৰ দেশৰ বাবে সীমাহীন উছাহ।চৰম ঘৃণা আৰু আক্ৰোশত বতিয়াই দিব যেন বুকুৰ কুটুমে  বুকুতে বাকী দিয়া প্ৰতাৰণাৰ হলাহল বিহ।

      এইয়া,খেৰৰ জুমুঠিৰে পুত্তলিকা সাজি ভৱিষ্যত প্ৰজন্মই কঢ়িয়াই নিছে এশাৰী প্ৰতীকি মৰাশ।নতুনৰ গতি খেদা ডেকা-গাভৰুৱে প্ৰতীকি মৰাশবোৰ তুলি দিব গৰিহনাৰ চিতাত।দপদপাই জ্বলিছিল মৰাশ,লগতে সেই জুইয়ে দেই নিছিল এজাক ৰনুৱাৰ মূল্যৱান সময়।বিশ্বজনীন চিন্তাৰ অযুত সম্ভাৱনা।এতিয়া এই বিপ্লৱৰ চিতাভষ্মই আমাক বিবেক দংশন কৰে।অনুভৱৰ দৃশ্যপটত সৰ্বস্ব হেৰুৱাই দিশহাৰা হোৱা এজাক মানুহ আজিও নিজৰ অধিকাৰৰ পৰা বঞ্চিত।হাত-ভৰি বন্ধা,নিসহায়...।

মাখনৰঙী জপনাখন সিদিনা সিংহদ্বাৰ যেন লাগিছিল!বিৰ্‌ দি বাট নোপোৱা কৃষ্ণচূড়াৰ চোতাল।লংকেশ্বৰ পাহাৰৰ গহীন সন্ধিয়া বাৰুকৈয়ে জয়াল হৈ পৰিছিল।মায়াময় মহানগৰীৰ চৌপাশ উজলাই জ্বলি উঠিছে শাৰী শাৰী নিয়ন লাইট।নাই সেইবোৰলৈ ভ্ৰুক্ষেপ নাই...আনদিনাৰ দৰে মেঘালীত গৰম চাহৰ ধোঁৱা উৰুৱাই বহি পৰা নাই কোনো প্ৰেমিক  যুগল।নৱেম্বৰৰ ৰাগিলগা শীত।হালধীয়া হৈ সৰি পৰিছে আহতপাতবোৰ।তথাপি চেল্ফি এখনৰ বাবে হেতা-ওপৰা লগাই ৰহইছত ফাটি পৰা নাই উদ্যমী মুখবোৰ।বৰঞ্চ নিজেই একো একোজন নেতা হৈ সকলো ওলাই আহিছিল দেশৰ বাবে।সকলো অনুভৱ কৰিছিল আইৰ মুখৰ মাত সংকটৰ দিশত।চকুৰ সমুখতে জ্বলাই দিছে জনতাৰ কণ্ঠ।শাসনৰ গইনা লৈ বেছি দিছে দেশৰ জোনাক।থিৰ হৈ থাকিব পাৰিনে?ৰৈ থাকিব পাৰিনে?

" সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰীৰ পাৰ..."

    কাব্যময় সংগ্ৰামৰ শিহৰণ বাস্তৱত প্ৰকট হৈ উঠিছিল। পিয়াপি দি ঘুৰিছিল ৰজাঘৰীয়া চন্তৰী।লৌহ জপনা আৰি দিয়া হৈছিল ৰাজপথৰ সোঁ-মাজত।নিজৰ মাটিত নিজকে ৰক্ষা কৰাৰ বাবে নিজৰেই প্ৰৱেশ নিষেধ।ইন্টাৰনেটৰ সংযোগ বিচ্ছিন্ন হৈছিল।যেন কাঢ়ি নিয়া হৈছিল সকলো স্বাধীনতা।সোনৰ অসমৰ সপোন ৰচি থিয় দি থকা কৃষ্ণচূড়াৰ দেশ ম্লান পৰি গৈছিল।কিন্তু অতন্দ্ৰ প্ৰহৰী কৃষ্ণচূড়াৰ দেশৰ মানুহ।ৰৈ থকাৰ সকাম নাই।হাতে হাত ধৰি তপত তেজৰ শৃংখল সাঁজি মাউখে উটিছে এই দেশৰ পৰিয়াল।অদম্য সাহসী যাত্ৰা এজাক তেজী ঘোঁৰাৰ।বুকু পাতি আগুইছে আগলৈ....।

      তেনেতে সশস্ত্ৰ এদল ৰজাঘৰীয়াই চকু কাণ মুদি কোবাই আহে।বহুতৰে গাত চিৰিলি পৰে স্বেচ্ছাচাৰী চাবুকৰ কোব।বেচিজিল হৈ পৰে কৃষ্ণচূড়াৰ শৃংখল।চেদেলি-ভেদেলি হয় নিৰস্ত্ৰ গনতান্ত্ৰিক প্ৰতিবাদ।খেনোৱে ডিঙিৰ গামোচা এৰি থৈ আহে।উজুটিত ছিটিকি পৰে তেজ।অসমীয়াৰ কেঁচা তেজ....।আকাশ কঁপাই চিঞৰি অহা ছোৱালীজনী ঢলি পৰে।"নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক"।অক্সিজেন মাক্স পিন্ধি তাই হাস্পাতলৰ ফালে গুছি যায়।চুকে-কোনে উচুপি উঠে এজাক অসহায় মানুহে।"আমাক ন্যায় লাগে"।

      কৃষ্ণচূড়াৰ ছাঁয়া!দুপৰৰে মিতিৰালি ৰঙাফুলৰ মায়া।সময় নাই অসময় নাই।স্বৰ্গদেউৰ মালতী চোতালত অৰাজক ৰজাই বদনৰ চং-ভাও দিব ধৰিছে।বিজতৰীয়া নিগনিয়ে কুটি খাইছে সোন-ফলা মাটিৰ সোনোৱালী শইচ।সৌৱা লাঠিৰ কোবত কৰ্ফাল খাই পৰিছে চুবুৰীয়া কলেজৰ এজাক ছাত্ৰ।ক্ষোভত ফাটি পৰা মাতেৰে সাংবাদিকৰ সন্মুখত দৰ্শাই আছে সীমাহীন যন্ত্ৰনাৰ কথা।কন্দুৱা গেছত দিক্‌বিদিক হেৰুৱাই থলিতে কোন বাগৰি পৰিছে!!উজুতিত থৈ অহা কেঁচা তেজ এদোঙা কৰাল বান্ধি আছে।সবৰে হাত-ভৰি বন্ধা,অথচ.. অথচ জীয়া শৰীৰ কাটি তপত তেজেৰে লিখি দিব পাৰে এই এই মাটিৰ অমীয়া মাত।স্বদেশৰ থোকা-থুকি মাতত কঁপি উঠে জাক জাক মানুহ।এৰা,মানৱতাৰ শেষ প্ৰান্তলৈকে বৈ থাকিব এই কঁপনি।কৃষ্ণচূড়া দেশৰ আয়ুস থকালৈকে জীঁ থাকিব এই কঁপনি....!!

                                     __________________×_______________

জ্ঞানদীপ শইকীয়া


Comments

Popular posts from this blog

নিবন্ধ

নিবন্ধ

কবিতা