তৰুণ গগৈ


গগৈবাদ
__________________________________    

       বৰ্তমান অসমৰ ৰাজনীতিবিদ বুলিলে গুৰু-গোঁসোই নমনা দম্ভ-অহংকাৰেৰে ভৰা ক্ষমতা-পিপাসু এখন ছবি ভাঁহি আহে।সদ্য-প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই ছাগে অসমৰ শেষৰজন ৰাজনীতিবিদ,যাৰ মৃত্যূত অসমৰ প্ৰতিস্তৰৰ জনতাৰ চকুলো ওলাইছে।সফলতা আৰু বিফলতাৰ প্ৰাৰ্থক্য সেইখিনিতে।ৰাজনীতি বুলিলেই মূখ বেকেটা খোৱাৰ সময়তে এজন ৰাজনীতিবিদৰ চিৰ-বিদায়ৰ বেলিকা সৰ্বত্তে যি সহৃদয় অনুকম্পাৰ সৃষ্টি হৈছে,ইয়াতেই প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ সফলতাৰ মহত্ব অনুধাৱন কৰিব পাৰি।সাধাৰন মানুহৰ বাবে,"ৰাজনীতি মানেই দুৰ্নীতি"।নৈতিকতাৰ ধাৰনা আজিৰ ৰাজনীতিবিদসকলৰ বাবে যেন অৰ্থহীন কথা।আজিৰ তাৰিখত ক্ষমতাৰ খক অথবা  বোকা ছটিওঁৱা ৰাজনীতিৰ নামত গছত গৰু উঠা কথাও সম্ভৱ হ'ব পাৰে,সঁচাও মিছা হ'ব পাৰে,মিছাও সঁচা হ'ব পাৰে।ইয়াৰ বিপৰীতে গণতান্ত্ৰিক দেশ এখনত তৰুণ গগৈ ডাঙৰীয়াই এটা প্ৰকৃত ৰাজনৈতিক পৰিৱেশৰ জন্ম দিব পাৰিছিল।যি পৰিৱেশত জনতাৰ কণ্ঠই উচিত মূল্য পাইছিল।এটা সংস্কৃতিবান মন আৰু সংস্কাৰী আচৰনবিধিৰে হাঁহি হাঁহি যিধৰনেৰে গগৈ ডাঙৰীয়াই অসমক নেতৃত্ব দি গ'ল,এই নেতৃত্ব আৰু ব্যক্তিত্ব বৰ্তমান কোনো ৰাজনীতিবিদৰ গাত দেখা পোৱা নাযায়।জনতাৰ আহ্বান আৰু সমালোচনাক গুৰুত্ব সহকাৰে লৈ ভদ্ৰভাৱে মোকাবিলা কৰি এজন দক্ষ নেতাৰ পৰিচয় দিছিল গগৈদেৱে।
         আজিৰ ৰাজনীতিবিদসকলৰ ভাষনত কেৱল সাম্প্ৰদায়িকতাবাদ,উগ্ৰতা আৰু ভোটৰ অংক।ৰাজনীতিবিদ হিচাপে গগৈ ডাঙৰীয়াৰ গভীৰতাই সকলোকে মোহাছন্ন কৰে।স্বভাৱজাত সৰলতা আৰু ৰজা-সুলভ অভিভাকত্বৰে তেওঁ অসমলৈ শান্তি আনিছিল।দীৰ্ঘকালীন ৰাজনৈতিক জীৱনত তেওঁ ভোটাৰ সৃষ্টি কৰিবলৈ ধৰ্ম-কেন্দ্ৰিক বিষবাষ্পৰ আশ্ৰয়ত এচাম অন্ধ-সমৰ্থকৰ সৃষ্টি কৰিবলগীয়া নহৈছিল।খোলা কিতাপ এখনৰ দৰে মুকলিমুৰীয়াকৈ ৰাইজকে ৰজা জ্ঞান কৰি তেওঁ আগুৱাই গৈছিল।আজিকালি ৰাজনৈতিক সভাৰ আচৰন-বিধি দেখিলে আমাৰ দৰে সাধাৰণ নাগৰিকে মুৰত পানী ল'ব লগীয়া অৱস্থা হয়।কোনো এখন সভাত যদি মোগলক খেদিবলৈ সাধাৰণ ৰাইজক উচতনি দিয়ে,আন এখন সভাত আকৌ ব্ৰাহ্মণক কাটি টুকুৰা-টুকুৰ কৰিম বুলি তলৰ মাটি ওপৰ কৰি থাকে।তৰুণ গগৈ ডাঙৰীয়া অসমৰ ইতিহাসত সৰ্বকালৰ জ্ঞানী আৰু আধুনিক মনৰ ৰাজনীতিবিদ হিচাপে ৰৈ যাব।জাতি-ধৰ্ম তথা বিভাজনকামী সাম্প্ৰদায়িকতাৰ দৰে কু-সংস্কাৰী কথাবোৰৰ সলনি প্ৰগতিশীলতা আছিল গগৈদেৱৰ মূল ৰাজনৈতিক ইচ্ছ্যূ।সাহিত্য-সংস্কৃতিৰ পৰা ক্ৰীয়া-জগতলৈকে সকলোতে তেওঁৰ ৰাপ আছিল,সকলোতে তেওঁৰ চখ আছিল।"আমাৰ আসাম"বুলি উদাৰ মনোবৃত্তিৰে অসমৰ প্ৰতি সদা-দায়বদ্ধ আছিল।অসমৰ সমস্যাক নিজৰ সমস্যা বুলি মুৰ পাতি লৈছিল।অসমৰ প্ৰতি থকা অন্তৰতম ভালপোৱাৰ কথা তেওঁৰ আচৰণৰ পৰাই বুজিব পাৰি।
           সূতা-কম্বলৰ ৰাজনীতি বুলি প্ৰচাৰ- অপপ্ৰচাৰ আদি চলালেও গগৈদেৱৰ ৰাজনীতি আছিল অৰ্থনৈতিক বিকাশত প্ৰতিষ্ঠিত ।সেয়েহে এই সময়চোৱাত সেৱা-খণ্ড,উদ্যোগ,কৃষি সকলোতে উন্নয়ন হৈছিল।সেয়েহে আমি বিচাৰো অসমৰ ৰাজনৈতিক বুনিয়াদ গগৈবাদত প্ৰতিষ্ঠিত হওঁক।অসমৰ ৰাজনীতিবিদসকলে তৰুন গগৈ ডাঙৰীয়াৰ ব্যক্তিত্বক জীয়াই ৰাখক।ঘঁৰিয়ালৰ দৰে চকুলো বোঁৱাই আৰু অনাখৰী চহা মানুহখিনিক বিপথে উচতাই দুটামান ভোটৰ কাৰণে লেতেৰা ৰাজনীতিৰ সুচনা কৰাৰ  পৰিৱৰ্তে আজিৰ ৰাজনৈতিক-কৰ্মীসকলে গগৈদেৱৰ দৰে সাহসী আৰু স্থিতপ্ৰজ্ঞ হ'বলৈ শিকক।সাম্প্ৰদায়িক মন্তব্য আৰু হিতাধিকাৰী সৃষ্টিৰ পৰিৱৰ্তে যোগ্য কৰ্মচাৰীক সময়ত দৰমহা দিয়ক অথবা কোনো উদ্যোগ এটাৰ স্থাপনত গুৰুত্ব দিয়ক।গগৈয়ে ৰাইজক সন্তুষ্ট কৰিব পাৰিছিল।ৰাষ্ট্ৰীয় দলৰ আদৰ্শেৰে একাধিকবাৰ লোক-সভা আৰু বিধান-সভাৰ মজিয়াত দপ্‌দপাই থাকিও গগৈ ডাঙৰীয়াই অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতি সদা-সতৰ্ক আছিল।ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতাতকৈয়ো এজন অসমীয়া ৰাজনীতিবিদ হিচাপে গগৈ ডাঙৰীয়াই যি বাট মোকলাই গৈছে,এই বাট সেইসকল পাবত- গজা ৰাজনীতিবিদৰ পাথেয় হওঁক যিসকলে ৰাষ্ট্ৰীয়তাবাদৰ নামত অসমীয়া মানুহৰ মান-স্বাভিমানক বুঢ়া-আঙুলি দেখুৱাবলৈ কুণ্ঠাবোধ নকৰে।
          বৰ্তমান সময়ত জোৰ কৰি গন-সমৰ্থন আদায় কৰিবলৈ ৰাজনীতিৰ নামত কূট-নীতি কৰাৰ যি ধুম উঠিছে গগৈদেৱৰ ক্ষেত্ৰত ই ব্যতিক্ৰম।গগৈদেৱৰ প্ৰজ্ঞাৰ সৌন্দৰ্য আৰু মানৱ দৰদী হৃদয়ে সকলোকে প্ৰশান্তি দিছিল।সেয়েহে অসমৰ মূখ্যমন্ত্ৰী হিচাপেই নহয় এজন অসমীয়া ৰাজনীতিবিদ হিচাপে সৰ্বকালৰ সফল ৰাজনীতিবিদজনেই
 হৈছে তৰুণ গগৈ ডাঙৰীয়া।

_______________×_________________
জ্ঞানদীপ শইকীয়া

Comments

Popular posts from this blog

নিবন্ধ

নিবন্ধ

কবিতা