কবিতা
দুপৰৰ ৰঙাফুল জালুকবাৰীৰ কৃষ্ণচূড়া
ৰঙাফুল বিলাস:
অ' জালুকবাৰীৰ হাবিয়লী জোনাক
সৰলতাত লেটি লৈ দেখুৱাবলৈ পোহৰৰ বাট
নতুনৰ জয়গানত ৰঙাফুল ফুলিছে
উচ্ছল যৌৱনে উজলাই তুলিছে নঙলামূখৰ বিবৰ্ণ বিয়লি
খেদিবলৈ নীলা শিয়ালৰ জাক
ৰুধিবলৈ আবতৰীয়া তেজপিয়া বান
মানৱতাৰ সেন্দুৰীয়া আলিত ৰঙাফুল হালিছে
ৰঙাফুলে ভালপায় দুপৰৰ তামৰঙী ৰ'দ
জালুকবাৰীত পমি যায় ক্ৰমশ: দূখৰ এজাক জলবতাহ
শিলত কটা প্ৰাচীন সাধু:জালুকবাৰীৰ :জালুকবাৰীৰ ৰ'দৰফুল
কোবাল নদীৰ দস্তখত:জালুকবাৰীৰ ৰঙাফুল
ৰঙাফুলত বৰষুন:গল্পময়তাৰ গুঞ্জন
ৰিহাৰ ভাজত জলমল ৰঙাফুলৰ ছিটিকা সুবাস
খামিদাঠ সাহসৰ শান দিয়া উছাহ:উকি এটি হৈ পাঁহি মেলে ৰঙাফুল এজাক
প্ৰেম
সংগ্ৰাম
কেঁচাঘামৰ বৰ্ণময়গাঁথা
ৰঙাফুলে খামুচিধৰা
অতীত-বৰ্তমান-ভৱিষ্যত বিয়পি শিপাই যোৱাৰ সাহসী কথা
ৰঙাফুলত ৰহইছ
ৰঙাফুলত প্ৰতিধ্বনিত কৰ্ষনৰ আখৰা
ৰঙাফুলত
এটা জাতিৰ কেঁচাতেজৰ দগমগ আভা
তাপ পাই ৰঙা হোৱা জালুকবাৰীৰ কৃষ্ণচূড়া
মানুহৰ জীৱাশ্ম হৈ যুগান্তৰলৈ জী থাকে জালুকবাৰীৰ ৰঙামোহনা
এইফুলৰ সুবাসে বুজে বিপ্লৱৰ সাধু
জাতিৰ যাদুঘৰ হৈ এইফুলৰ সুবাসে সিঁচিব জানে ভালদিনৰ মন্ত্ৰ..,!
*************** ****************
By Gyandeep Saikia
Comments
Post a Comment