শিয়ালৰ হোৱা!!

 

শিয়ালৰ হোৱা আৰু বনকুকুৰাৰ ডাক

           
           বাস্তৱ জীৱনত শিয়াল নেদেখিলেও প্ৰতিজন অসমীয়াৰ বাবে এই নিশাচৰ জন্তুবিধ অতিকে আপোন।শুই থকাৰ কাৰণে হাঁহ ধৰিব নোৱাৰা শিয়ালটোৰ পৰা কোনো মাতৃয়ে কাণ কাটি বাতি লগাই দিম বুলি নিচুকনী গীত গাই ভাবুকি দিয়া শিয়ালটোলৈকে এনে বহু শিয়াল-কেন্দ্ৰিক কথাত আমি অভ্যস্ত।নেদেখাকৈয়ে শিয়ালৰ প্ৰতি প্ৰতিজন অসমীয়াৰ এটা ধাৰণাৰ জন্ম হয়।বৰ্তমান সময়ত বন-ধ্বংসকে প্ৰমূখ্য কৰি নানান কাৰণবশতঃ এই নিশাচৰ জন্তুবিধ বসবাস কৰিব পৰাকৈ অনুকুল প্ৰাকৃতিক পৰিৱেশ কমি আহিছে।সাধু-কথা আৰু লোক-সাহিত্য সমূহৰ বাদে শিয়ালৰ চৰ্চা বৰ্তমান সময়ত নাই বুলিবয়ে পাৰি।বহু ঠাইত শিয়াল বিলুপ্তি ঘটিল আৰু অতিকে চিনাকী শিয়ালৰ হোৱা বহুতৰ বাবে অচিনাকী হৈ পৰিল।
             তথাপি অসমৰ বহু ঠাইত আজিও শিয়াল হোৱা শুনিবলৈ পোৱা যায়।পুহৰ জাৰত জাক পাতি হোৱা দিয়া শিয়াল খেদি আজিও কোনো গাঁৱত কাৰোবাৰ ঘৰৰ ভতুৱা কুকুৰে ভুকি উঠে।এনে এখন চহকী ছবি মাজুলী জিলাৰ নৈ-পৰীয়া গাওঁ সমূহত আজিও সুলভ।ৰাতি হ'লেই বিভিন্ন নিশাচৰ জীৱৰ মাতৰ লগতে এই ঠাইসমূহত শিয়াল হোৱা শুনিবলৈ পোৱা যায়।শিয়াল হোৱাই মাজুলীৰ এই গাওঁ সমূহলৈ এক প্ৰাচীন আমেজ এটা আনি দিয়ে। শতিকাজুৰি এই গাওঁসমূহত অসমীয়া জন-জীৱনৰ নিচেই আপোন এজাক শিয়াল সুৰক্ষিতভাৱে বাস কৰি আহিছে।জৈৱ-বৈচিত্ৰৰ বাবে ই এক আশাপ্ৰদ কথা।তথাপি এই কথা চৰ্চাৰ বাহিৰত।কোনো এখন ঠাইত এজাক শিয়ালৰ অৱস্থিতিয়ে সেই ঠাইখনৰ বহনক্ষম প্ৰাকৃতিক  পৰিৱেশৰ কথা সূচায়।সাধাৰণতে,বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰসংগত নিশাচৰ প্ৰাণী সমূহৰ গুৰুত্ব কোনোবাখিনিত কম যেন বোধ হয়।সেয়েহে এই প্ৰাণীসমূহৰ সাম্প্ৰতিক গতি-প্ৰকৃতিক লৈয়ো মানুহ সচেতন নহয়।ফলস্বৰূপে,শিয়ালৰ দৰে অসমীয়া সমাজৰ অভিন্ন অংগ-স্বৰূপ জন্তুবিধৰ চৰ্চা হ্ৰাস পাইছে।
         ৰাতিপুৱা বনকুকুৰাৰ ডাকত আমাৰ গাওঁবোৰ সাৰ পায়।এই থলুৱা চৰাইবিধৰো অসমীয়া সমাজত গুৰুত্ব অধিক।কাঠনি,জোপোহা আদিত বাস কৰি অসমীয়া চহা জীৱনৰ লগত একাত্ম হৈ পৰা এই চৰাইবিধৰো পৰিমান হ্ৰাস পাই আহিছে। বিশেষকৈ মতা বনকুকুৰাবোৰ সঁচাকৈয়ে আকৰ্ষনীয় আৰু দৃষ্টি-মধুৰ।আগৰ দিনত ল'ৰাবোৰে কুকুৰাৰ কণী বিচাৰি হাবি চলাথ কৰি ফুৰিছিল,প্ৰতিটো প্ৰহৰত বনকুকুৰাৰ ডাকে গাওঁবোৰ মুখৰ কৰি ৰাখিছিল।কিন্তু সুখৰ কথা এয়ে যে আজিও অসমৰ কিছু কিছু ঠাইত এই পৰিৱেশ অক্ষত অৱস্থাত আছে।মাজুলী জিলাৰ নৈ-পৰীয়া গাওঁ সমূহৰ পথাৰত জাক জাক বনকুকুৰা আপোন মনে চৰি থকা দেখিলে সকলোৰে চকু জুৰ পৰে।নিৰ্ভয়ে জাক জাক বনকুকুৰা এই গাওঁসমূহৰ কাঠনি-জোপোহা আদিত যুগ যুগ ধৰি বসবাস কৰি আহিছে।
         শিয়াল আৰু বনকুকুৰাৰ অবিহনে অসমীয়া সমাজখনৰ চহা গোন্ধটো আধৰুৱা।কোনো কোনো ঠাইত এই প্ৰাণী দুবিধ সুৰক্ষিত অৱস্থাত আছে যদিও বহুঠাইত বিপদাপন্ন আৰু বিলুপ্তিৰ পথত।গতিকে আমি থলুৱা জীৱ-জন্তুবোৰ সমূহক জীয়াই ৰখাৰ দায়িত্ব লোৱা উচিত।

___________×___________
জ্ঞানদীপ শইকীয়া
মেৰাগড় গাওঁ,মাজুলী
ডাকঃবনগাওঁ-৭৮৫১১০
ফোন নংঃ৮৬৩৮৮৪৬৪৪৮
Show quoted text

Comments

Popular posts from this blog

নিবন্ধ

নিবন্ধ

কবিতা