ৰাস।
ৰাস-মহোৎসৱৰ বাণিজ্যিকীকৰণ
_____________________________
মাজুলীকে প্ৰমূখ্য কৰি অহা পূৰ্ণিমাত সমগ্ৰ অসমতে ৰাস মহোৎসৱ অনুষ্ঠিত হ'বলৈ গৈ আছে।বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো ৰাস-মহোৎসৱত অসমীয়া মনোৰঞ্জন জগতৰ,বিশেষকৈ অভিনেতা-অভিনেত্ৰীসকলে অংশগ্ৰহন কৰিব।থলুৱা সংস্কৃতিৰ বাণিজ্যিকীকৰণত এই প্ৰচেষ্টা নিশ্চয় সহায়ক হ'ব বুলি ভাবো।থলুৱা সংস্কৃতিৰ প্ৰতি থলুৱা মানুহৰ ক্ৰমাগতভাৱে বাঢ়ি অহা অনিহা শুভ লক্ষন নহয়।সুস্থ বাণিজ্যিকীকৰণৰ অভাৱত আমাৰ সংস্কৃতিৰাজিৰো আয়ুস কমি আহিছে।ৰাসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত জনপ্ৰিয় অভিনয় শিল্পীসকলে নিশ্চয়কৈ অৰিহনা যোগাইছে।যদিওবা এই শিল্পীসকলক চাবলৈকে ৰাসৰ প্ৰেক্ষাগৃহ সমূহত দৰ্শকে ভিৰ কৰেহি,তথাপি আওঁ-পকীয়াকৈ এই কাৰ্য্যৰ দ্বাৰা ৰাস-মহোৎসৱৰে লাভ হয়।ই এক আশাব্যঞ্জক কথা।
স্মৰ্তব্য যে, যোৱা কেইবছৰমানৰ পৰা বাণিজ্যিকীকৰণৰ নামত যধে-মধে তথাকথিত জনপ্ৰিয় শিল্পীসকলে ৰাসৰ স্বকীয়তালৈ পিঠি দি ৰাসৰ যি বিকৃত উপস্থাপনৰ পৰম্পৰা এটা গঢ়ি তুলিছে,এই পৰম্পৰা সলনি নহ'লে ৰাসে নিজস্বতা হেৰুৱাব।ৰাস-মহোৎসৱ আধ্যাত্মিকতাত প্ৰতিষ্ঠিত,ৰাধা-কৃষ্ণৰ শৃংগাৰ ৰসতো ভক্তি-ৰসেহে প্ৰাধ্যান্য পায়।ৰাসৰ যি নাটৰ অংশ আছে তাত এটা নিৰ্দিষ্ট পটভুমিৰ,এটা নিৰ্দিষ্ট পাণ্ডুলিপি থাকে।সেই পাণ্ডুলিপি অনুসৰিহে অভিনয় শিল্পীসকলে অভিনয় কৰে।উদাহৰণ স্বৰূপে,কংসৰ চৰিত্ৰটো ৰূপায়ন কৰিবলৈ অভিনয়-শিল্পীজনক লাগিব এটা ৰজাসুলভ দেহ,গহীন কণ্ঠস্বৰ।দৈহিকভাৱে মানুহক বিচাৰ কৰাটো নিশ্চিতভাৱেই অসামাজিক চিন্তা।কিন্তু,ৰাস মহোৎসৱ যিহেতু পৰম্পৰা আৰু এক নিৰ্দিষ্ট পাণ্ডুলিপিত প্ৰতিষ্ঠিত সেয়েহে ইয়াৰ ঐতিহ্য আৰু স্বকীয়তাক গুৰুত্ব দিবই লাগিব।গ্লেমাৰ থাকিলে বুলিয়ে কংসৰ চৰিত্ৰটোৰ লগত খাপ নোখোৱা এজন অভিনেতাৰ হতুৱাই কংস চৰিত্ৰটো ৰূপায়ন কৰালে ৰাসে মৰ্যদা নেহেৰুৱাবনে?যিটো অশুভ লক্ষণ বৰ্তমান ৰাসত পৰিলক্ষিত হৈছে।
দৰ্শকেও ৰুচি-বোধ হেৰুৱাইছে যেন বোধ হয়।উদাহৰণ স্বৰূপে যদি জনপ্ৰিয় ধাৰবাহিক এখনৰ "ক" নামৰ চৰিত্ৰটোৰ অভিনয় শিল্পীজনে ৰাসত পুতনা ৰাক্ষসীৰ ভাও দিয়ে,দৰ্শকে সেই শিল্পীজনৰ পৰা পুতনা ৰাক্ষসীৰ অভিনয় চাবলৈ বিচৰাৰ সলনি টি.ভি. ধাৰবাহিকৰ "ক" চৰিত্ৰটোহে চাবলৈ বিচাৰে।অভিনয় শিল্পীজনেও ধাৰাবাহিকৰ অভিনয়-শৈলীতে দৰ্শকক আমোদ দিবলৈ চেষ্টা কৰে।এনেকৈয়ে টি.ভি. ধাৰাবাহিকৰ চৰিত্ৰসমূহ আহি ৰাসত সোমাই পৰিছে।ৰাস ভগৱান শ্ৰী-কৃষ্ণৰ জীৱন আধাৰিত,সেই সময়ত জানো ধাৰাবাহিকৰ জনপ্ৰিয় চৰিত্ৰ সমূহ আছিল!ঐতিহ্যক ধৰি ৰাখিও বাণিজ্যিকীকৰণ সম্ভৱ।ৰাস-মহোৎসৱৰ উদ্যোক্তা আৰু শিল্পী সমাজ এইক্ষেত্ৰত দায়বদ্ধ হোৱা উচিত।
_______×________
জ্ঞানদীপ শইকীয়া
Comments
Post a Comment