ভাষাৰ ব্যৱহাৰ



        ৰীমা দাস পৰিচালিত অস্কাৰমূখী কথাছবি "ভিলেজ ৰকষ্টাৰ্ছ" নিৰ্মাণ হৈছে নামনি অসমৰ কথিত ভাষাত।মূল চৰিত্ৰ ধুনু আৰু তাইৰ জীৱনৰ ছাঁ-পোহৰত আমি একাত্ম হৈ পৰো।কথাছবিখনৰ চৰিত্ৰসমূহ আমাৰ নিজৰে কোনোবা যেন লাগে।ভাষাৰ পৰিধি ভাঙি উক্ত কথাছবিখনে আমাক কেৱল মানুহ হিচাপে পতিয়ন নিয়াব পাৰিছে।

          কণ্ঠশিল্পী দীক্ষুৰ "আহ্‌ ঐ আহ্‌ খেতি কৰ্‌বাক লেগি কান্ধত নাঙাল লওঁ" শীৰ্ষক অতি জনপ্ৰিয় এটি গীত।আবাল-বৃদ্ধ-বনিতা সকলোকে উবুদ্ধ কৰিব পৰা গীতটিত নামনি অসমৰ ভাষাৰ উদ্যম আৰু সৌন্দৰ্য্য বাৰুকৈয়ে প্ৰতিফলিত হৈছে।অসমৰ সমাজনীতি,ৰাজনীতি,অৰ্থনীতি সকলো দিশ এই গীতটোৱে সামগ্ৰিকভাৱে সাবতি লৈছে।দীক্ষুৰ উপৰিও বহুদিনৰ আগতে বৰপেটীয়া ভাষাত দোষ্ট হবিবুৰ ৰহমানে গীত গাই জনপ্ৰিয়তা লাভ কৰিছিল৷ৱাহিদুৰ ৰহমানেও থলুৱা ভাষাত গীত গাই  সকলোকে আমোদ দিছিল৷নিংনি ভাৱৰীয়াৰ ৰসাল কথা সৰ্বজনবিদিত।

       উদ্ধৃতি দিব পৰাকৈ তাৰপাছত?পট্‌কৈ মনলৈ অহা কিবা?তাৰপাছত আৰু তেনেকুৱা নাই..!বিভিন্ন গীত,কবিতা,ছবি ইত্যাদি নামনি অসমৰ কথিত ভাষাত নিৰ্মান কৰা হৈছে যদিও সৰ্বস্তৰৰ জনতাৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰ একেবাৰেই নাই।

    সেই "নাই"ৰ আঁত ধৰি বিচাৰ কৰিলে দেখা যায় নামনি অসমৰ কথিত ভাষাই ঠাই পাইছে কিছুমান হাস্য-মধুৰ দুৰদৰ্শনৰ ধাৰাবাহিক,ভি.চি দি.,টুলুঙা পেৰডি গীত আদিত।নামনি অসমৰ মাত-কথা বুলিলেই সাধাৰন মানুহৰ মনলৈ আহে "খাপ্‌লাং কাই","চুবুৰি নংঃ১","বৰলা কাই" ইত্যাদি হাস্য-ৰসাত্মক ধাৰাবাহিক।কথা।যিসমূহ ধাৰাবাহিক অথবা ছবিয়ে নামনি অসমৰ জন-জীৱনক প্ৰকৃত ৰূপত প্ৰতিফলন ঘটোৱাত ব্যৰ্থ হৈছে বুলিব পাৰি।অৰ্থাৎ নামনি অসমৰ ভাষা-সংস্কৃতি অথবা মূল্যবোধৰ প্ৰতি এনেকুৱা মনোৰঞ্জনৰ উপাদানসমূহ দায়বদ্ধ নহয়।কেৱল ভাষাটোক অৱলম্বন কৰি দৰ্শকক ক্ষণভংগুৰ হাস্যৰস দিয়াটোৱেই মূল উদেশ্য যেন লাগে।

      ফলশ্ৰুতিত,এই ধাৰাবাহিকসমূহৰ পৰা সাধাৰণ ৰাইজে(বিশেষকৈ উজনিৰ)নামনি অসম সম্পৰ্কে কোনো এক চিৰিয়াছ ধাৰনা ল'বলৈ সুৰুঙা নাপায়।নামনি অসম বুলিলে কেৱল শুনিবলৈ জমনি যেন লগা ভাষা ব্যৱহাৰকাৰী মানুহ হিচাপেহে বহুতৰে হয়তো ধাৰনা আছে।ইয়াতে এক বিচ্ছিন্নতাবাদে গা কৰি উঠে।               

       ফেচবুক,ইউটিউব ইত্যাদি সামাজিক মাধ্যম সমূহতো নামনি অসমৰ কথিত ভাষাত কোনো চিৰিয়াছধৰ্মী content  সুলভ নহয়।কেৱল একেই কিছুমান হাস্যৰসাত্মক ভিডিঅ',ব্লগিংৰ চেনেল/ফেচবুক পেজ সমূহহে সাধাৰণ মানুহে চাবলৈ পায়,যাৰ ফলৱাৰ্চ লক্ষাধিক।

             উজনি অসমৰ কথিত সুৰৰ ব্যৱহাৰেৰে হৰপল শইকীয়া নামৰ এটি চেনেলত আমি হাস্যমধুৰ ভিডিঅ' দেখিছো।এই হাস্যৰসে উজনি অসমৰ সমাজ জীৱনৰ প্ৰকৃত স্বৰূপটো তুলি ধৰিছে।এই হাস্যৰস গধুৰ আৰু নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি দায়বদ্ধ তথা এটা ইতিবাচক বাৰ্তাবহনকাৰী।

    "যি মন যায় তাকেই কৰো বিতৰ্ক এৰাই চলো" ফেচবুক পেজখনে মাজুলী তথা যোৰহাটৰ কথিত ভাষাৰ ব্যৱহাৰেৰে হাস্যমধুৰ ভিডিঅ' নিৰ্মান কৰে।মানুহে প্ৰাণখুলি হাঁহে।লগতে যোৰহাট আৰু মাজুলীৰ চহা জীৱনটোৰ প্ৰতি এটি ইতিবাচক ধাৰনা ল'ব পাৰে।হাঁহিৰ মাধ্যমেদি হাঁহিয়তৰ পাত্ৰ হ'বলৈ ভিডিঅ' নিৰ্মাতাই কাকো সুযোগ দিয়া নাই।

          অন্যহাতেদি নামনি অসমৰ কথিত ভাষাত নিৰ্মিত এনে কিছুমান কমেডি ভিডিঅ'ৰ ফেচবুক পেজ আছে য'ত টুলুঙা কথা আৰু কামেৰে মানুহক হহুৱাই লাইক,কমেন্ট আদায় কৰাই মূল উদেশ্য।নামনি অসমৰ মানুহৰ প্ৰকৃত সুখ-দুখ ইয়াত বিচাৰিলে আমি নাপাও।কেৱল হাস্যৰসৰ নামত বাৰে ভচহু কাম কৰি নিজৰ এটা লঘূ স্বৰূপ জাহিৰ কৰাহে পৰিলক্ষিত হয়।নিজৰ ভাষা আৰু প্ৰকৃত স্বৰূপটোৰ প্ৰতি দায়বদ্ধ নহৈ ভাষাটোক কেৱল জমনি উঠা ভিডিঅ' নিৰ্মানত ব্যৱহাৰ কৰা কাৰ্য্যই ভাষাটোৰ সৌন্দৰ্য্যক ভালেখিনি ম্নান পেলাইছে বুলি ভাবো।হাঁহি উঠিলেই প্ৰকৃত হাস্যৰস নহয়।হাস্যৰসৰ মাধ্যমেদি মানুহৰ অৱচেতন মনত নিজৰ সমাজখনৰ সামগ্ৰিক স্বৰূপটো আঁকিব পাৰিব লাগিব।"হৰপল শইকীয়া","যি মন যায় তাকেই কৰো,বিতৰ্ক এৰাই চলো" আদি পেজসমূহ এই ক্ষেত্ৰত সফল।

    অন্যহাতেদি নামনি অসমৰ কথিত ভাষা ব্যৱহাৰ কৰি এনেকুৱা সস্তীয়া মনোৰঞ্জনৰ ভিডিঅ' আদিৰ নিৰ্মানে ভাষাটোৰ মৰ্য্যদা জনমানসত বাৰুকৈয়ে লাঘৱ কৰিছে।যি ভাষা অস্কাৰমূখী,সেই ভাষা আমাৰ গৌৰৱ।পাবতগজা এচামে এই ভাষাটোক লৈ যি বান্দৰামী কৰিব লাগিছে,সেয়া সোনকালে বন্ধ হ'ব নালাগিলে ভাষাটোৱে গণভিত্তি হেৰুৱাব।নামনি অসমৰ কথিত ভাষা অবিহনে অসমৰ বৃহৎ সত্তাটো কল্পনা কৰিব নোৱাৰি।

   এয়া সময় দায়বদ্ধ হোৱাৰ।

_____________×___________

✍🏻জ্ঞানদীপ শইকীয়া

Comments

Popular posts from this blog

নিবন্ধ

নিবন্ধ

কবিতা