বিষ্ণুপ্ৰসাদ ৰাভা

      

        ৰাভা

    



        সৌৱা সুবিধাবাদীৰ সমদল।সুবিধাবাদৰ ৰমৰমীয়া বজাৰত আমি কোনোজন ক্ৰেতা,কোনোবাজন আকৌ বিক্ৰেতা।প্ৰতক্ষ্য অথবা পৰোক্ষ্যভাৱে আমি সকলোৱেই এই বজাৰৰ লগত জড়িত।ৰাজপথত কৃষকৰ বিদ্ৰোহ।চিপ্‌জৰীত কৃষকৰ লানি।ক'তো একো হেৰফেৰ্‌ হোৱা নাই!কেৱল টি.আৰ্‌.পি. বাঢ়িছে।মাছৰ তেলেৰে মাছ ভাজি সৰ্বহাৰা জনগনৰ মুকুতিৰ কথা কৈ নিজৰ পকেট গৰম হ'লেই পাভলূটি মৰা একাংশ সমাজসেৱীয়ে আমাক চৰম নিৰাশাবাদত ভোগায়।বিপ্লৱ অথবা নিঃস্বজনলৈ সহায়ৰ হাত এখন আগবঢ়াই দিয়াৰ নেপথ্যত লুকাই থাকে পাব্লিচিটি ষ্টান্ট,ফেচবুকৰ লাইক,কমেন্ট,শ্বেয়াৰ ইত্যাদি ইত্যাদি অলেখ অজানা কথা।টি.আৰ্‌.পি অহিবনে কিবা ঘটিব পাৰেনে আজিৰ ৰেচমী সমাজত?দৰিদ্ৰ শ্ৰেণীৰ মুকুতিৰ বাট নাই!

     

    "দিন হলেও শ্ৰমিক মৰে

     ৰাতি হলেও শ্ৰমিক মৰে

     মহামাৰী হৈছেঃশ্ৰমিকৰ কামি হাড়ত কাঠফুলা গজিছে 

     আকাল লাগিছেঃশ্ৰমিকৰ চাল টানি ভোক গুচাইছে ৰাস্তাৰ  

      কুকুৰে।"

       কেৱল শোষণৰ বাবেই যেন শ্ৰমিক।দুখৰ হলাহল পিবলৈহে নীলকণ্ঠী শ্ৰমিক....।তথাপি যুগৰ চাহিদা মানি শ্ৰমিকৰ কণ্ঠ হৈ জন্ম হয় কোনো কোনো মনিষীৰ।যিয়ে চিঞৰিব জানে অন্যায়ৰ বিপৰীতে।যিয়ে নিষ্পেষিত,শোষিতজনৰ অমোঘ যন্ত্ৰণা থাপিবলৈ বুকু পাতিব পাৰে।বিষ্ণুৰাভা তেনে এক নাম।যিয়ে শ্ৰমজীৱী জনগণৰ উচিত মৰ্য্যদাৰ দাবীত শাসক পক্ষ্যৰ সন্মুখত বিপ্লৱৰ জুই জ্বলাইছিল।ব্যৱহাৰিক অৰ্থত শ্ৰমজীৱী জনগণৰ প্ৰকৃত অধিকাৰ আৰু শাসক পক্ষৰ পক্ষপাতীত্বমুলক আচৰণৰ বিপৰীতে নিঃস্বাৰ্থ বিদ্ৰোহৰ সূচনা কৰি সকলোকে সজাগ কৰি তুলিবলৈ ৰাভাদেৱে অহোপুৰুষাৰ্থ কৰিছিল।ৰাভাদেউ মানেই শ্ৰমজীৱী জনতাৰ মুকুতিৰ মাত।তেওঁ কৈছিল,“কৃষ্টি-সংস্কৃতি আৰু সভ্যতা ধনী অসমীয়াৰ হাতত নাই। চফল নগৰীয়াৰ প্ৰাণত নাই। আছে, দুখীয়া-হজুৱা, হালােৱা-বনুৱাৰ দৰে গাঁৱলীয়া অসমীয়াৰ হিয়াৰ কোণত৷” আদৰ্শৰ উৰ্ধত প্ৰকৃত সমাজবাদী চেতনা আৰু জন-কল্যাণৰ মনোবৃত্তিৰে সমাজৰ প্ৰতিটো স্তৰৰ জনতাক নিজৰ অধিকাৰ আৰু প্ৰাপ্যৰ বাবে জাগ্ৰত কৰি তুলিছিল।

            সাম্প্ৰতিক সময়ৰ যি ধৰ্মান্ধ আৰু বিচ্ছিন্নতাবাদী লেতেৰা ৰাজনীতি তাৰ বিপৰীতে ৰাভাদেৱে পাহাৰ-ভৈয়াম,উজনি-নামনি সকলোকে কৰ্ম-সংস্কৃতি আৰু জাতীয়-সংস্কৃতিৰ মাধ্যমেৰে উবুদ্ধ কৰি ৰাখিছিল।তেওঁৰ সপােন আছিল হালােৱা-হজুৱা, কৃষক-শ্রমিক, বনুৱা-মজদুৰ শ্রেণীক লৈ এখন নতুন সমাজ প্রতিষ্ঠা কৰা, য’ত মানুহৰ মাজত ধনী-দুখীয়া, উচ্চ-নীচ আদিৰ ভেদাভেদ নাথাকিব আৰু সকলােৱে সম-অধিকাৰৰ মাজেদি জীয়াই থাকিব পাৰিব।মানুহ হিচাপে সকলোৱেই সম-মৰ্য্যদা লাভ কৰিবৰ বাবে ৰাভাদেৱে দেহে-কেহে খাটিছিল।

           ৰাভাদেৱ অসমৰ প্ৰথমজন সাংস্কৃতিক বিপ্লৱী।অনাখৰী চহা-সমাজ এখনক নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে সষ্টম কৰি তুলিবলৈ সাংস্কৃতিক বিপ্লৱৰ আশ্ৰয় লৈছিল।হালোৱা-বনুৱা সকলোকে বিষয়বস্তু হিচাপে লৈ ৰচনা কৰা গীত,কবিতা সমূহে সদায় সমাজৰ খাটি খোৱা জনগণৰ মুকুতিৰ কথা সোৱঁৰায়।ৰাভাৰ গীতত জন-জীৱনৰ দুখ-বেদনা, হতাশা-শােষণ আদিৰ চিত্র প্ৰতিফলিত হৈ আছে। বিষ্ণু ৰাভাই ইংৰাজ শােষকৰ দাসত্বৰ পৰা মুক্তি বিচাৰি হালােৱা-হজুৱা, ডেকা-গাভৰুকে ধৰি শত-সহস্রজনক আকুল আহ্বান জনাইছিল— “ভাং ভাং ভাং/ লােহাৰ শিকলি ভাং/ ছিং ছিং ছিং/ দাসৰ বান্ধোন ছিং…”। শিকলি চিঙাৰ শক্তি কেৱল শ্ৰমিক শ্ৰেণীৰহে আছে।শিকলি চিঙি,শোষনৰ পিঞ্জৰা ভাঙি প্ৰকৃত স্বাধীনতাৰ বাটেদি আগুৱাবলৈ ৰাভাদেৱে প্ৰতি স্তৰৰ মানুহক গীত-কবিতাৰ মাধ্যমেৰে বুজনি দিছিল।

      ৰাভাই কৈছিল,“অসমীয়া কৃষ্টি-সংস্কৃতি আৰু সভ্যতা নিৰ্যাতিত-নিষ্পেষিত দুখীয়া গাঁৱলীয়া কৃষক-বনুৱা অসমীয়াইহে আজিও অৱহেলিতভাবে জীয়াই ৰাখিব পাৰিছে, যিবিলাকেৰে আজিও আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ, অসমীয়া বুলি জগতত চিনাকি দিব পাৰোঁ৷ গতিকে অসমীয়া জাতিৰ মৃত্যুবাণ এই হোজা দুখীয়া গাঁৱলীয়া অসমীয়াৰ হাততহে৷”

          উৎপাদনৰ আহিলা যে প্ৰকৃততে কাম কৰোতাজনৰহে,তাহানিতে তেওঁ এইকথাক গণমুখী কৰাত আগ-ভাগ লৈছিল।শ্ৰমজীৱী জনতাইহে অসমীয়া জাতিটোক জীয়াই ৰাখিছে।"নাঙল যাৰ মাটি তাৰ" শ্ল'গানেৰে মহাজনসকলৰ শোষনৰ বিৰুদ্ধে গৰজি উঠিছিল।নিষ্পেষনৰ বিৰুদ্ধে মাতিবলৈ যাওতে শাসক পক্ষই চোচৰাই নি ৰাভাদেউক কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত বন্দী কৰি ৰাখিছিল।তথাপি জুইফুল হৈ ৰাভাদেউ পুনৰ অন্যায়ৰ বিপৰীতে সৰৱ হৈ উঠিছিল।

          অৰ্থনৈতিক অধিকাৰ,সামাজিক অধিকাৰৰ লগতে শ্ৰমজীৱী ৰাইজৰ অগ্নি-কণ্ঠ হৈ ৰাজনৈতিকভাৱেও ৰাভাদেউ সক্ৰিয় আছিল।একেখন হাতেৰেই হাতুৰি আৰু নাঙল লোৱাৰ লগতে সংসদীয়ভাৱেও যে সংবিধানৰ শপত ল'ব পাৰি সেই কথা ৰাভাদেৱে প্ৰতিপন্ন কৰিছে।প্ৰকৃত গণতন্ত্ৰত ৰাজনীতি মানেই যে ধননীতি নহয়,ৰাজনীতি যে শ্ৰমজীৱী জনতাৰো মৌলিক অধিকাৰ এইকথা ৰাভাদেৱে দেখুৱাই গৈছে।

          ৰাভাদেউৰ বিজ্ঞানসন্মত সমাজবাদী চেতনা পৃথিৱীতে বিৰল।শ্ৰমজীৱীৰ কণ্ঠত ৰাভাদেউ অমৰ থাকিব।

                      __________×____________

জ্ঞানদীপ শইকীয়া,মাজুলী।

Comments

Popular posts from this blog

নিবন্ধ

নিবন্ধ

কবিতা