সংস্কৃতি

 নতুন বছৰৰ চিন্তা আৰু সংস্কৃতিৰ পশ্চাৎৱৰ্তিতা

   

               নতুন বছৰৰ প্ৰত্যাশাই নতুন চিন্তাৰ জন্ম দিয়ে।নতুনত্বৰ প্ৰতি মানুহ আকৃষ্ট হয়।কিন্তু বাস্তৱত আমি সঁচাকৈয়ে নতুন হ'ব পাৰোনে?নহয়,সকলোফালেই নতুন বটলত পুৰনি সুৰা আৰু বটলৰ একেই প্ৰমূল্য।বিশেষকৈ অসমীয়া সমাজখন আৰু অসমীয়া মানুহৰ সংস্কৃতিৰ পশ্চ্যাৎৱৰ্তিতা(cultural lag)ৰ ফলতেই আমাৰ সমাজ ব্যৱস্থাটো স্থৱিৰ হৈ পৰিছে।

               নৃতত্ত্ববিদ তথা সমাজ বিজ্ঞানী  এদোৱাৰ্ড বাৰনেট টাইলৰে সংস্কৃতিৰ এটা সাৰ্বজনীন সংজ্ঞা আগবঢ়াইছে,"Culture is that complexwhole which includes knowledge,belief,art,morals,law,custom and other capabilities acquired by man as a member of society."অৰ্থাৎ সংস্কৃতি হৈছে জ্ঞান,নৈতিকতা,বিশ্বাস আদিকে ধৰি সমাজৰ এজন সদস্য হিচাপে মানুহে আহৰণ কৰিবলগীয়া অন্যান্য সকলোবোৰ দিশৰ সংমিশ্ৰত ৰূপ।এই সংস্কৃতিৰে দুটা দিশ থাকে।এটা বস্তুবাদী,আনটো অবস্তুবাদী।মানুহে ব্যৱহাৰ কৰা সকলোবোৰ দৃশ্যমান আৰু স্পৰ্শ কৰিব পৰা উপাদানেই বস্তুবাদী সংস্কৃতি।যিবোৰ দৃশ্যমান নহয় আৰু চুব নোৱাৰি সেয়াই অবস্তুবাদী সংস্কৃতি।মানুহৰ চিন্তা-চৰ্চা,বিশ্বাস,ব্যৱহাৰিক দৰ্শন আদিবোৰ অবস্তুবাদী সংস্কৃতিৰ উদাহৰণ।বস্তুবাদৰ ধাৰনা অহাৰ আগতে মানুহে নানান অবস্তুবাদী সংস্কৃতিৰ ওপৰতে ভিত্তি কৰি চলিছিল।তেতিয়া বস্তৰ ব্যৱহাৰ অতিশয় কম আছিল।বৰ্তমানৰ সমাজখনৰ যি বস্তুবাদী উন্নয়ন,সেয়াও অবস্তুবাদী সংস্কৃতিৰ কৰ্ষনৰ ফচল।মানুহৰ চিন্তা,বিশ্বাস আদিৰ ওপৰতে সমাজখন চলি আছে।কিন্তু এই যি বস্তুবাদ আৰু অবস্তুবাদৰ কথা কোৱা হৈছে,ভাৰতীয় সমাজখনত উভয় সংস্কৃতিৰ মাজত এক দুৰত্ব দেখা পোৱা যায়।সমাজ তথা সংস্কৃতিৰ বস্তুবাদী দিশটো অবস্তুবাদী দিশতকৈ বহুদূৰ আগবাঢ়ি যায়।অবস্তুবাদী দিশটোৰ গতি অতি মন্থৰ,নতুবা একেটা ৰূপতে থাকি যায়।ধৰা হ'ল, ২০০০ চনত এজন মানুহে এটা কেঁচাঘৰত বাস কৰিছিল আৰু দুৰ্গাপূজাত জীৱ-জন্তু বলি দিছিল।২০২০ চনত মানুহ জনৰ কেঁচাঘৰটো পকী আৰু ডিজিটেল বাসগৃহলৈ ৰূপান্তৰ ঘটোৱা হ'ল,কিন্তু মানুহজন ২০০০ চনৰ দৰেই ২০২০ চনটো দূৰ্গা পূজাত জীৱ-জন্তু বলি দিবলৈ গৈছে।এইক্ষেত্ৰত সংস্কৃতিৰ বস্তুবাদী দিশটোৰ আমুল পৰিৱৰ্তন হৈছে।বলি দিয়াৰ লগত জড়িত বিশ্বাসখিনি তথা সংস্কৃতিৰ অবস্তুবাদী দিশটো একেই থাকিল।একেই থকা আৰু পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰত এটা তফাৎ আহি পৰিছে।বস্তুবাদী দিশটো আগুৱাই গৈছে।অবস্তুবাদী দিশটো পিছপৰি ৰৈছে।বাসগৃহৰ ডিজিটেলাইজেচনৰ লগতে চিন্তা আৰু বিশ্বাসত পৰিৱৰ্তন অহাতো জৰুৰী নহয়নে?নিশ্চয় হয়।কিন্তু ভাৰতীয় সমাজ ব্যৱস্থাৰ ই এটা প্ৰধান আসোঁৱাহ আৰু মনস্তাত্বিক সমস্যা।আমি গম নোপোৱাকৈয়ে সকলো ইয়াৰ বলি হৈছো।আমেৰিকান সমাজ বিজ্ঞানী অগবাৰ্ণে সংস্কৃতিৰ এই ব্যৱধানক অবস্তুবাদী সংস্কৃতিৰ পশ্চাৎবৰ্তিতা(Culteral lag) বুলি অভিহিত কৰিছে।আমাৰ সমাজব্যৱস্থাত এই পশ্চাৎবৰ্তিতা ইমানেই বেছি যে ভালদৰে গমি-পিতি চালে পৌৰাণিক সমাজত থকাৰ দৰেই অনুভৱ হয়।যেন নতুন বটলত পুৰনি সুৰা আৰু বৰ্তমানো সুৰাৰ সেই একেই প্ৰাচীন নিচা।

            উদাহৰণস্বৰূপে,মানুহে চিঠি এৰি অতিসহজেই দৈনন্দিন জীৱন যাত্ৰাত লেণ্ডফোন,টেলিগ্ৰাম আদিৰ ব্যৱহাৰ কৰিব পাৰিলে।তাৰপিছত বিভিন্নধৰণৰ মোবাইলফোন আহিল।চিঠিৰ পৰা মোবাইলফোনলৈ ৰূপান্তৰ ঘটোতে সামাজিক মনঃস্তত্বত একো প্ৰভাৱ নপৰিল।এইটো হৈছে বস্তবাদী সংস্কৃতিৰ দীৰ্ঘসুত্ৰিতা।আনহাতে চিঠিৰ লগত জড়িত  আৱেগখিনি কিন্তু আজিও অপৰিৱৰ্তনীয়।বিয়া এখনলৈ ডিজিটেল চিঠি এখন অথবা ফোন কৰি নিমন্ত্ৰণ জনালে বহুতেই বেয়া পায়।ভমকা-ফুলীয়া ছপা-চিঠি এখনেৰে নিমন্ত্ৰণ জনোৱাটোহে সন্মানৰ কথা।কিন্তু,ছপা-চিঠিৰ লগত জড়িত আৱেগখিনিয়ে একোটা অৰ্থনৈতিক কাৰ্যৰ জন্ম দিয়ে,পোন-চাতেই এই কাৰ্য্যক আমি বেয়া বুলিব নোৱাৰো।কিন্তু,উপাৰ্জনৰ স্তৰ,উৎপাদন-ব্যয় ইত্যাদিলৈ লক্ষ্য ৰখা উচিত।স্মাৰ্টফোনৰ ব্যৱহাৰ মূলতঃ পৰিবহন ব্যয় আৰু সময় হ্ৰাসৰ বাবে।তাকে নকৰি পৰম্পৰা ৰক্ষাৰ নামত অতীতক খামুচি ধৰিলে নিজৰে হানি হ'ব।প্ৰযুক্তি-বিদ্যাৰ উন্নয়ন সমাজ এখনৰ প্ৰতিটো দিশৰে অপৰিহাৰ্য্য অংগ।চিঠিত প্ৰযুক্তি-বিদ্যাৰ ব্যৱহাৰ হৈ স্মাৰ্টফোনলৈ বিবৰ্তিত হ'ল।সমাজে এই বিবৰ্তনত সহজেই সৱস্থান কৰি ল'লে।কিন্তু অসম অথবা ভাৰতৰ প্ৰেক্ষাপটত প্ৰযুক্তিবিদ্যাৰ এই উন্নয়ন যেন অৰ্থহীন।কিয়নো ইতিহাসৰ সমাজখনৰ প্ৰতিমান,প্ৰমূল্যত আজিও খামুচি ধৰি থকা হৈছে।বস্তুবাদী সংস্কৃতিৰ সমান্তৰালভাৱে অবস্তুবাদী সংস্কৃতিত পৰিৱৰ্তন নোহোৱাৰ বাবেই দুগুন খৰচ হোৱা নাইনে?স্মাৰ্টফোন সক্ৰিয় ৰাখিবলৈ কৰা খৰচ,লগতে পুনৰ চিঠিৰ আদান প্ৰদানত খৰচ।সমাজ এখনত এনেবোৰ কথা মূল-সুঁতিৰ আলোচনালৈ নাহে যদিও উন্নয়নৰ গতি মন্থৰ কৰাত এনে কাৰকে বহুতো অৰিহনা যোগায়।অৱশ্যে,প্ৰযুক্তিবিদ্যাৰ দোহাই দি এখন সমাজৰ সাংস্কৃতিক মূল্যবোধ আলোচনা কৰা জটিল।ইয়াৰ আছে বহুমূখী দৃষ্টিকোণ আৰু আপেক্ষিক ধাৰণা।কিন্তু এইয়া কভিদোত্তৰ গোলকীয় পৃথিৱী।সমাজ এখনৰ বিকাশ হ'বলৈ বস্তুবাদী আৰু অবস্তবাদী উভয় সংস্কৃতিৰে সমান্তৰালভাৱে ৰূপান্তৰ ঘটিব লাগিব।

             ঈশ্বৰ বিশ্বাস প্ৰতিখন সমাজৰে অবস্তুবাদী দিশৰ ঊমৈহতীয়া অংগ।মানৱ সভ্যতাৰ উত্তৰণৰ আদিকালৰ পৰাই এই বিশ্বাসে মানৱ সমাজ আগুৰি আছে।আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে ঈশ্বৰ উপাসনাৰ সকলো গৃহ নিৰ্মান কৰা হয়।উপাসনা গৃহসমূহ পৰিচালনাতো আধুনিক উপায় অৱলম্বন কৰা হয়।পূজা-পাতল কৰা কাৰ্যতো প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰা হয়।এনে কাৰ্যক গতানুগতিক বুলি মানি লোৱা যায়।কিন্তু অতি-ব্যস্ত উপাসনাথলী সমূহত ধূপ আৰু চাকিৰ ধোঁৱাই অস্বাস্থ্যকৰ পৰিৱেশৰ জন্ম দিয়া দেখা যায়।যোৰহাটৰ ঢেঁকীয়াখোৱা নামঘৰত ভাদমহীয়া চাকি জ্বলোৱা ঠাইত উশাহ বন্ধ হোৱাৰ উপক্ৰম ঘটে।ঈশ্বৰ বিশ্বাসৰ ক্ষেত্ৰত সকলোতে আধুনিক প্ৰযুক্তি-পদত্ত উপায় অৱলম্বন কৰি সূচল কৰি লোৱা হৈছে।কিন্তু ধূপ-চাকিৰ বিকল্পৰ ক্ষেত্ৰত অবস্তবাদী সংস্কৃতি একেই আছে।এই সৰু সৰু কাম আৰু কথাবোৰ মন দিয়া নহয়।তথাপি সমাজ এখনৰ প্ৰগতিশীলতাত আঁচোৰ পেলায়।

              বস্তবাদী দিশৰ অসমান উন্নয়ন আন এক আপদ।ঈশ্বৰ আৰু আধ্যাত্মিকতাৰ লগত জড়িত যিখিনি বিশ্বাস আছে,তাত সদায়েই নতুনত্ব দিবলৈ মানুহ আগ্ৰহী।কিন্তু,দৈনন্দিন জীৱন যাত্ৰাত মানুহ হিচাপে নূন্যতম দায়বদ্ধতাখিনিও পালনত যেন হেমাহি কৰা দেখা যায়।ঈশ্বৰৰ লগত জড়িত বিশ্বাস সমূহত কম-বেছি পৰিমানে ডিজিটেল আৰু আধুনিক পৰশ পৰিছে।অতিকমেও বিদ্যূৎ-সেৱা,পকীকৰণ,নেটৱৰ্ক ইত্যাদিৰ সুবিধাসমূহ আজিৰ ঈশ্বৰ উপাসনাৰ থলীত পোৱা যায়।কিন্তু এটা স্বাস্থ্যসন্মত অনাময় ব্যৱস্থা মানুহৰ মৌলিক প্ৰয়োজন।এই  প্ৰয়োজনৰ লগত জড়িত মানুহৰ ধাৰনা একেই থাকিল।মুকলিতে মল-মুত্ৰ ত্যাগ কৰি হলেওঁ আড়ম্বৰপূৰ্ণভাৱে ঈশ্বৰক উপাসনা কৰা দেখা যায়।আধাাত্মিকতাৰ জড়িত বিশ্বাসবোৰতকৈ দৈনন্দিন জীৱনৰ সংস্কৃতি সমূহ মানুহে এলাগী কৰে।

             

         এখন চিনাকী ছবিৰ কথা ক'ব খুজিছো।ধৰক,এটা  আটকধূনীয়া মন্দিৰত মিউজিক চিষ্টেমত ভক্তিগীত বাজি আছে।পূজাৰীয়ে লাইট-ফেনৰ সুন্দৰ সুবিধাত ধৰ্মগ্ৰন্থ পাঠ কৰিছে।ভক্তিত গদগদ্‌ হৈ ভক্তসকল বহি আছে।কিন্তু মন কৰিব সেই ঠাইত নাই এটা ভাল অনাময় ব্যৱস্থা।অনাময়ৰ নামত ঘৰ দুটামান থাকিলেও তাত নাই বিদ্যূৎ অথবা পানীৰ সুবিধা।অত্যাধুনিক মন্দিৰত পূজা চলি থাকোতেই,দেৱালৰ আঁৰ লৈ মুকলিতে মুত্ৰ-বিসৰ্জন কৰিবলগা পৰিস্থিতি আমাৰ লগতে বোধহয় সকলোৰে হৈছে।

           এইয়া এক সাংস্কৃতিক মূল্যবোধ গঢ়ি তোলাৰ সময়।বিদেশী পৰ্যটকসকলক মুকলিতে মুতুৱাই আমাৰ লোক-সংস্কৃতি তেওঁলোকৰ আগত প্ৰদৰ্শন কৰি আমি গৌৰৱ অনুভৱ কৰো।এইক্ষেত্ৰত আমি নিজকে আধুনিক মানুহ হিচাপে অথবা সংস্কৃতিৱান সমাজৰ অংশ হিচাপে দাবী তুলিব নোৱাৰো।বিদেশৰ মানুহে অসমত আহি মুকলিতে মুতিবলৈ যাওঁতে মানুহ হোৱাৰ অধিকাৰ খিনি হেৰুৱাবলৈ বাধ্য কৰাইছে এই সমাজে।এইয়া অপৰাধ।ঢোলৰ গিৰিপনি আৰু অসমীয়া গামোচাৰ লগতে এই অপৰাধবোধ  বাহিৰৰ মানুহখিনিয়ে লগতে লৈ যায়।

              পৰম্পৰা ৰক্ষাত জাপানীসকল সদায় সিদ্ধহস্ত।জাপানৰ প্ৰতিটো ধূলিকণাত কৰ্মপটূ জাপানীৰ অতীত-প্ৰীতিৰ নিদৰ্শন পোৱা যায়।কিন্তু,আমাৰ দৰে তেওঁলোকে অতীতকে খামুচি থাকেনে?নিশ্চয় নহয়।নিজস্ব সংস্কৃতিৰ অবস্তবাদী দিশটোৰ লগত তেওঁলোকে আধুনিক বস্তবাদ সুন্দৰভাৱে একাত্ম কৰিব পাৰিছে। অনাময় ব্যৱস্থাৰ উদাহৰণেৰে এই কথা বুজিব পাৰি।জাপানৰ সাংস্কৃতিক মূল্যবোধ অটুলনীয়।ভাৰতবৰ্ষৰ লগত তুলনা নহয়।ভাৰতবৰ্ষত যেতিয়া এটা অনাময় ব্যৱস্থা নিৰ্মান কৰা হয়,এফালে পুৰুষৰ বাবে এফালে মহিলাৰ বাবে ভাগ কৰি দিয়া হয়।পুৰুষ আৰু মহিলা এই দুটাতে আমাৰ ধাৰনা সীমাবদ্ধ।সাংস্কৃতিক মূল্যবোধৰো পৰিধি সীমানেই।কিন্তু, জাপানৰ অনাময় ব্যৱস্থাত কেৱল পুৰুষ আৰু নাৰীৰ উপৰি গৰ্ভৱতী মহিলা,শিশু,বৃদ্ধ লোক,ৰোগী,বিশেষভাৱে সক্ষম ব্যক্তি সকলোৰে বাবে সুবিধা আছে।জাপান উন্নত দেশ,ভাৰতবৰ্ষ উন্নয়নশীল।কিন্তু জাপানৰ অনাময় ব্যৱস্থা ব্যয়বহুল প্ৰযুক্তিৰ ভিতৰত নপৰে।সকলো দেশেই ইয়াক অনুকৰণ কৰিব পৰাকৈ সহজ।কেৱল নিৰ্ভৰ কৰে সাংস্কৃতিক মূল্যবোধৰ ওপৰত।

          ভাৰতীয় তথা অসমৰ সমাজ ব্যৱস্থাত বস্তুবাদী আৰু অবস্তুবাদী সংস্কৃতিৰ ব্যৱধান কমিলেহে সমাজে উন্নয়নৰ মুখ দেখিব।ইয়াৰ বাবে উভয় সংস্কৃতিতে লাগিব প্ৰকৃত নতুনত্বৰ পৰশ আৰু সমাজৰ বিজ্ঞান সন্মত অধ্যয়ন।

            _________________×__________________

জ্ঞানদীপ শইকীয়া

Comments

Popular posts from this blog

নিবন্ধ

নিবন্ধ

কবিতা