পৰিস্থিতি তন্ত্ৰ

 








প্ৰাত্যাহিকতাত পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু যুৱ-প্ৰজন্মৰ দায়িত্ব

_________________×______________________


              পৰিৱেশ সংক্ৰান্তীয় কথা সাম্প্ৰতিক সময়ত এক বৌদ্ধিক-বিলাসত পৰিণত হৈছে যেনহে বোধহয়।এই বৰ্ষৰ অৰ্থাৎ ২০২১ বৰ্ষৰ পৰিৱেশ দিৱসত অসমৰে এজন বিভাগীয় মন্ত্ৰীয়ে দোপালপিটা বৰষুণৰ মাজতে গছপুলি এটিত পানী দি থাকোতে ফটোৰ বাবে পজ দিয়াৰ ঘটনাই পৰিৱেশ সংক্ৰান্তিয় কথাৰ এক লঘূ-গুৰুত্বহে প্ৰতিপন্ন কৰে।আনক দেখুৱাবৰ বাবেহে যেন পৰিৱেশৰ কথা!আনক দেখুৱাই ৱাহ্‌ ৱাহ্‌ ল'বলৈয়ে যেন গছপুলি ৰোৱাৰ ভাওনা।সভ্যতাৰ এই চৰম সীমাতো,বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ দিনতো পৰিৱেশৰ সমস্যাই ভয়ংকৰ ৰূপ লৈছে।গোলকীয় উষ্ণতা,বন-ধ্বংস,পৰিস্থিতি তন্ত্ৰৰ বিলুপ্তিকে ধৰি এশ এবুৰি সমস্যাৰে দিনকদিনে নীলা গ্ৰহটি ভাৰাক্ৰান্ত হৈ পৰিছে।পৰিস্থিতি তন্ত্ৰৰ বিলুপ্তি পৰিৱেশৰ এক বৃহৎ প্ৰত্যাহ্বান।সাধাৰন অৰ্থত পৰিস্থিতি তন্ত্ৰ বুলিলে কোনো এটা ভৌগলিক ক্ষেত্ৰৰ অজৈৱিক আৰু জৈৱিক তথা অণুজীৱীয় উপাদান সমূহৰ আন্তঃসম্বন্ধৰ কথা সূচায়।নানান কাৰনবশতঃ সম্প্ৰতি পৰিৱেশৰ পৰা এই পৰিস্থিতি তন্ত্ৰ সমূহ বিলুপ্ত হৈ হৈছে।সেয়েহে পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰ আজিৰ তাৰিখত সবাতোকৈ জৰুৰী।গম নোপোৱাকৈয়ে বিপদাপন্ন হোৱা তথা নিঃশেষ হৈ যোৱা পৰিস্থিতি-তন্ত্ৰসমূহ পৃথিৱীৰ পক্ষ্যে এক বৃহৎ ক্ষতি।

শিয়ালৰ হোৱা আৰু বনকুকুৰাৰ ডাকত সাৰ পাই কোন?

         কোনো এক ভৌগলিক ক্ষেত্ৰৰ পৰিস্থিতি তন্ত্ৰৰ প্ৰাচুৰ্য্য বিচাৰি চকু ফুৰালে বিভিন্ন পৰিৱৰ্তন তথা বিবৰ্তন চকুত পৰে।আজিৰ পৰা কেইবাবছৰমান আগলৈকে আমি  গাওঁ গাওঁ গোন্ধোৱা এটা সেউজীয়া পৰিৱেশত বন-কুকুৰাৰ ডাক অথবা শিয়ালৰ হোৱা শুনি প্ৰতিটো প্ৰহৰৰ উমান পাইছিলো।নিৰ্মল অক্সিজেনৰ প্ৰদূষন মুক্ত এটি পৰিৱেশত বিনা দ্বিধাই উশাহ লৈছিলো।এই প্ৰাকৃতিক পৰিৱেশ সম্প্ৰতি বিলুপ্তপ্ৰায়!পৰিস্থিতি তন্ত্ৰৰ অন্যতম অংগ বনকুকুৰা অথবা শিয়ালো বিলুপ্তপ্ৰায়,শিয়ালৰ অনুকুল বাসস্থানো নোহোৱা হৈ পৰিছে।ই পৰিস্থিতি তন্ত্ৰৰ এক পৰিৱৰ্তন আৰু বিবৰ্তন প্ৰতিনিধিত্ব কৰে।পৰিস্থিতিতন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে  সমাজ ব্যৱস্থা এটাৰ গতি-প্ৰকৃতি গঢ় লৈ উঠে।পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিৱৰ্তনে পৰিস্থিতি তন্ত্ৰতো পৰিৱৰ্তন আনিছে।প্ৰাকৃতিক অথবা মানৱ সৃষ্ট যিকোনো কাৰণতে পৰিস্থিতি তন্ত্ৰৰ পৰিৱৰ্তন ঘটিব পাৰে।নৈ এখন,হাবি এখন,চোতালতে সদায় কিচিৰ-মিচিৰ কৰি থকা চৰাই কেইটা আমি গম নোপোৱাকৈয়ে নোহোৱা হৈ যায়।সাধাৰন অৰ্থত ইয়াকে এটা পৰিস্থিতি তন্ত্ৰৰ বিলুপ্তি ঘটা বুলি ক'ব পাৰি।প্ৰাকৃতিক পৰিৱেশৰ পৰা সামাজিক পৰিৱেশলৈকে পৰিস্থিতি তন্ত্ৰৰ বিলুপ্তিয়ে বিৰূপ প্ৰভাৱ পেলায়।উদাহৰণ স্বৰূপে এখন নদীৰ মৃত্যূয়ে পৰিস্থিতি তন্ত্ৰটোৰ বিলুপ্তি ঘটোৱাৰ লগতে নৈখনৰ লগত জড়িত আৰ্থ-সামাজিক প্ৰতিটো দিশতে প্ৰভাৱ পেলায়।আন্তঃসম্বন্ধ আৰু আন্তঃক্ৰিয়াৰে সংযুক্ত হৈ থকা এটা পৰিস্থিতি তন্ত্ৰই আন এখন ক্ষেত্ৰৰ পৰিস্থিতি তন্ত্ৰক প্ৰভাৱান্বিত কৰে।নৈ-খনৰ বিলুপ্ত হোৱা পৰিস্থিতি তন্ত্ৰই যিদৰে ইয়াৰ লগত জড়িত আৰ্থ-সামাজিক দিশত প্ৰভাৱ পেলাইছে একেদৰে ইয়াৰ পাৰতে থকা হাবি এখনতো ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱেই পৰিব।

        গোলকীয় পৰিৱেশৰ বেলিকাও একেই প্ৰসংগ।এখন দেশত বিলুপ্ত ঘটা একোটি পৰিস্থিতি তন্ত্ৰই সামগ্ৰিকভাৱে সমগ্ৰ পৃথিৱীখনতেই প্ৰভাৱ পেলায়! প্ৰাকৃতিক অথবা মানৱ-সৃষ্ট বহুতো কাৰকৰ ফলত পৃথিৱীৰ জলজ,স্থলজ,তুন্দ্ৰা,মৰু আদি প্ৰায় সকলো ক্ষেত্ৰৰে অলেখ পৰিস্থিতি তন্ত্ৰ বিপদাপন্ন অথবা চিৰদিনৰ কাৰণে হেৰায় গৈছে।অন্যান্য অভাৱ অথবা অৱক্ষয়ক লৈ সাধাৰন মানুহ যিমান সতকাই সৰৱ হোৱা দেখা যায়,পৰিস্থতি তন্ত্ৰ অথবা ইয়াৰ উপাদান সমূহৰ অৱক্ষয়ক লৈ সজাগ আৰু সচেতনৰ অভাৱ দেখা যায়।ই  পৰিৱেশ তথা পৃথিৱীৰ প্ৰতি এক প্ৰকাৰ প্ৰত্যাহ্বান।


পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰৰ চিন্তাঃ

                 ইচ্ছা শক্তিৰ যহতেই অৰণ্য মানৱ যাদৱ পায়েঙে শুকান বালিত অৰণ্য পাতি হাজাৰ হাজাৰ জীৱৰে একোটি চহকী পৰিস্থিতি তন্ত্ৰৰ জন্ম দিব পাৰিছে।মৰু-প্ৰধান বহুতো দেশে বিজ্ঞান-প্ৰযুক্তিৰ উচিত ব্যৱহাৰেৰে সেউজীয়া পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।শুকান বালিৰ পৰা এখন অৰণ্যলৈকে এই সুদীৰ্ঘ  পৰিক্ৰমাটি পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰৰ এক আৰ্হি হিচাপে গণ্য কৰিব পাৰি।এই আৰ্হিক ভিত্তি কৰি আমি ক'ব পাৰো যে হেৰায় যোৱা পৰিস্থিতি তন্ত্ৰ একোটাক পুনৰ জীয়াই তোলাটো নিশ্চিতভাৱেই সম্ভৱ !লাগে মাথো মানুহৰ ইচ্ছাশক্তি আৰু কৰ্ম-সংস্কৃতিৰ মনোভাৱ।

           বাস্তৱিকতেই বিজ্ঞান মানসিকতা সৃষ্টিত মানৱ জাতিৰ সকলো পৰিকল্পনা বুমেৰাং হৈ পৰে।মূখেৰে বিজ্ঞানৰ চৰ্চাৰ ফুলজাৰি আনহাতে বাস্তৱত অবৈজ্ঞানিক কৰ্ম-কাণ্ডই চকু কপালত তুলি আমাক সন্দিহান কৰি তোলে!"আমি মানুহ নে অমানুহ?" একেই কথা পৰিৱেশৰ ওপৰতো প্ৰযোজ্য।পাৰিৱেশিক অৱক্ষয়ৰ মূল কাৰণ হিচাপে মানুহৰ অবিবেচক কৰ্ম-কাণ্ডলৈকে আঙুলিয়াব পাৰি।মূখেৰে প্ৰকৃতি ৰক্ষাৰ জয়গান,আনহাতে হাতে-কামে প্ৰকৃতি ধ্বংসত সিদ্ধহস্ত।মানুহৰ খোজে প্ৰতি প্ৰদূষনৰ ধুম উঠে।তথাপি,নেতিবাচক দিশ সমূহৰ উচিত পৰ্য্যালোচনাৰে পৰিৱেশ পুনৰুদ্ধাৰৰ বাটত আগবাঢ়িব পাৰোহঁক।এই ক্ষেত্ৰত যুৱ-প্ৰজন্মই প্ৰধান ভূমিকা লোৱা উচিত।কিয়নো বিবৰ্তনৰ প্ৰগতিশীল বাটত যুৱ-চামৰ জ্ঞান আৰু দক্ষতা আনতকৈ বেছি।পৰিৱেশ আৰু পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰটো যুৱচামৰ অংশগ্ৰহন অতিকে জৰুৰী।

ইতিহাসে ৰিঙিয়াই

     গৌৰৱৰ কথা এয়ে যে ভাৰতীয় সামাজিক দৰ্শন আৰু মূল্যবোধ সদায় প্ৰকৃতিৰ পক্ষ্যত।ভাৰতীয় দৰ্শনে সদায় প্ৰকৃতিক ৰক্ষনা-বেক্ষনৰ কথা সোঁৱৰায়।বৃক্ষ-পূজন অথবা বিভিন্ন পশু-পক্ষীক উপাস্য দেৱতা হিচাপে গণ্য কৰা পৰিঘটনা ভাৰতীয় সমাজ ব্যৱস্থাতহে দেখা পৰিলক্ষিত হয়।অন্যান্য দেশত এই পৰম্পৰা বিৰল।আঁহত,জৰী,নিম,বেল-গছ ইত্যাদি উদ্ভিদক আমাৰ সমাজত আধ্যাত্মিক দৃষ্টিৰে চোৱা যায়।হাতীক দেৱতা হিচাপে গণ্য কৰা হয়;আনহাতে এই হাতীৰেই বাহন হিচাপে এন্দুৰৰ দৰে প্ৰাণীকো গুৰুত্ব সহকাৰে এক মৰ্যদা প্ৰদান কৰা হৈছে।ফেঁচা হৈছে দেৱী লক্ষ্মীৰ বাহন,ৰাজহংস দেৱী সৰস্বতীৰ বাহন।এনেদৰে প্ৰকৃতিক দেৱতূল্য হিচাপে তুলি ধৰাতো ভাৰতীয় দৰ্শনৰ অন্যতম দিশ।এই দৰ্শনে এয়ে প্ৰতিফলিত কৰে যে প্ৰকৃতিৰ উৰ্ধত একোৱে নাই।এনে বহুত উদাহৰণ আছে য'ত প্ৰকৃতিক সদায়ে আগত ৰখা হয়।প্ৰকৃতিক বিনষ্ট কৰাটো এক প্ৰকাৰ পাপ অথবা অপৰাধ হিচাপে গণ্য কৰা হয়।ভাৰতীয় দৰ্শনত সম্প্ৰতি স্খলনৰ আৱাহাৱা প্ৰকট হৈ উঠিছে,সেয়েহে যুৱ-প্ৰজন্মই এই মূল্যবোধ সমূহৰ পৰা বহু যোজন আঁতৰত অৱস্থান গ্ৰহন কৰিছে।যাৰফলত প্ৰকৃতিৰ প্ৰতিটো স্তৰতে বিনাশ হ'বলৈ ধৰিছে।এই দৰ্শনৰাজিৰ বিজ্ঞানসন্মত অধ্যয়নেৰে সমাজৰ প্ৰতি স্তৰৰ জনতাৰ মাজলৈ লৈ যাবলৈ যুৱচামে প্ৰচেষ্টা চলোৱা উচিত।বিজ্ঞানসন্মত অধ্যয়ন আৰু পুৰাতন আধ্যাত্মিকতাৰ মাধ্যমেদি সাধাৰন জনতাক প্ৰকৃতি ৰক্ষাৰ বাটত সজাগ আৰু সচেতন কৰি তুলিব পাৰিলেহে পৰিৱেশ ৰক্ষা পৰিব লগতে পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰ সম্ভৱ হৈ উঠিব।

   এই পুৰাতন পৰম্পৰাৰাজিয়ে এক চহকী পৰিস্থিতি তন্ত্ৰৰ সৈতে মানুহৰ বন্ধুত্বসুলভ সহৱস্থান নিৰ্ণয় কৰে।পৰিৱেশৰ সুস্থিৰতা ঘূৰাই আনিবলৈ এই পৰম্পৰাৰাজিৰ ব্যাপক অধ্যয়ন আৰু প্ৰচাৰৰ প্ৰয়োজন।যুৱচামে ইয়াৰ নেতৃত্ব বহন কৰা উচিত।

     

  

  অৰণ্য দানৱ বনাম অৰণ্য মানৱ

             অৰণ্যৰ প্ৰতি,প্ৰকৃতিৰ প্ৰতি ব্যৱহাৰিক অৰ্থত বিশেষকৈ অসমীয়া জনসাধাৰন সহনশীল।অসমীয়া মানুহ প্ৰকৃতিৰ সৈতে সহৱস্থানৰ এক অপূৰ্ব নিদৰ্শন। "আগলৈ উঠি অহা সৰু ল'ৰা-ছোৱালীয়ে গছপুলি কাটিব নাপায়","এক বৃক্ষ শত-পুত্ৰ" ইত্যাদি নানান বিশ্বাস আৰু প্ৰমূল্যই অসমীয়া সমাজখনত প্ৰকৃতিক সন্মান জনাই আহিছে।এই বিশ্বাসৰ পৰিপ্ৰেক্ষিপ্ততে এক সুস্থিৰ পৰিস্থিতি-তন্ত্ৰ বৰ্তি থাকে।আগলৈ উঠি অহা ল'ৰা-ছোৱালীক অসমীয়া সমাজত কেতিয়াও গছ কাটিবলৈ অনুমতি দিয়া নহয়।এই কাৰ্যক অনৈতিক আৰু অমানৱীয় হিচাপে গণ্য কৰা হয়।যদি গছ কাটে ই হ'ব এক প্ৰকাৰ পাপ অথবা দোষ।এজোপা গছক এশজন পুত্ৰৰ লগত তুলনা কৰা হয়।

       বিশ্বায়ন অথবা আধুনিকীকৰণৰ পাক্‌-চক্ৰত আমি শিপাৰ লগত বাৰুকৈয়ে  সম্পৰ্ক হেৰুৱাইছো।বিশেষকৈ  যুৱ-প্ৰজন্মই নিজৰ লোকাচাৰ-পৰম্পৰাৰ বাৰুকৈয়ে অনিহা প্ৰদৰ্শন কৰে।আমাৰ এই নিজস্ব লোকাচাৰ আৰু পৰম্পৰাত আছে বিজ্ঞানসন্মত প্ৰকৃতি ৰক্ষাৰ অমোঘ মন্ত্ৰ।এই দৰ্শন পুনঃউদ্ধাৰ কৰি আমাৰ দৈনন্দিন জীৱনৰ অংশ কৰি তুলিব পাৰিলেই প্ৰকৃতি পুনৰ জীঁ উঠিব।যুৱচামে এই পৰম্পৰাসমূহ পুনৰুজ্জীৱীত কৰাত আগ-ভাগ লোৱা উচিত।

             ভাৰতীয় তথা অসমীয়া দৰ্শনত কোৱা হয় যে "কৰ্মই ধৰ্ম আৰু উপদেশতকৈ আৰ্হি শ্ৰেয়।" প্ৰকৃতি ৰক্ষা তথা পৰিস্থিতি তন্ত্ৰৰ পুনঃউদ্ধাৰৰ স্বাৰ্থত নৱ-প্ৰজন্মই এই আপ্ত বাক্য সাৰোগত কৰা উচিত।কেৱল কথাৰ ফুলজাৰিৰে প্ৰকৃতি ৰক্ষাৰ কথা কৈ ফুৰিলেই ধ্বংস হোৱা প্ৰকৃতি জী নুঠে।তাৰবাবে লাগিব সৃষ্টিৰ প্ৰতি প্ৰকৃত কৰ্মস্পৃহা।আমাৰ সমাজত সকলোফালেই কেৱল প্ৰহসন।সেয়ে আজি প্ৰকৃতি মৃত্যূৰ গৰাহত।এই কথা বুজিবলৈ "স্বৰূপ" শীৰ্ষক এটি স্বৰচিত এশৰীয়া গল্পৰ উদ্ধৃতি দিয়া হ'লঃ

      

 "মহাবিদ্যালয়ত অনুষ্ঠিত পৰিৱেশ দিৱসৰ সজাগতামূলক সভাত বিশিষ্ট অথিতিৰ ভাষণ আগবঢ়াই অন্য এখন সভাত বক্তব্য ৰাখিবলৈ বুলি ততাতৈয়াকৈ গাড়ীখন উলিয়াই নিওতেই, ৰিক্সাৱালা এজনে ৰাস্তা পাৰ হোৱাৰ বাবে অকনমান সময় ৰৈ দিবলগা হোৱাত ৰিক্সাৱালাজনক উপৰ্যুপৰি গালিৰে পুতি থৈ ফোঁ-ফোৱাই গুছি যোৱা দেখিও খ্যাতনামা প্ৰকৃতিবিদ ড° বৈদেহী ঠাকুৰীয়াক মোৰ ক'বলৈ মন নগ'ল যে ৰিক্সাৱালাজনহে প্ৰকৃতিৰ  প্ৰকৃত ৰক্ষক;কিয়নো মোচোৰা সাপটোৰ দৰে কৰ্কশ ৰাস্তাটোৰ ওপৰত আৰু দৈত্যকায় অট্টালিকা কেইটাৰ ছাঁত প্ৰকৃতি বিষয়ক কথা একেবাৰেই অৰ্থহীন...!!"

   প্ৰকৃতি ৰক্ষাৰ কথাৰে ভাষন দিবলৈ সহজ।কাৰ্য্যতঃ সকলোফালে প্ৰকৃতি ধ্বংসৰহে আখৰা যেন লাগে।সেয়েহে এইয়া সময় সংশোধনৰ।এইয়া সময় কৰ্ম আৰু ব্যৱহাৰিক নিদৰ্শনৰ।মাছৰ তেলেৰে মাছ ভজা এচাম উচ্চ-শিক্ষিতই প্ৰকৃতিৰ কথা কৈ প্ৰকৃতিকে শোষণ কৰে।যুৱ-প্ৰজন্মই এই অপ-সংস্কৃতিৰ অৱসানত গুৰুত্ব আৰোপ কৰা উচিত। অৰণ্য মানৱ যাদৱ পায়েং,চিপ্‌কো আন্দোলনৰ হোতা সুন্দৰলাল বহুগুনা,হাড়গিলা সংৰক্ষনৰ হকে পূৰ্ণিমা দেৱী বৰ্মন ইত্যাদিৰ দৰে মহামানৱে অহোপুৰুষাৰ্থৰে প্ৰকৃতি ৰক্ষাৰ নিদৰ্শন দাঙি ধৰিছে।যুৱ-প্ৰজন্মই এইসকল পুৰোধাৰ আদৰ্শ লোৱা উচিত।য'ত থাকিব প্ৰকৃত পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ উদ্ধাৰৰ প্ৰচেষ্টা।

ঘৰে-বাৰীয়ে...

         পূৰ্বতেই উল্লেখ কৰা হৈছে পৰিৱেশৰ গুনাগুন নিৰ্ভৰ কৰে মানুহৰ দৈনন্দিন জীৱন-যাত্ৰাৰ ওপৰত।প্ৰকৃতিৰ লগত সহৱস্থান কৰি চলিব পাৰিলেই প্ৰতিটো পৰিস্থিতি তন্ত্ৰ সুৰক্ষিত হৈ থাকিব।উদাহৰন হিচাপে অসমীয়া মানুহৰ জীৱন ধাৰনৰ প্ৰণালীকে ল'ব পাৰি।সেয়েহে ঘৰে-বাৰীয়ে প্ৰসংগৰ অৱতাৰনা কৰা হৈছে।পৰম্পৰাগত এখন অসমীয়া ঘৰ বুলিলে ঘৰ এখনৰ লগতে  বাৰী এখনেৰে সৈতে ডাঙৰ চৌহদ এটা মনলৈ আহে।দুশাৰী তামোলৰে এটি দীঘল পদূলি,তামোল গছত টোকোৰা চৰাইৰ বাঁহ,দুজোপা নাৰিকলত শালিকী চৰাইৰ কল্‌কলনি,পুখুৰী এটা,গোহালীৰ চালত ঘৰচিৰিকা,ঢাপৰ জোপোহাত কিচিৰ-মিচিৰ বুলবুলি চৰাইৰ জাক,বাৰী চুকৰ বাহনিত অঘাইটং কেৰ্কেটুৱা কেইটা....ইত্যাদি ইত্যাদি নজনাকৈয়ে প্ৰতিঘৰ অসমীয়া মানুহে এখন সেউজীয়া পৃথিৱী জীয়াই ৰাখিছিল।নানান কাৰনবশতঃ এই ছবিসমূহ সম্প্ৰতি লোপ পাইছে।লগতে নোহোৱা হৈ গৈছে চহকী পৰিস্থিতি তন্ত্ৰসমূহ।এই পৰম্পৰাসমূহ পুনৰুদ্ধাৰ কৰি প্ৰাত্যাহিকতাৰ অংগ কৰি তোলাটো যুৱ প্ৰজন্মৰ কৰনীয় হোৱা উচিত।এনে কৰিলে স্বতঃস্ফূৰ্তভাৱে পৰিস্থিতি তন্ত্ৰসমূহ সুস্থিৰ হৈ থাকিব।

          অন্যহাতেদি,কৃষি-কৰ্মই পৰিস্থিতি তন্ত্ৰৰ সুস্থিৰতাত বিশেষ ভূমিকা পালন কৰে।অসমীয়া মানুহে বাৰীৰ পৰা পথাৰলৈকে কৃষিৰ এক বৃহৎ প্ৰতিমান বহন কৰে।যাৰফলত পৰিৱেশৰ ভাৰাসাম্য অটুত থাকে।বৰ্তমান সময়ত যুৱচামে কৃষিৰ প্ৰতি অনিহা প্ৰদৰ্শন কৰা দেখা যায় লগতে কৃষিৰউৎপাদন কাৰ্য্যত অত্যাধিক ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰো পৰিলক্ষিত হৈছে ,যি পৰিস্থিতি তন্ত্ৰৰ প্ৰতি ভাবুকিহে আনিছে।সেয়েহে জৈৱিক আৰু প্ৰকৃতিৰ প্ৰতি সহনশীল উপায়েৰে কৃষি-বিপ্লৱৰ সূচনাইয়ো পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰত সহায়ক হ'ব।যুৱ-প্ৰজন্মই ইয়াৰ গুৰি ধৰা উচিত।আৰ্থ- সামাজিক দিশৰ লগতে পৰিৱেশৰ সুৰক্ষাৰ স্বাৰ্থত যুৱ-প্ৰজন্মই পূৰ্বৰ সহৱস্থানৰ পৰম্পৰা সমূহ ঘূৰাই আনিব পাৰিব লাগিব।কৃষি-কাৰ্য্যৰ দৰে পৰিৱেশৰ অনুকুল কামসমূহ সুলভ কৰি তুলিব লাগিব।


প্ৰদূষন,প্লাষ্টিক ৰোধ আৰু যুৱচামৰ কৰনীয়...

             উন্নয়ন আৰু বিকাশৰ পথত আগবাঢ়িবলৈ যাওঁতে প্ৰাকৃতিক অৱক্ষয়ো আমি মুৰ পাতি ল'বলগীয়া হয়।ই এক স্বাভাৱিক পৰিঘটনা বুলিয়ো অভিহিত কৰিব পাৰি।আধুনিকীকৰণ তথা বিজ্ঞান-প্ৰযুক্তিৰ সমান্তৰালভাৱে প্ৰদূষন কু-প্ৰভাৱ এক বৃহৎ সমস্যা।যাৰফলত পৃথিৱী নামৰ গ্ৰহটো সংকটৰ গৰাহত।প্ৰদূষন ৰোধ কৰাটো যুৱ-প্ৰজন্মৰ প্ৰধান দায়িত্ব হোৱা উচিত।প্ৰদূষন মুক্ত পৃথিৱী এখনতহে পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰৰ চিন্তা সম্ভৱ।

             গোলকীকৰণ আৰু আধুনীকীকৰণে আনি দিয়া যান্ত্ৰিক গতানুগতিকতা প্ৰাকৃতিক পৰিৱেশৰ তথা এক সুস্থিৰ পৰিস্থিতি তন্ত্ৰৰ পৰিপন্থী।এজন মানুহে নিজৰ দৈনন্দিন জীৱনৰ কাম-কাজ সমূহ পৰিৱেশৰ অনুকুলে গঢ়ি তুলিব নোৱাৰিলে প্ৰকৃতি ৰক্ষাৰ জয়গান বৃথা।

     উদাহৰণ স্বৰূপে আমি প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগিব।জৈৱক পদ্ধতিৰে নিৰ্মিত সামগ্ৰীৰ সুলভ ব্যৱহাৰৰ পৰম্পৰা একোটি গঢ়ি তুলিব লাগিব।বিজ্ঞান প্ৰযুক্তিৰ উচিত প্ৰয়োগেৰে জৈৱিক দ্ৰব্যৰ উদ্ভাৱন আৰু উৎপাদনত গুৰুত্ব আৰোপ কৰিব লাগিব।যুৱ-প্ৰজন্মই এই সমূহ কাৰ্য্যপন্থা সৃষ্টিত আগভাগ লোৱা উচিত।পাৰিপাৰ্শ্বিক দিশৰ লগতে জৈৱিক সামগ্ৰীৰ ব্যৱহাৰে আৰ্থ-সামাজিক দিশৰ বহনক্ষমতা ৰক্ষাত সহায়ক হয়।

 গজি উঠক অজস্ৰ মোলাই কাঠনি

      প্ৰকৃতি ৰক্ষাৰ নাটক বহুত হ'ল।গছ পুলি ৰোপনৰ নামত গছপুলিৰ হত্যাও সাম্প্ৰতিক সময়ৰ এক ফেশ্বন বুলিব পাৰি।প্ৰকৃতাৰ্থত পৰিস্থিতি তন্ত্ৰৰ উদ্ধাৰৰ পথত আগবাঢ়িবলৈ হ'লে আমি কৰ্ম সংস্কৃতিৰ জন্ম দিবই লাগিব।কেৱল আনুষ্ঠানিকতাৰ নামত গছপুলি ৰুই পৰিৱেশ ৰক্ষা কৰাটো অসম্ভৱ।ৰাজনৈতিক পাক্‌চক্ৰ অথবা ব্যক্তিগত মুনাফা লাভৰ প্ৰচেষ্টাৰ উৰ্দ্ধত গৈ পৰিৱেশৰ কথা নাভাবিলে পৃথিৱী নামৰ গ্ৰহটি বৰ্তি নাথাকিব।সেয়েহে বাস্তৱ জীৱনত হাজাৰখন মোলাই কাঠনি সৃষ্টিৰ বাবে দেহে-কেহে চেষ্টা চলোৱাটো সকলোৰে দায়বদ্ধতা হোৱা উচিত।

বহনক্ষম বিকাশৰ ধাৰনা

              সাম্প্ৰতিক সময়ত মানৱজাতিৰ অভাৱৰ লগতে প্ৰয়োজনো অধিক।অধাব উপভোগৰ উচ্চাকাংক্ষাৰ ফলত প্ৰাকৃতিক সম্পদৰাজিৰ দ্ৰুতগতিত হ্ৰাস পাই আহিছে।এনে প্ৰক্ষাপটত উন্নয়ন আৰু বিকাশৰ ধাৰনা বহনক্ষম হোৱা উচিত।প্ৰাকৃতিক ভাৰাসাম্য ৰক্ষা কৰি ভৱিষ্যৎ প্ৰজন্মৰ উপভোগত হানি নোহোৱাকৈ বৰ্তমানৰ উৎপাদন কাৰ্য্যত সম্পদৰ ব্যৱহাৰ সীমিত হোৱা উচিত।প্ৰাকৃতিক সম্পদৰ বিকল্প দ্ৰব্যৰ উদ্ভাৱনেও পৰিৱেশ তথা পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা অটুত ৰাখিব।

             মানুহ জীৱশ্ৰেষ্ঠ।এয়া সভ্যতাৰ অন্তিম স্তৰ।অথচ হতাশাজনকভাৱে মানুহ পৃথিৱীৰ বাবে আতংকসদৃশ হৈ পৰিছে।আন জীৱসমূহে মানুহৰ সন্মুখত নিৰাপত্তাহীনতাত ভূগিছে অথবা মানুহেও দানৱীয় কামেৰে অন্যান্য জীৱকুলৰ ওপৰত শোষন চলাই গৈছে।তথাপি,জীৱশ্ৰেষ্ঠৰ বিশেষনটি বহুতো মানূহে জীয়াই ৰাখি পৰিৱেশৰ ৰক্ষনাবেক্ষনৰ স্বাৰ্থত অহৰ্নিশে কাম কৰি গৈছে।যুৱ-প্ৰজন্ম সমাজৰ ৰাজহাড়স্বৰূপ।প্ৰকৃতি তথা পৰিস্থিতিতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থতো যুৱচামে যৎপৰোনাস্তি প্ৰচেষ্টা চলোৱা উচিত।

            জীয়াই থকাৰ অধিকাৰ সকলো জীৱৰে আছে।মানুহে নিজৰ ক্ষুদ্ৰতা বোধগম্য কৰা উচিত।দৈনন্দিন জীৱন যাত্ৰা প্ৰকৃতিৰ অনুকুলে তৈয়াৰ কৰা উচিত,য'ত পৰস্পৰে পৰস্পৰৰ বাবে সকাহ থৈ থাকিব পাৰে।

         ________________×_____________

জ্ঞানদীপ শইকীয়া,মাজুলী।

Comments

Popular posts from this blog

নিবন্ধ

নিবন্ধ

কবিতা