ছাত্ৰ-ৰাজনীতি

কাৰ দখলত ব্যয়বহুল ছাত্ৰ-ৰাজনীতি? 
         
            সাম্প্ৰতিক সময়ত অসমৰ ছাত্ৰ-ৰাজনীতিৰ গতি-প্ৰকৃতি সন্তোষজনক নহয়।ই এক বেচিজিল ৰাজনৈতিক প্ৰক্ৰিয়াৰ দিশেহে গতি কৰিছে যেন বোধ হয়।মৃল্যবোধ আৰু নৈতিকতাৰ পৰা ফালৰি কাটি কেৱল ভোট আৰু ক্ষমতাৰ লাভৰ প্ৰচেষ্টাতেই সকলো সীমাবদ্ধ। ছাত্ৰ ৰাজনীতিৰ মুল ইছ্যু কি হোৱা উচিত?এচাম শিক্ষিত ভোটাৰে কি ভাবি ভোটদান কৰা উচিত?এটা নতুন ৰাজনৈতিক ধাৰাৰ সৃষ্টিৰে পৰম্পৰাগত ছাত্ৰ-ৰাজনীতি পৰিৱৰ্তন হ'ব নোৱাৰেনে?এখন বিশ্ববিদ্যালয় অথবা এখন মহাবিদ্যালয়ৰ এশ শতাংশই শিক্ষিত ভোটাৰক ভোট খুজিবলৈ কিয় ব্যয়বহুল নিৰ্বাচনী প্ৰচাৰৰ প্ৰয়োজন হয়?সীমিত পৰিসৰ আৰু শতকৰা এশভাগেই শিক্ষিত বিবেকবান ভোটাৰৰ মাজত এটা এবছৰীয়া কাৰ্য্যকালৰ বাবে অনুষ্ঠিত হোৱা এটা নিৰ্বাচনতেই যদি ধনবলৰ আধিপত্য চলিব পাৰে তথা শিক্ষিত ভোটাৰসকলেই যদি ধনবল-ৰাজনীতিৰ চাহিদা সৃষ্টি কৰিব পাৰে বাকী গণতান্ত্ৰিক নিৰ্বাচন সমূহলৈ বাকী থাকিল কি?বৰ্তমানৰ ছাত্ৰ-ৰাজনীতিয়ে নতুনৰ গতি খেদিবলৈ সক্ষম হোৱা নাই।ভোটাৰ সজাগতা যে আজি ধোঁৱা-চাঙত উঠিছে অসমৰ ছাত্ৰ- ৰাজনীতিৰ সাম্প্ৰতিক গতি-প্ৰকৃতি লক্ষ্য কৰিলেই বুজিব পাৰি।সস্তীয়া আৱেগ ,উপঢৌকন, ব্যয়বহুল সাংস্কৃতিক নিৰ্বাচনী প্ৰচাৰ, প্ৰতিনিধিৰ জনপ্ৰিয়তাৰ মেৰপেছত বিবেকবান ভোটৰ ছন্দ-পতন ঘটে।এচাম শিক্ষিত ভোটাৰে এটা সুস্থ ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰি বিবেকৱান ভোটেৰে প্ৰতিনিধি নিৰ্বাচন কৰিব নোৱাৰাটো অতিশয় হতাশাজনক কথা।যি সময়ত ছাত্ৰ-সমাজে নতুন চিন্তাৰ বাট কাটিব পাৰিব লাগিছিল সেইসময়তে আকৌ শাসকীয় দলকে প্ৰমূখ্য কৰি বিভিন্ন ৰাজনৈতিক দলৰ অনুগত বেনাৰৰ তলত ৰৈ, সেইসমূহ দলতেই পুনৰ সৰনাপন্নহে হোৱা দেখা গৈছে।য'ত নাথাকে নিৰ্বাচিত ছাত্ৰ-প্ৰতিনিধিৰ নিজস্বতাবোধ।বেনাৰ-প্ৰাপ্ত দল-সংগঠনৰ বিবেচনাতেই উঠা-বহা কৰিবলৈ বাধ্য হৈ পৰে।যাৰফলত স্থৱিৰ হৈ পৰিছে নতুন চিন্তা আৰু চেতনাৰ গতি। এজন ছাত্ৰ-প্ৰতিনিধিৰ নিৰ্বাচন প্ৰক্ৰিয়াতেই যদি ভোটাৰৰ বিবেক আৰু প্ৰতিনিধিৰ যোগ্যতাই স্থান নাপায়,তেনে প্ৰেক্ষাপটত অন্যান্য নিৰ্বাচন সমূহত অশিক্ষিত আৰু অনাখৰী ভোটাৰৰ পৰা বিবেকৱান ভোটৰ আশা কৰিব পাৰিনে?নৃত্য-গীতৰ সাংস্কৃতিক নিৰ্বাচনী প্ৰচাৰে ৰাজনৈতিক চেতনাক প্ৰহসন কৰি পেলাইছে।বৰ্তমান অসমৰ ৰাজনৈতিক আৱা-হাৱা অসম আৰু অসমীয়াৰ পক্ষে সন্তোষজনক নহয়।কি পৰিস্থিতিত কি ভাবি ভোটাৰে প্ৰাৰ্থী জয়ী কৰাব সেই বিচাৰ আৰু চিন্তা ভোটাৰৰ পৰা কাঢ়ি লোৱা হৈছে।ভাৰতত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বহু পূৰ্বেই অসমত প্ৰচলিত আছিল যে ৰাইজে নখ জোকাৰিলে নৈ বয় আৰু ৰাইজেই ৰজা,অৰ্থাৎ ৰাজনৈতিক ব্যৱস্থাটোত জনসাধাৰণৰ ধ্যান-ধাৰনাক উচিত মৰ্য্যদা দিয়া হৈছিল।এতিয়াৰ কথা সুকীয়া।নৃত্য-গীতত আপোন-পাহৰা হৈ বিগত চৰকাৰৰ সফলতা-বিফলতাৰ হিচাপ লোৱাৰ সক্ষমতা গৰিষ্ঠ সংখ্যক ভোটাৰৰে নাই।ভোট কিয় দিব?জুবিন গাৰ্গৰ কণ্ঠত নিৰ্বাচনী গীত।গতিকে জুবিন গাৰ্গে যাৰ নাম চিঞৰিছে আমিও সেইজনকেই ভোট দিম। ফেচবুক পেজত আটকধুনীয়া নিৰ্বাচনী প্ৰচাৰ, লগতেছাত্ৰজন দেখিবলৈ ধুনীয়া অথবা ভালদৰে গান গাব পাৰে,বিনাদ্বিধাই তেওঁকেই মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ ক্ষমতা দিয়া হওঁক।ধোঁৱা-চাঙত উঠিছে ভোটাৰ সজাগতা।ছাত্ৰ-ৰাজনীতিত অসচেতন ভোটাৰে সমগ্ৰ ৰাজনৈতিক প্ৰক্ৰিয়াটোকে বিকৃত কৰিছে।ছাত্ৰ-ৰাজনীতিত পুঁজিবাদী প্ৰচাৰে ৰাজনৈতিক ক্ষমতা ধনীক শ্ৰেণীৰ হাততে কেন্দ্ৰীভূত কৰিছে।অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰৰ বাবে ৰাজনীতিত ভৰি থোৱাটো আকাশ কুসুম কথা। এই পৰম্পৰাৰ অৱসান ঘটাতো অতিকে জৰুৰী। __________×__________ জ্ঞানদীপ শইকীয়া

Comments

Popular posts from this blog

নিবন্ধ

নিবন্ধ

কবিতা