নীলাখামৰ চিঠি

 মৰমৰ

       অনুৰাধা

          প্ৰাৰম্ভতে মৰম যাঁচিলো।পুৰাতন পৃথিৱী এখন খুটিয়াই চোৱাৰ সময় এইয়া।চৌদিশে নিজক লুটিয়াই চাই শিপা আৰু সত্যৰ লগত সংপৃক্ত হোৱাৰ আহ্বান !গতানুগতিক খবৰত তই কুশলে থাক,মইয়ো তৰিৎ গতিত পঠিয়াই দিওঁ সুখৰ খবৰ,দুখৰ খবৰ।হোৱাট্‌চ এপৰ ৰঙীন বাৰ্তাত চুমুক মাৰি প্ৰতিনিয়ত আমাৰ সুখী হোৱাৰ প্ৰাত্যাহিক কছৰৎ। অথচ ৰৈ যায় ৰাধা,বুকুত গোট মাৰে  বেচিজিল আমেজবোৰ।গতানুগতিকতাত নি:স্ব হয় অন্তৰৰ আহ্বান!ব্যস্ততাৰ নিগনি দৌৰত গম নোপোৱাকৈয়ে আৰম্ভ হয় হৃদয়ৰ অসুখ।তথাপি মোবাইল ষ্ক্ৰীণৰ ডিজিটেল ভাষাই কঢ়িয়াব পাৰে জানো অকৃত্ৰিম আন্তৰিকতাৰে অতবোৰ কথা?সেয়ে বহু...ত দিনৰ মুৰত লিখিবলৈ লৈছো নোকোৱা কথাৰ কঁপনিত শিহৰিত হোৱা,ডিজিটেল শব্দই বহন কৰিব নোৱাৰা অনুভৰ দলিল।মই ভালেই আছো...।

    তলাবন্ধৰ আওঁতাতে বহাগৰ বাটত জাকি মাৰি ফুলিল শুকুলা বন নহৰুৰ ফুল।কেতকী চৰাইৰ কপহুৱা মাতত বসন্ত আহিল।তলাবন্ধৰ আপাহতে ছেগ বুজি তয়ো বহুদিনৰ মুৰত তাঁতৰ পাটত বহিলি।এৰা,ইচ্ছা কৰিলে কনমানি মহুৰা এটিতে আঁকি পেলাব পাৰি সমস্ত সপোনবোৰ।তথাপি,ইনবক্সত ভাঁহি অহা জাপিফুলৰ গামোচাই কঢ়িয়াই আনিব পাৰে জানো শালেকটা আশীসুতাৰ বসন্ত বসন্ত গোন্ধ!তেনেকৈয়ে আজাৰৰ বেঙুনীয়াত বগুৱা বাই গুচি যাবলৈকে ওলাল এইবেলিৰ  বহাগ।যদিও আপাততঃ উৰুঙা যেন লাগিল এই বহাগ,তই শুনিছিলিনে জাকৰুৱা পখীৰ কাকলি এইবাৰ বাৰুকৈয়ে বাঢ়িছিল।

    ইমান উদাস!অচিন আক্ষেপত যেন কোঙা হৈ যাওঁ।এইবেলি তই নাই কাষত।কি জান,বৈ যোৱা নদীৰ সেউজীয়া ঘাটত বহি খুটিয়াই চাব পাৰি,নোকোৱা কথাৰ কঁপনিত ঠেহলগা কলিজাৰ হাজাৰটা গল্প।চকুত চকু থৈ পঢ়ি পেলাব শব্দহীনতাৰ হাজাৰটা আবেলি।এই পৃথিৱী বন্ধ।কিন্তু মুকলি বতাহত খুলি থ'ব পাৰি বেপেৰুৱা কলিজাৰ কপাট।দূৰৈত থাকিলেও আক্ষেপ নাই আমাৰ।কিয়নো বিশ্বাসৰ শৃংখল সাঁজি  তই থৈ দিব জান "আমি" হোৱাৰ সপোনবোৰ।

      পৰম্পৰাগত সাজ-পাৰ প্ৰতিযোগিতাৰ ফটোখনত আন্ধাৰৰঙী কাপোৰসাজেৰে তই ভৰুণ হৈ পৰিছিলি।মোৰ এনে লাগে,আধুনিকতাৰ বিঢৌত উটি যাব খোজা সিহতজাকৰ আবুৰতাখিনিয়ে তোৰ দেহত যেন প্ৰাণটাকি খামুচি ধৰিব খুজিছিল !তথাপি লাইক্‌,কমেণ্ট আৰু শ্বেয়াৰৰ বেপেৰুৱা বজাৰত কোন হেৰাই যায়,কোন ৰৈ যায় একো ঠিকনা নাই।মহামাৰীয়েও আমাৰ মানসিকতা সলাব নোৱাৰিলে!দুটিমান লাইক্‌ বেছি হ'লেই জানো কোনোবা বেছিকৈ চৌখিন হৈ উঠিব পাৰে? অথবা  দুটিমান শ্বেয়াৰত ভেঁজা দি কিয় যে পিন্ধি ল'ব খোজে শ্ৰেষ্ঠত্বৰ শিলুৱা পোছাক।

    শাওনলে হয়তো তলাবন্ধ নাথাকিবগৈ।যোৱাবাৰৰ দৰে এইবাৰো ভূই ৰুবলৈ যাবি নিশ্চয়??এৰা,বোকা মাটিৰ নিভাঁজ সুবাসত বিলিন হোৱাইতো চহা জীৱনৰ মাদকতা।কেঁচা নিয়ৰত সদ্যস্নাতা পথাৰখনেইতো মানুহৰ প্ৰথম প্ৰেম।

      চৌদিশে নিৰাশাৰ অৱগুণ্ঠন!টকাত গজা আনন্দই দিশহাৰা কৰে প্ৰাকৃতিক সময়বোৰ।ভেলেণ্টাইন ডে'ৰ সপ্তাহজোৰা উছাহ্‌ত নোহোৱা হয় ৰঙা ৰুমালৰ ভাঁজত জিলিকি থকা আলফুলকৈ অন্তৰতম হেঁপাহবোৰ।হেৰাই যায় মৰমৰ দীঘ দি চেনেহৰ বাণিৰে বোৱা পুৰাতন আদৰবোৰ।উজুহাত কেৱল আধুনিকতা আৰু যন্ত্ৰবৎ সময়ৰ গতি।

      গাওঁ কি চহৰ সকলোতে যেন প্ৰেম,ভালপোৱা এই সকলোবোৰ বস্তুবাদী হৈ পৰিছে।স্বাৰ্থ এটাৰ আৱেষ্টনীত সোমাই আমি মোট সলাইছো কেৱল নিজৰ প্ৰয়োজনত।পিন্ধি লৈছো চলনাৰ একো-একোটা সাঁজ।আধুনিকতা তথা অতি-ব্যস্ততাৰ গইনা লৈ চাব নজনা হৈছো ধূনীয়া পৃথিৱীখনৰ হেঙুলীয়া ৰং।এইয়া,বৰষাৰ উমান দি প্ৰথমজাক বৰষুণ সৰিছে আমাৰ একো খেয়াল নাই।এঙেৰুৱা ডাৱৰত ৰঙা ৰং ছটিয়াই কৃষ্ণচূড়া ফুলিছে ,আমি মনেই কৰা নাই।

    চাচোন,যাৰ নাম ধৰি চকুৰ আগতে নিকটতম বন্ধুৱে চুইচাইদ নোটত লিখিব পাৰে জীৱনৰ ঠিকনা;সেইয়া জানো প্ৰেম?প্ৰেমিকৰ ফৰমাইচ পুৰাব নোৱাৰি সিদিনা মৰি গ'ল,এগৰাকী উদীয়মান কণ্ঠ-শিল্পী!তাত জানো এজন প্ৰেমিক আছিল অথবা প্ৰেমৰ জীৱনমূখী লেশমান পোহৰ??ক্ষণভংগুৰ সুখত এয়া কেবল অবাট যাত্ৰা,তাৰোপৰি গৰিষ্ঠ সংখ্যকেই নিয়ন্ত্ৰণহীন সময়ৰ কঠুৱা গতিত দিকভ্ৰান্ত। ভাইৰেল হয় অশ্লীল অন্তৰংগতা, 'গোপন' নামৰ কথোপকথন।তথাপি এই ভুলৰ নামত হাবু-ডুবু খাই উতনূৱা হয় এটা প্ৰজন্ম।

     ৰাধা,তথাপি ভালপোৱাৰ ডঁৰিয়লিত জীৱনৰ ৰঙ সদায় সেউজীয়া।সেয়েহে ক'ব পাৰো, "এদিন কাৰ বাবে বজাৰ সামৰি উভটি আহিবলৈ মই উচপিচাই থাকিম /কাৰ মেলা চুলিৰ আন্ধাৰত লুকুৱাম মোৰ মূখ../কাৰ ডিঙি আৰু বুকুৰ ওপচা শস্য-ভূমিত মই শিশুৰ দৰে শুই থাকিম../কাৰ সূৰ্য্যবৰণ ওঠত মই গলি যাম../কাৰ গালৰ তিলত ভূনভূনাই পৰি থাকিম গোটেই দুপৰ...।"

   বস্তবাদী বজাৰত সকলো টকাৰ খেল।সীমাহীন আস্থাত কাৰ কান্ধত পেলাই দিব পাৰি ভাৰাক্ৰান্ত শিৰ?তই সলনি হৈ নাযাবি কালৰ গতিত।আশ্বাসৰ শীতল ছাঁত বুৰাই ৰাখিব পৰাকৈ কুশলে ৰাখিবি প্ৰাৰ্থনাৰ পৃথিৱী।য'ত আকুলতাৰে মই উদ্‌যাপন কৰিব পাৰো জীয়াই থকাৰ আনন্দ।

     বুকুত গোটমৰা অলেখ কথাৰ এইয়া কিয়দাংশহে মাথো।বাকী,আমাৰ দৰে সৰু মানুহৰ সৰু পৃথিৱীখনৰ পৰিধি নিচেই তাকৰ,তলাবন্ধই ব্যক্তিগতভাৱে ইমানো আহুকাল দিয়া নাই।সামাজিক দুৰত্ব বজাই যিমান পাৰো কৰি যাবলৈ চেষ্টা কৰিছো।

      শেষত অনুৰাধা শৰ্মা পূজাৰীৰ ভাষাতেই আকৌ কও,"তুমি মাথো দি যোৱা তোমাৰ বিশ্বাস,সংকটকালত খামুচি ধৰিম তোমাক...।"

       আজিলৈ সামৰো।খেয়াল ৰাখিবি নিজৰ।   


                           প্ৰান্তত

                           তোৰ ৰু...


[বি:দ্ৰ: মই পিন্ধি ল'ব খোজো তোৰ নামত এমুঠি উশাহ,বিশ্বাসৰ দিগন্তত হেৰাই যাব নোখোজা এটি নদীয়াল বাট...]

________________________*____________________

জ্ঞানদীপ শইকীয়া

Comments

Popular posts from this blog

নিবন্ধ

নিবন্ধ

কবিতা