বৈজ্ঞানিক চিন্তা।
বৈজ্ঞানিক মানসিকতাৰ গুৰুত্বঃএক আলোকপাত
"সমাজে সাবতিব মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ
জিলিকাব লুইতৰে পাৰ...."
"বিজ্ঞান আদিমত সত্য।বিজ্ঞান সভ্যতাৰ নৈসৰ্গিক গল্প।বিজ্ঞানে জোঁৱাৰ আনে।মানুহ আৰু বিজ্ঞানে মিতিৰালি কৰি ন-দিগন্তৰ সূচনা কৰে.......।"
এইয়া বিজ্ঞানৰ যুগ।বিজ্ঞান তথা বৈজ্ঞানিক চিন্তাৰ আঁত ধৰিয়ে সৃষ্টি হৈছে জীৱশ্ৰেষ্ঠৰ বৈচিত্ৰময় সভ্যতা।প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়নে সমাজৰ প্ৰতিটো স্তৰতে কোবাই গৈছে।মহাকাশত বসতি পতাৰ কথা চিন্তা কৰি অথবা হাতৰ মুঠিতে পৃথিৱীখন লৈ আমি সকলোৱে উপভোগ কৰিছো বিজ্ঞানৰ চুড়ান্ততম আৰ্শীবাদ।যান্ত্ৰিক সভ্যতাৰ চমকনিত জীৱ-শ্ৰেষ্ঠৰ গৌৰৱেৰে মহীয়ান হৈছে মানৱ জাতি।অথচ চৌদিশে দানৱীয় কাৰ্য-ক্ৰমনিকা,প্ৰকৃতিৰ প্ৰতি মানুহৰ ধ্বংস-যজ্ঞ,অভিশাপ ৰূপে থিয় দিছে বিজ্ঞানৰ সকলো অৱদান!।প্ৰশ্ন ৰৈ যায়।মানুহৰ পশ্চাদ্গামী কাৰ্য্য-কলাপে ভাবিবলৈ বাধ্য কৰায়।বিজ্ঞানৰ ধাম্খুমীয়াত অবৈজ্ঞানিক কৰ্মৰ নিদৰ্শনে জীৱশ্ৰেষ্ঠৰ
বিশেষণত চেকা লগায়।"আমি মানুহ নে অমানুহ?" বিজ্ঞানৰ চৰম শিখৰত ৰৈয়ো চৌদিশে আজি জীৱশ্ৰেষ্ঠৰ দানৱীয় কাৰ্য্য-কলাপৰ উজান উঠিছে।বিজ্ঞানৰ চৰম সীমাত উপনীত হৈয়ো বৈজ্ঞানিক মানসিকতাৰ অভাৱে সমাজৰ পশ্চাদ্গামী গতিত দুগুণে শক্তি দিছে।সেয়েহে আজিৰ তাৰিখত সমাজৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হৈছে "মানুহৰ বৈজ্ঞানিক মানসিকতা।"
বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰে কোনো বস্তু বা ঘটনা বিচাৰ বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়েই হ’ল বৈজ্ঞানিক মানসিকতা। বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’বলৈ উচ্চ ডিগ্রীধাৰী হোৱাৰ প্ৰয়োজন নাই। বিজ্ঞানৰ উচ্চ ডিগ্রীধাৰী হলেও কোনো লোকৰ বৈজ্ঞানিক মানসিকতা নাথাকিব পাৰে আৰু তেওঁ পৰম্পৰাত বিশ্বাসী আৰু অন্ধবিশ্বাসী হ’ব পাৰে। সমাজৰ নিৰক্ষৰ চহা লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’ব পাৰে।আনুষ্ঠানিক শিক্ষাৰ লগত বৈজ্ঞানিক মানসিকতাৰ সম্পৰ্ক নাথাকিবও পাৰে।আজিৰ সমাজত আটাইতকৈ প্ৰয়োজনীয় দিশটোৱে হ'ল মানৱ জাতিৰ বৈজ্ঞানিক মানসিকতাৰ উন্মেষ ঘটোৱা।
সাম্প্ৰতিক সমাজৰ গতি-প্ৰকৃতিলৈ লক্ষ্য কৰিলে নানান অবৈজ্ঞানিক ছবি চকুত পৰে।জীৱশ্ৰেষ্ঠৰ বিশেষণেৰে সভ্যতা সৃষ্টি কৰিলেও মানুহ পৃথিৱীৰ পক্ষে প্ৰধান আতংক।
আন্ধাৰ ছবিঃ১
বাৰটা মাহত তেৰটা উৎসৱ।কভিদ-১৯ৰ প্ৰৱল প্ৰাদুৰ্ভাৱৰ মাজতে অনুষ্ঠিত হৈছে কুম্ভ-মেলা।কভিদ-১৯ৰ গণ সংক্ৰমনে প্ৰাণ লৈছে সহস্ৰাধিকৰ.....!জীৱশ্ৰেষ্ঠৰ নাই জনস্বাস্থ্যৰ প্ৰতি সচেতনতা।মাস্ক,সামাজিক দুৰত্ব অথবা চেনিটাইজাৰৰ পৰা বহু আতৰত অৱস্থান লৈছে মানৱ জাতিয়ে।এজনৰ অৱহেলা আৰু অসচেতনতাই প্ৰাণ লৈছে সহস্ৰাধিকৰ।ফলশ্ৰুতিত মহামাৰীৰ ওচৰত সকলো বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য।দুৰ্গা মা শক্তিৰ প্ৰতীক।হাজাৰ-বিজাৰ হাঁহ-পাৰ-ছাগলী আনি বলি দিয়া হৈছে দূৰ্গা মাৰ পূজাত।ভয়াবহ খাদ্য সংকট আৰু দৰিদ্ৰতাৰ মাজতো শিৱ-লিংগত গাখীৰৰ নৈ বোৱাই দিছে ঈশ্বৰৰ সন্ধানত।প্ৰাণহীণ মূৰ্তিত পূজা দি মানৱৰ ভিৰ,তেনেতে পূজাৰ ভিৰৰ মাজতে উদ্ধাৰ হৈছে এজনী ধৰ্ষিতা কিশোৰীৰ মৃতদেহ!
আন্ধাৰ ছবিঃ২
বিষাক্ত চুলাই খাই মৰি গৈছে দুখন গাঁৱৰ জনতা।সাপে খোটা মানুহ এজনক লৈ "বেজ" "বেজ" বুলি দৌৰিছে এজাক আধুনিক মানুহ।ডাইনী সন্দেহত হানি-খুচি মাৰি পেলোৱা হৈছে এহাল দম্পতীক।ফেচবুকত লাইভ হৈছে সেই হত্যাৰ দৃশ্য।হাতত স্মাৰ্টফোন তথা আধুনিক বিশ্ব,কামত ডাইনী হত্যা।এয়াই আজিৰ আধুনিক বিশ্বৰ আধুনিক মানৱ।
আন্ধাৰ ছবিঃ৩
এইয়া একবিংশ শতিকা।ভাৰতবৰ্ষই চেৰ পেলাইছে আমেৰিকা যুক্ত ৰাষ্ট্ৰক।মংগলায়ন অথবা চন্দ্ৰায়নৰ দৰ্পদপনি।তেনেতে ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰীৰ কাতৰ আহ্বান,"স্বচ্ছ ভাৰত অভিযান সফল কৰক,ডাষ্টবিন ব্যৱহাৰ কৰক,শৌচালয় ব্যৱহাৰ কৰক,চাফা হৈ থাকক,স্বচ্ছতাৰ কথা শিকক।"
এই সকলোবোৰ এখন আন্ধাৰ পৃথিৱীৰ কিয়দাংশহে মাথো।জীৱশ্ৰেষ্ঠ হোৱাৰ যেন দানবীয় প্ৰতিফলন।বৈজ্ঞানিক চিন্তাৰ ধামখুমীয়াই এই আন্ধাৰ-পৃথিৱীক চুব পৰা নাই।ইয়াৰ কাৰণ কাৰ্য্য সম্পৰ্ক বিশ্লেষণ কৰিবলৈ আমি ফহিয়াব লাগিব বহুতো দিশ।দেখা যায় যে সৰ্বস্তৰৰ জনতাৰ মাজত প্ৰকৃত বিজ্ঞান শিক্ষাৰ বাৰুকৈয়ে অভাৱ।কেৱল নম্বৰমূখী আৰু চাকৰি কেন্দ্ৰিক শিক্ষাতে সকলো সীমবদ্ধ।নাই কোনো কল্যাণকামী আদৰ্শ,নাই কোনো মানৱহিতৈষী মানসিকতা।সেয়েহে বৈজ্ঞানিক মানসিকতাৰ অভাৱে বৰ্তমানৰ সমাজখনক বহুযোজন পিছুৱাই নিছে।এই অনগ্ৰৰসতা ৰুধিবলৈ প্ৰয়োজন হৈছে বৈজ্ঞানিক মানসিকা সৃষ্টিৰ!
অন্ধ-বিশ্বাস,কু-সংস্কাৰ,বৈজ্ঞানিক মানসিকতাৰ গুৰুত্বঃ
সমাজৰৰ গৰিষ্ঠসংখ্যক মানুহ অন্ধবিশ্বাস, অন্ধসংস্কাৰ তথা কুসংস্কাৰ, ধৰ্মান্ধতা আদিৰপৰা এতিয়াও মুক্ত হ'ব পৰা নাই। আজিও ডাইনী হত্যা, ধৰ্মৰ নামত নৰবলি আৰু প্ৰাণীহত্যা, ভ্ৰান্ত ধাৰণাৰ বাবে গঁড়,সাপ ইত্যাদি প্ৰাণীৰ হত্যাকে ধৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ,কন্যা শিশু হত্যা, বেজালি আৰু মন্ত্ৰ-জৰা-ফুঁকা, ধৰ্মৰ অচিলা লৈ অমুলক কাম, জন-প্ৰৱঞ্চনা আৰু ব্যৱসায়-দুৰ্নীতি, ফেংচুই গণনা আদি এশ-এবুৰি কু-কৰ্মকাণ্ড চলি থকাটোৱে বৈজ্ঞানিক মানসিকতাৰ প্ৰতি চৰম প্ৰত্যাহ্বান আৰু শোচনীয় অৱস্থাৰ কথাকেই সূচায়। আভিধানিক অৰ্থৰপৰা চাবলৈ গ'লে, যুক্তিহীন বা ভিত্তিহীন বিশ্বাসেই হ'ল অন্ধবিশ্বাস, আৰু অন্ধবিশ্বাস জড়িত হৈ থকা নীতি-নিয়ম বা আচাৰ-অনুষ্ঠানেই হ'ল অন্ধসংস্কাৰ বা কুসংস্কাৰ। উদাহৰণস্বৰূপে, বসন্ত বা আই ওলোৱা এবিধ ভাইৰাছজনিত ৰোগ। কিন্তু, আমাৰ সমাজত বসন্ত ওলালে 'আই'ৰ আৱিৰ্ভাৱ হোৱা বুলি আইক সন্তুষ্ট কৰিবলৈ বিভিন্ন আচাৰ-অনুষ্ঠান পতা হয়। সেইদৰে, পুত্ৰ সন্তান লাভৰ বাবে সত্যনাৰায়ণ পূজা পতা, গৰ্ভস্থ সন্তানৰ লিংগ পৰিৱৰ্তন কামনা কৰি পূজা-পাতল কৰা, শৰাই-শলিতা দিয়া আদি অন্ধবিশ্বাসযুক্ত কুসংস্কাৰ। প্ৰেতাত্মা থকা বুলি কৰা অন্ধবিশ্বাসৰ বাবেই মৃতকৰ শ্ৰাদ্ধাদি (প্ৰেতকৰ্ম) পতা হয়।শিৱৰ লিংগত গাখীৰ ঢালি মনোকামনা পূৰণৰ প্ৰচেষ্টাক কু-সংস্কাৰ বুলিব পাৰি।সমাজৰ সকলো দিশতে এই কু-সংস্কাৰ সমূহৰ অৱস্থিতিয়ে সামাজিক সংৰচনাত কেকোঁৰা চেপা দি আছে।সেয়েহে প্ৰকৃত তথা গুণগত শিক্ষাৰে বৈজ্ঞানিক শিক্ষাৰ অভ্যূত্থান ঘটাব পাৰিলেহে সমাজে পোহৰৰ মুখ দেখিব।
জাতিভেদ প্ৰথা,বৰ্ণ বৈষম্য ইত্যাদি ব্যাধিবোৰ ভাৰতীয় সমাজৰ প্ৰধান শত্ৰু।বৈজ্ঞানিক মানসিকতাৰ অভাৱেই ইয়াৰ মুল কাৰণ।এচাম মানুহক অস্পৃশ্য জ্ঞান কৰি সামাজিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰা ঘটনাই বৈজ্ঞানিক চিন্তাৰ অভাৱকে সূচায়।
সংস্কৃতিৰ পশ্চাৎবৰ্তিতা আৰু বৈজ্ঞানিক মানসিকতাৰ গুৰুত্বঃ
বৈজ্ঞানিক চিন্তাৰ অভাৱে সাংস্কৃতিক পশ্চাৎগামীতাৰ জন্ম দিয়ে।মানুহ সামাজিক প্ৰাণী।সামাজিক চিন্তাৰ উৎকৰ্ষসাধনেহে সমাজৰ উন্নতিত সহায়ক হ'ব।বৈজ্ঞানিক চিন্তাৰে সামাজিক দিশ সমূহ সংস্কাৰ সাধন কৰাটো অতিকে জৰুৰী।প্ৰাথমিক পৰ্য্যায়ত মানুহক প্ৰয়োজন বিজ্ঞান-সন্মত সামাজিক জ্ঞান।
সংস্কৃতিৰ দুটা দিশ থাকে।এটা বস্তুবাদী,আনটো অবস্তুবাদী।মানুহে ব্যৱহাৰ কৰা সকলোবোৰ দৃশ্যমান আৰু স্পৰ্শ কৰিব পৰা উপাদানেই বস্তুবাদী সংস্কৃতি।যিবোৰ দৃশ্যমান নহয় আৰু চুব নোৱাৰি সেয়াই অবস্তুবাদী সংস্কৃতি।মানুহৰ চিন্তা-চৰ্চা,বিশ্বাস,ব্যৱহাৰিক দৰ্শন আদিবোৰ অবস্তুবাদী সংস্কৃতিৰ উদাহৰণ।বস্তুবাদৰ ধাৰনা অহাৰ আগতে মানুহে নানান অবস্তুবাদী সংস্কৃতিৰ ওপৰত ভিত্তি কৰি চলিছিল।বৰ্তমানৰ সমাজখনৰ যি বস্তুবাদী উন্নয়ন,সেয়াও অবস্তুবাদী সংস্কৃতিৰ কৰ্ষনৰ ফচল।মানুহৰ চিন্তা,বিশ্বাস আদিৰ ওপৰতে সমাজখন চলি আছে।কিন্তু এই যি বস্তুবাদ আৰু অবস্তুবাদৰ কথা কোৱা হৈছে,অসমীয়া তথা ভাৰতীয় সমাজখনত উভয় সংস্কৃতিৰ মাজত এক দুৰত্ব দেখা যায়।সমাজ তথা সংস্কৃতিৰ বস্তুবাদী দিশটো অবস্তুবাদী দিশতকৈ বহুদূৰ আগবাঢ়ি যায়।অবস্তুবাদী দিশটোৰ গতি অতি মন্থৰ,নতুবা একেটা ৰূপতে থাকি যায়।ধৰাহ'ল ২০০১ চনত এজন মানুহে এটা কেঁচাঘৰত বাস কৰিছিল আৰু দুৰ্গাপূজাত জীৱ-জন্তু বলি দিছিল।২০২০ চনত মানুহ জনৰ কেঁচাঘৰটো এটা পকী আৰু ডিজিটেল বাসগৃহলৈ পৰিৱৰ্তন হ'ল,আকৌ ২০০১ চনৰ দৰেই ২০২১ চনটো দূৰ্গা পূজাত জীৱ-জন্তু বলি দিবলৈ গৈছে।এইক্ষেত্ৰত সংস্কৃতিৰ বস্তুবাদী দিশটোৰ আমুল পৰিৱৰ্তন হৈছে।বলি দিয়াৰ লগত জড়িত বিশ্বাসখিনি তথা সংস্কৃতিৰ অবস্তুবাদী দিশটো একেই থাকিল।এই স্থিতিস্থাপকতা আৰু পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰত এটা তফাৎ আহি পৰিছে।বস্তুবাদী দিশটো আগুৱাই গৈছে।অবস্তুবাদী দিশটো পিছপৰি ৰৈছে।বাসগৃহৰ ডিজিটেলাইজেচনৰ লগতে চিন্তা আৰু বিশ্বাসত পৰিৱৰ্তন অহাতো জৰুৰী নহয়নে?নিশ্চয় হয়।কিন্তু আমাৰ সমাজ ব্যৱস্থাৰ ই এটা প্ৰধান আসোঁৱাহ আৰু মনস্তাত্বিক সমস্যা।আমি গম নোপোৱাকৈয়ে সকলো ইয়াৰ বলি হৈছো।বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ ফলতে এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হৈছে।
সমাজ বিজ্ঞানী অগবাৰ্ণে সংস্কৃতিৰ এই প্ৰাৰ্থক্যক অবস্তুবাদী সংস্কৃতিৰ পশ্চাৎবৰ্তিতা বুলি অভিহিত কৰিছে।একেদৰে পৰিতাপৰ কথা এইয়ে যে আজিৰ যুগতো ভীৰ-হত্যা,গোষ্ঠী-সংঘৰ্ষ,সাম্প্ৰদায়িকতাবাদ,জাতিবাদ,ধৰ্মীয় অশান্তি আদি অলেখ কাম-কাজত আজিৰ মানৱ সমাজ জড়িত।বাহ্যিক আৱৰণত নুতন যুগৰ বৈজ্ঞানিক চিন্তাৰ আধুনিক মানুহ যেন লাগিলেও চিন্তা-ধাৰাত প্ৰাচীন সুৰ।যাৰফলত সমাজত স্থিতাৱস্থাই দেখা দিছে। এই পশ্চাৎৱৰ্তিতা দূৰীকৰণত প্ৰকৃত আৰু গুণগত বিজ্ঞান শিক্ষাইহে মূখ্য ভূমিকা ল'ব পাৰিব।অন্যথা নতুন বটলত পুৰনি সুৰাৰ দৰে চিন্তাই বৈজ্ঞানিক মানসিকতাৰ ক্ৰমবিকাশত আউল লগাব।
প্ৰাত্যাহিক জীৱনত বৈজ্ঞানিক মানসিকতাৰ গুৰুত্বঃ
অপ্ৰিয় হলেও সত্য এয়ে যে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি চোৱা যায় এমুঠিমান মানুহহে প্ৰকৃত বিজ্ঞান শিক্ষাৰ পোহৰ পাইছে।নহলেনো স্বয়ং প্ৰধানমন্ত্ৰীয়ে হাতত ঝাৰু লৈ স্বচ্ছতাৰ কথা ক'ব লাগেনে?পৰিৱেশ সজাগতা অথবা ৰক্ষাৰ ফালে দেখা যায় আমি সকলোৱে কেৱল জ্ঞানী মূৰ্খৰ ভূমিকাহে পালন কৰিছো।যিহেতু আমি সকলো পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল গতিকে বিজ্ঞান সন্মতভাৱে সকলো পৰিৱেশৰ প্ৰতি সদা-সচেতন হোৱা জৰুৰী। উদাহৰণ স্বৰূপে কৃষিখণ্ডলৈকে চোৱা যাওক।কৃষি-কাৰ্য পৰিৱেশৰ লগত ওতঃপোতঃভাৱে জড়িত।কৃষি খণ্ডত বৈজ্ঞানিক চিন্তাৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হয়।পৰম্পৰাগত কৃষিপদ্ধতিকে অৱলম্বন কৰি কৃষি কাৰ্যত জধে-মঅে অত্যাধিক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত পৰিৱেশ বিনষ্ট হোৱা দেখা যায়।এইক্ষেত্ৰত বৈজ্ঞানিক শিক্ষাৰ নিশ্চয়কৈ প্ৰয়োজন আছে।
ইতিহাসৰ দুৱাৰেদি বৈজ্ঞানিক মানসিকতাৰ জিলিঙনিঃ
ভাৰতবৰ্ষ এখন সভ্য দেশ।বৈজ্ঞানিক চিন্তা আৰু চেতনাত ভেজা দি এই দেশৰ সভ্যতা সৃষ্টি হৈছে।অংকশাস্ত্ৰৰ পৰা চিকিৎসাবিজ্ঞানলৈকে সকলো ক্ষেত্ৰতে ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা ভাৰতবৰ্ষই বিশ্ববাসীলৈ বহুতো অৱদান আগবঢ়াইছে।সকলোফালেই ভাৰতীয়ৰ বৈজ্ঞানিক চিন্তাৰ ফচল।মানুহৰ দৈনন্দিন জীৱন-যাত্ৰাৰ মাপ-কাঠি আধ্যাত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত।কি খাব,কি কৰিব অথবা পৃথিৱীৰ প্ৰতি মানুহৰ দৃষ্টিভংগী কেনেকুৱা হোৱা উচিত এই সকলোবোৰ বৈজ্ঞানিক ভাৱধাৰা আগত ৰাখি ভাৰতীয় দৰ্শনে দেখুৱাই গৈছে।অথচ বৰ্তমানৰ ভাৰতীয় সমাজখনত অবৈজ্ঞানিক চিন্তা আৰু কামে ৰঘূমলাৰ দৰে ছানি ধৰিছে।নিজৰ শিপাৰ পৰা আতৰি আহি সকলো যেন উৎশৃংখল হৈ পৰিছে।৷ ভাৰতীয় দর্শনে তাহানি কালৰ পৰাই নৈতিক শিক্ষাক উপেক্ষা সদায় আগস্থান দি আহিছে৷ নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ মাজেদিহে ভাৰতৰ দৰে ৰাষ্ট্ৰৰ সমাজত বিজ্ঞান শিক্ষা সম্ভৱ। বিদ্যালয়ত আধ্যাত্মিকতাৰ পাঠ্যগত প্রৱেশে ছাত্র–ছাত্রীসকলক সৰুৰে পৰাই অহিংসা, সদাচাৰ, সহনশীলতা, নম্রতা আদি গুণৰ বিকাশ ঘটাই তেওঁলোকক সুন্দৰ সমাজৰ একো একোজন সদস্য হ’বলৈ প্রস্তুত কৰে৷ প্রেম, শান্তি, দয়া, কৰুণাৰ দৰে স্বর্গীয় গুণৰ বিকাশ ঘটাব পাৰিলে স্বার্থপৰতাৰ বিপৰীতে পৰোপকাৰৰ গুণেৰে সমৃদ্ধ মানৱীয় পৃথিৱীখন আমি লাভ কৰিম বুলি নিশ্চিত৷এনে এটা সুস্থ সামাজিক পৰিৱেশত বৈজ্ঞানিক মানসিকতাই আপোনা-আপুনি গা কৰি উঠিব।
বিশেষকৈ সামাজিক পৰিৱেশত বাৰুকৈয়ে লোপ পাইছে বৈজ্ঞানিক চেতনা।নানান অপৰাধ প্ৰৱণতা,অসামাজিক কাম-কাজে বৈজ্ঞানিক মানসিকতাৰ অভাৱকেই প্ৰতিফলিত কৰে।এনে সময়তে আজিৰ সমাজত এক বৈজ্ঞানিক মানসিকতাৰ খুবেই প্ৰয়োজন।আধ্যাত্মিকতা মানসিক স্বাস্থ্যৰ বাবে অতিকে গুৰুত্বপূৰ্ণ।বৈজ্ঞানিক চেতনাৰ ভিত্তিত ভাৰতীয় সমাজৰ আধ্যাত্মিকতাবাদ প্ৰতিষ্ঠিত।সামাজিক মনঃস্তত্বক আধ্যাত্মিকতাবাদে নিয়ন্ত্ৰণ কৰে।সম্প্ৰতি সমাজৰ পৰা এই আধ্যাত্মিক পৰম্পৰা সমূহ নোহোৱা হৈ পৰিছে।মানুহ আধ্যাত্মিকতাৰ পৰা আতৰি আহিছে।ফলশ্ৰুতিত বৃদ্ধি পাইছে অসামাজিক কাম আৰু চিন্তাৰ পৰিমাণ।সেয়েহে প্ৰকৃত বৈজ্ঞানসিকতাৰ প্ৰয়োজন আহি পৰিছে।
প্ৰকৃতিৰ প্ৰতি বৈজ্ঞানিক মানসিকতাঃ
মানুহৰ মাজত অবৈজ্ঞানিক কৰ্ম-কাণ্ডৰ প্ৰাদুৰ্ভাৱে আটাইতকৈ বেছি ক্ষতি কৰিছে প্ৰাকৃতিক পৰিৱেশক।দিনকদিনে বৃদ্ধি পোৱা প্ৰদূষণ,প্লাষ্টিকৰ পৰিমানে হাজাৰ বিজাৰ পৰিস্থিতি তন্ত্ৰক বিলুপ্তিৰ পথলৈ ঠেলি দিছে।বৈজ্ঞানিক চিন্তাৰ গুৰুত্ব আটাতকৈ বেছি গুৰুত্বপূৰ্ণ পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত।জৈৱিক কৃষি কাৰ্য,প্লাষ্টিক তথা প্ৰদূষণৰ পৰিমান হ্ৰাস,বনধ্বংস তথা বন্য-প্ৰাণী নিধন আদি অপ-কৰ্মৰ মূলতে মানুহৰ মাজত সচেতনতা আৰু সজাগতাৰ অভাৱ।সেয়ে এক বহনক্ষম পৰিৱেশৰ বাটত আগবাঢ়িবলৈ আমাক লাগিব বিজ্ঞানসন্মত চিন্তা।দেখা যায় যে মুখেৰে বিজ্ঞানৰ জয়গান গাই হাতে-কামে অবৈজ্ঞানিক কামৰহে নমুনা দাঙি ধৰে সমাজৰ একাংশ লোকে।বিজ্ঞান শিক্ষা এক প্ৰকাৰ প্ৰহসন হৈ পৰে।সেয়েহে কামৰ বেলিকাও আমাৰ বিজ্ঞানসন্মত আদৱ-কায়দাৰ নিতান্তই প্ৰয়োজন।এই কথা অনুধাৱন কৰিবলৈ "স্বৰূপ" শীৰ্ষক এটি স্বৰচিত এশৰীয়া গল্প উল্লেখ কৰা হ'লঃ
"মহাবিদ্যালয়ত অনুষ্ঠিত পৰিৱেশ দিৱসৰ সজাগতামূলক সভাত বিশিষ্ট অথিতিৰ ভাষণ আগবঢ়াই অন্য এখন সভাত বক্তব্য ৰাখিবলৈ বুলি ততাতৈয়াকৈ গাড়ীখন উলিয়াই নিওতেই, ৰিক্সাৱালা এজনে ৰাস্তা পাৰ হোৱাৰ বাবে অকনমান সময় ৰৈ দিবলগা হোৱাত ৰিক্সাৱালাজনক উপৰ্যুপৰি গালিৰে পুতি থৈ ফোঁ-ফোৱাই গুছি যোৱা দেখিও খ্যাতনামা প্ৰকৃতিবিদ ড° বৈদেহী ঠাকুৰীয়াক মোৰ ক'বলৈ মন নগ'ল যে ৰিক্সাৱালাজনহে প্ৰকৃতিৰ প্ৰকৃত ৰক্ষক;কিয়নো মোচোৰা সাপটোৰ দৰে কৰ্কশ ৰাস্তাটোৰ ওপৰত আৰু দৈত্যকায় অট্টালিকা কেইটাৰ ছাঁত প্ৰকৃতি বিষয়ক কথা একেবাৰেই অৰ্থহীন...!!"
বিজ্ঞান জগতত নানান গৱেষণা আদি কৰিও অবৈজ্ঞানিক চিন্তাত লুটুৰি-পুতুৰি অগনন মানুহ আমাৰ চাৰিওফালে বিৰাজমান।খোদ বনবিষয়াই বন-ধ্বংসত লিপ্ত হয়।নৈতিকতাৰ অভাৱে সামাজিকভাৱে বিজ্ঞানসন্মত চিন্তাৰ অভাৱকে নিৰ্ণয় কৰে।
প্ৰকৃত অৰ্থত আমাৰ মানসিকতা বৈজ্ঞানিক চিন্তাৰে পুষ্ট হ'বলৈ সামগ্ৰিকভাৱে আমি সকলোৱে মানুহ হোৱাৰ বাটত আগুৱাব লাগিব।
সামাজিক বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ গুৰুত্বঃ
মানুহ সামাজিক প্ৰাণী।সকলোবোৰ মানৱ সমাজৰ লগতে জড়িত আৰু সামাজিক অৱস্থাটোক উলাই কৰি একোৱে সম্ভৱ নহয়।সেয়েহে সামাজিকভাৱে সকলো দিশতে বৈজ্ঞানিক চিন্তাৰ উপস্থিতি নিতান্তই প্ৰয়োজন।সমাজৰ এক অংগ হিচাপে প্ৰতিজন মানুহৰেই আচৰণ বিজ্ঞানসন্মত হোৱা উচিত,শুই উঠাৰ পৰা ৰাতি শোৱালৈকে দৈনন্দিন পৰিক্ৰমাত মানুহ সকলোৰে প্ৰতি দায়বদ্ধ হৈ সৎ পথেৰে আগুৱাই যোৱা উচিত।
"সমাজে সাৱতিব মহান মানৱতা/বিজ্ঞানে আনিব জোঁৱাৰ...!" মানৱীয় প্ৰমূল্য প্ৰতিষ্ঠা হ'লে স্বতস্ফূৰ্তভাৱেই বিজ্ঞান চিন্তা আৰু বৈজ্ঞানিক মানসিকতাৰ অভ্যূত্থান ঘটিব।
বিজ্ঞান সত্য আৰু সাৰ্বজনীন।এটি বৈজ্ঞানিক মানসিকতা সবাতোকৈ সুন্দৰ।সেয়েহে বৰ্তমান সমাজত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় অংগ হৈছেঃবৈজ্ঞানিক মানসিকতাৰ বিকাশ আৰু উত্তৰণ.....।
______________×______________
জ্ঞানদীপ শইকীয়া,
স্নাতকোত্তৰ ৪ৰ্থ ষান্মাসিক,অৰ্থনীতি বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
Comments
Post a Comment